ETV Bharat / bharat

JEE এডভান্স 2024 ৰ ফলাফল ঘোষণা; সাধাৰণ শ্ৰেণীৰ কাট অফ ২৩ নম্বৰ বৃদ্ধি - JEE Advanced 2024 Results

JEE Advanced 2024 Results Analysis: জে ই ই এডভান্সৰ পৰা JoSAA কাউন্সেলিঙৰ বাবে যোগ্য ঘোষণা কৰা সাধাৰণ শ্ৰেণীৰ কাট অফ ২৩ নম্বৰ বৃদ্ধি পাইছে । ইয়াৰ পিচতো যোগ্য ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । ২০২৩ চনত ৪২৭৬৯ জন ছাত্ৰ-ছাত্ৰীয়ে (২৩.৮১%) যোগ্যতা অৰ্জন কৰিছিল, আনহাতে জে ই ই এডভান্সড ২০২৪ চনত ২৬.৭৭ শতাংশ অৰ্থাৎ ৪৮২৪৮ জন ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতা অৰ্জন কৰিছে । এইবাৰ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জনৰ কাট অফ বৃদ্ধি পোৱাৰ লগে লগে প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে ।

JEE Advanced 2024 Result Analysis
JEE Advanced 2024 Results (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jun 9, 2024, 6:53 PM IST

Updated : Jun 9, 2024, 7:03 PM IST

নিউজ ডেস্ক, ৯ জুন: দেশৰ আটাইতকৈ ডাঙৰ অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা, যুটীয়া প্ৰৱেশ পৰীক্ষা এডভান্স ২০২৪ (JEE ADVANCED ২০২৪)ৰ ফলাফল প্ৰকাশ । ১,৮০,২০০ প্ৰাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হয় । প্ৰাৰ্থীসকলে JEE Advanced ৰ অফিচিয়েল ৱেবছাইটত গৈ ফলাফল চাব পাৰিব ।

এই ফলাফলৰ জৰিয়তে যুটীয়া আসন আৱণ্টন কৰ্তৃপক্ষৰ (JoSAA) কাউন্সেলিঙে প্ৰায় ৪৮,২৪৮ গৰাকী প্ৰাৰ্থীক যোগ্য বুলি ঘোষণা কৰিছে । এই আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে দেশৰ ২৩ খন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি)ৰ ১৭৫০০ আসনৰ কাউন্সেলিঙৰ বাবে যোগ্য বিবেচিত হৈছে ।

লগতে পঢ়ক: নীট পৰীক্ষাৰ ফলাফল ঘোষণা : সাধাৰণ পৰীক্ষাৰ্থীৰ কাট অব ২৭ পইণ্টলৈ বৃদ্ধি - NTA RELEASED RESULT OF NEET UG 2024

কোটাৰ শিক্ষা বিশেষজ্ঞ দেৱ শৰ্মাই কয় যে আই আই টি মাদ্ৰাজে পূৰ্বতে ঘোষণা কৰা সময়সূচী অনুসৰি দেওবাৰে পুৱা ১০ বজাত জে ই ই এডভান্সড ২০২৪ৰ ফলাফল ঘোষণা কৰে । জে ই ই এডভান্সৰ পৰা JoSAA কাউন্সেলিঙৰ বাবে যোগ্য ঘোষণা কৰা সাধাৰণ শাখাৰ বাবে কাট অফ ২৩ নম্বৰ বৃদ্ধি পাইছে ।

ইয়াৰ পিচতো যোগ্যতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে । যোৱা বছৰ ২০২৩ চনত ১,৭৯,৬২৬ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ ইয়াৰে ৪২,৭৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে যোগ্যতা অৰ্জন কৰিছিল । এই ফলাফলত উত্তীৰ্ণৰ হাৰ আছিল ২৩.৮১ ৷ আনহাতে জেইই এডভান্সড ২০২৪ ৰ পৰীক্ষাত ১,৮০,২০০ পৰীক্ষাৰ্থী ৱতীৰ্ণ হৈছিল, ইয়াৰে ২৬.৭৭ শতাংশ ৪৮,২৪৮ গৰাকীয়ে যোগ্যতা অৰ্জন কৰিছে ।

লগতে পঢ়ক: কিছুমান বিষয় ৰাজনীতিৰ উৰ্ধত: বহুতৰ বাবে আজি আজমল বিজয়ী - NEET ২০২৪ results

