ETV Bharat / bharat

কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত ৩ সেনা জোৱান আহত : নিহত ১ সন্ত্ৰাসবাদী - JK terrorist attack

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 12:19 PM IST

Encounter In Kupwara : শনিবাৰে পুৱাতে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ ভয়ংকৰ গুলীচালনাৰ সাক্ষী হয় উত্তৰ কাশ্মীৰৰ কুপৱাৰা । এই ঘটনাত কমেও ৩ গৰাকী সেনা জোৱান আহত হোৱাৰ বিপৰীতে এতিয়ালৈকে এজন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে ।

Encounter In Kupwara
টহল দি থকা অৱস্থাত সেনা জোৱান (ETV Bharat)

নিউজ ডেস্ক, ২৭ জুলাই : শনিবাৰে পুৱা জম্মু-কাশ্মীৰৰ কুপৱাৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় ভয়ংকৰ গুলীয়াগুলীৰ ঘটনা । এই ঘটনাত অতি কমেও তিনিগৰাকী সেনা জোৱান আহত হয় । বিগত তিনি দিনত জিলাখনত সংঘটিত এইটো হৈছে দ্বিতীয়টো সংঘৰ্ষৰ ঘটনা ।

নিৰাপত্তা বাহিনীয়ে চলোৱা সন্ত্ৰাসবাদবিৰোধী অভিযানৰ সময়ত ট্ৰেহগাম অঞ্চলৰ মাচিল ছেক্টৰৰ কুমকাদি পোষ্টত গুলীচালনাৰ সূত্ৰপাত হয় । অঞ্চলটোত সম্ভাৱ্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বিষয়ে তথ্য লাভৰ পিচত নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে সন্দেহযুক্ত সন্ত্ৰাসবাদীক অনুসৰণ কৰিবলৈ এক অনুসন্ধান অভিযান আৰম্ভ কৰে ।

এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে, নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযানৰ সময়ত কুমকাদি চকীৰ ওচৰত সন্ত্ৰাসবাদীৰ গতিবিধি ধৰা পেলায় । "নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী দলটোক প্ৰত্যাহ্বান জনোৱাৰ সময়ত তেওঁলোকে গুলীচালনা কৰে । যাৰ ফলত প্ৰতিশোধমূলক ব্যৱস্থা হিচাপে নিৰাপত্তাৰক্ষীয়ে গুলীচালনা কৰে ।" বিষয়াগৰাকীয়ে কয় ।

তেওঁ লগতে কয় যে এতিয়ালৈকে এজন সন্ত্ৰাসবাদী নিহত হৈছে আৰু কমেও তিনিগৰাকী সেনা জোৱান আহত হৈছে । গুলীবৰ্ষণ অব্যাহত আছে আৰু আহত জোৱানসকলক নিকটতম চিকিৎসা কেন্দ্ৰলৈ স্থানান্তৰ কৰা হৈছে ।

উল্লেখ্য যে যোৱা বুধবাৰে কুপৱাৰাত নিশাজুৰি সংঘটিত সংঘৰ্ষত এজন সন্ত্ৰাসবাদী আৰু ভাৰতীয় সেনাৰ এগৰাকী নন-কমিছনড বিষয়া (non-commissioned officer, NCO) নিহত হয় । উত্তৰ কাশ্মীৰত এই ঘটনাটো জম্মুৰ সীমান্ত অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ আৰু গুলীয়াগুলীৰ দুটা ঘটনাৰ মাজতে সংঘটিত হৈছে । আনহাতে, ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা এনে এক গুলীচালনাত জম্মুৰ ডোডাত এগৰাকী কেপ্টেইনসহ চাৰিগৰাকী সেনা জোৱান নিহত হয় ।

উল্লেখ্য যে এই সন্ত্ৰাসবাদী কাৰ্যকলাপৰ মাজতে শুকুৰবাৰে ড্ৰাছত উদযাপন কৰা হয় কাৰ্গিল বিজয় দিৱস । এই দিৱসত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

লগতে পঢ়ক :কাৰ্গিল যুদ্ধৰ শ্বহীদক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ: শ্বিনকুন লা-টানেল প্ৰকল্পৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ - Kargil Vijay Diwas 2024
লগতে পঢ়ক :কাৰ্গিল বিজয় দিৱসত লাডাখৰ পৰা পাকিস্তানক কঠোৰ সকীয়নি প্ৰধানমন্ত্ৰী মোদীৰ - PM MODI ON KARGIL VIJAY DIWAS

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.