প্ৰথমবাৰৰ বাবে এনেকুৱা হৈছে ফলাফল: যোৱা বছৰৰ তুলনাত এইবাৰ ৪,৪৭৯ জন অধিক প্ৰাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে । এনে পৰিস্থিতিত এইবাৰ যে পৰীক্ষাৰ্থীয়ে প্ৰস্তুতিৰে পৰীক্ষা দিছে সেয়া স্পষ্ট হৈ পৰিছে । যোৱা ৬ বছৰত এইবাৰ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জনৰ কাট অফ বৃদ্ধি হোৱাৰ লগে লগে প্ৰাৰ্থীৰ সংখ্যাও বৃদ্ধি পাইছে । আনহাতে ইয়াৰ আগতে যেতিয়া যোগ্যতা অৰ্জন কৰা কাট অফ হ্ৰাস কৰা হৈছিল তেতিয়াহে যোগ্যতাসম্পন্ন ছাত্ৰ-ছাত্ৰীৰ শতকৰা হাৰ বৃদ্ধি পাইছিল ।

ছাত্ৰীয়ে গঢ়িলে অভিলেখ: দেৱ শৰ্মাই কয় যে শীৰ্ষস্থানৰ ভিতৰত লাভ কৰি দ্বীজা পেটেলে অভিলেখ গঢ়িছে, যিয়ে এতিয়ালৈকে শীৰ্ষস্থান লাভ কৰা ছাত্ৰীৰ ভিতৰত সৰ্বাধিক নম্বৰ পোৱা ছাত্ৰী হিচাপে পৰিগণিত হৈছে । যোৱা তিনি বছৰত শীৰ্ষ ১০ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ছাত্ৰী অন্তৰ্ভুক্ত কৰা হোৱা নাছিল যদিও দ্বিজা পেটেলে সৰ্বভাৰতীয় পৰ্যায়ত সপ্তম স্থান দখল কৰিছে । এইবাৰ প্ৰথম স্থানত আছে আই আই টি দিল্লী মণ্ডলৰ বেদ লাহতী । তেওঁ ৩৫৫ নম্বৰ লাভ কৰি এই পৰীক্ষাত সৰ্বোচ্চ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । এই পৰীক্ষাৰ ৬৪ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে কোনো পৰীক্ষাৰ্থীয়ে লাভ কৰিছে ৯৮.৬১ শতাংশ নম্বৰ ।

লগতে পঢ়ক: NEETত উজলিল ৰেজাউল কৰিম : ক'চিং কৰিছিল আজমল ছুপাৰ-40ত - NEET exam results 2024

কাট অফ ১১ৰ পৰা ২৩ নম্বৰলৈ বৃদ্ধি: দেৱ শৰ্মাই কয় যে এইবাৰ সকলো শাখাৰ কাট অফ বৃদ্ধি পাইছে ৷ সাধাৰণ শ্ৰেণীৰ কাট অফ ২৩ পইণ্ট বৃদ্ধি পাইছে । যোৱা বছৰ কাট অফ আছিল ৮৬ নম্বৰ, এইবাৰ ১০৯ লৈ বৃদ্ধি পাইছে । ইয়াৰ উপৰিও অ’বিচি শাখাত ২১ নম্বৰ বৃদ্ধি পাইছে কাট অফ । যোৱা বছৰ ২০২৩ চনত ই আছিল ৭৭, যিটো ২০২৪ চনত ৯৮ লৈ বৃদ্ধি পাইছে । অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শাখাত ১১ পইণ্ট বৃদ্ধি পাইছে, যিটো ২০২৩ চনত ৪৩ পইণ্ট আছিল আৰু এতিয়া ১১ পইণ্ট বৃদ্ধি পাই ৫৪ পইণ্ট হৈছে ।

শাখা অনুসৰি কাট অফ

শাখা20222023-24
সাধাৰণ55 86-109
ইডব্লিউএছ 50 77-98
অ’বিচি5077-98
এছটি 2843-54
এছচি2843-54
সৰ্বমুঠ360360-360

শীৰ্ষস্থান দখল কৰাসকল:

  • শীৰ্ষস্থান দখল কৰিছে দিল্লী জ’নৰ বেদ লাহতীয়ে, তেওঁ লাভ কৰিছে ৩৫৫ নম্বৰ
  • দ্বিতীয় স্থানত আছে দিল্লী জ’নৰ আদিত্য, তেওঁ লাভ কৰিছে ৩৪৬ নম্বৰ
  • তৃতীয় স্থানত আছে মাদ্ৰাজ জ’নৰ ভোগলপল্লী সন্দেশ, ৩৩৮ নম্বৰ লাভ কৰিছে
  • চতুৰ্থ স্থানত আছে ৰুড়কী জ’নৰ ৰিদম কেডিয়া, তেওঁ লাভ কৰিছে ৩৩৭ নম্বৰ
  • পঞ্চম স্থান লাভ কৰিছে মাদ্ৰাজ মণ্ডলৰ পুত্তী কুশল কুমাৰ, তেওঁ ৩৩৪ নম্বৰ লাভ কৰিছে
  • ষষ্ঠ স্থানত আছে বম্বে জ’নৰ ৰাজদ্বীপ মিশ্ৰ, তেওঁ ৩৩৩ নম্বৰ লাভ কৰিছে
  • সপ্তম স্থানত বম্বে মণ্ডলৰ দ্বিজা ধৰ্মেশ কুমাৰ পেটেল, তেওঁ ৩৩২ নম্বৰ লাভ কৰিছে
  • অষ্টম স্থানত থকা মাদ্ৰাজৰ কোডুৰু তেজেশ্বৰে ৩৩১ নম্বৰ লাভ কৰিছে
  • নৱম স্থানত আছে আই আই টি বম্বেৰ ধ্ৰুৱীন হেমন্ত, তেওঁ ৩২৯ নম্বৰ লাভ কৰিছে
  • দশম স্থানত আছে আই আই টি মাদ্ৰাজ জ’নৰ আল্লাদাবয়না শ্ৰী সাই দেৱী ভগৱান সিদ্বিক সুহাস, তেওঁ ৩২৯ নম্বৰ লাভ কৰিছে

২০২২, ২০২৩ আৰু ২০২৪ চনৰ টপাৰৰ মাজত পাৰ্থক্য: ২০২৪ চনত সৰ্বভাৰতীয়ত প্ৰথম স্থান দখল কৰিছে দিল্লী মণ্ডলৰ বেদ লাহোতীয়ে, যিয়ে সম্পূৰ্ণ ৩৫৫ নম্বৰ (৯৮.৬১%) লাভ কৰিছে ৷ যিটো তেওঁৰ নিজৰ বাবেও অভিলেখ । আনহাতে, ২০২৩ চনত হায়দৰাবাদ জ’নৰ ভিচি ৰেড্ডীয়ে সৰ্বভাৰতীয় পৰ্য়ায়ত প্ৰথম স্থান লাভ কৰিছিল । ৰেড্ডীয়ে ৩৪১ নম্বৰ লাভ কৰিছিল, যিটো মুঠ নম্বৰৰ ৯৪.৭২ শতাংশ ।

ইয়াৰ পূৰ্বে ২০২২ চনত সৰ্বভাৰতীয় পৰ্য়ায়ত প্ৰথম স্থান লাভ কৰিছিল মুম্বাই জ’নৰ আৰ কে শিশিৰে । তেওঁ লাভ কৰে ৩১৪ নম্বৰ, যিটো ৮৭.২২ শতাংশ । যদি আমি শীৰ্ষস্থান লাভ কৰা ছাত্ৰীৰ কথা কওঁ তেন্তে ২০২৪ চনত দ্বিজা পেটেল হৈছে ছাত্ৰীৰ ভিতৰত টপাৰ । সৰ্বভাৰতীয় ৰেংকিঙত তেওঁ সপ্তম স্থান দখল কৰিছে । তেওঁ ৩৩২ নম্বৰ লাভ কৰিছে, যিটো মুঠ নম্বৰৰ ৯২.২২ শতাংশ ।

আনহাতে ২০২৩ চনত ছাত্ৰীৰ টপাৰ আছিল নগা ভাব্যা । তেওঁ ২৯৮ নম্বৰ লাভ কৰিছিল, যিটো মুঠ নম্বৰৰ ৮২.৭৭ শতাংশ । ইয়াৰ পূৰ্বে ২০২২ চনত ছাত্ৰীৰ টপাৰ আছিল তনিষ্কা কাব্ৰা । তেওঁ ২৭৭ নম্বৰ লাভ কৰিছিল, যিটো মুঠ নম্বৰৰ ৭৬.৯৪ শতাংশ ।

লগতে পঢ়ক: নীটত সাফল্য়ৰ হাঁহি মাৰিলে দেৱজিৎ কলিতা-অনুৰাগ চুতীয়াই - NEET Exam Results 2024

Last Updated : Jun 9, 2024, 7:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.