ETV Bharat / bharat

শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত জন্মাষ্টমীৰ বিশাল আয়োজন - Janmashtami 2024

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 9:50 AM IST

Janmashtami 2024: শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে মথুৰাত হাজাৰ হাজাৰ ভক্তৰ ভিৰ । নিৰ্দিষ্ট ৰীতি-নীতিৰ জৰিয়তে জন্মাষ্টমী পালন । মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ অংশগ্ৰহণ ।

Janmashtami 2024
জন্মভূমি মথুৰাত শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ বিশাল আয়োজন (ETV Bharat)

নেশ্যনেল ডেস্ক,২৭ আগষ্ট : দেশজুৰি উলহ-মালহেৰে উদযাপন কৰা হয় শ্ৰীকৃষ্ণৰ জন্মাষ্টমী । দেশৰ বাকী প্ৰান্তৰ লগতে ভগৱান শ্ৰীকৃষ্ণ জন্মভূমি মথুৰাত ব্যাপক কাৰ্যসূচীৰে জন্মাষ্টমী আয়োজন কৰা হয় । এই উপলক্ষে শ্ৰীকৃষ্ণৰ জন্মভূমিত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰে । ইফালে প্ৰতিটো মন্দিৰত ব্যতিক্ৰমী ৰীতি-নীতিৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয় । এটাৰ পিচত এটা পৰম্পৰাগত নিয়ম চলি থাকিল আৰু আকৰ্ষণীয় মুহূৰ্তৰ সাক্ষী হ'ল বহু ভক্ত ।

হাজাৰ হাজাৰ ভক্তিৰ ভিৰ

সোমবাৰে নিশা ৯ বজাৰ পিচত ভক্তসকল অধিক উৎসাহিত হৈ পৰে । যেন ধৰ্মনগৰীখনে ভক্তি আৰু সমৰ্পণৰ এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছে । পৰম্পৰাগত ৰীতি-নীতিৰ মাজতে ভক্তসকলে আৱেগেৰে উল্লাস কৰি থকাও দেখা গ'ল । নিশা ১২ বজাৰ লগে লগে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ভক্তসকল আনন্দত চিঞৰি উঠে । আনকি বহু ভক্ত এই সময়ত আৱেগিক হৈ পৰাও দেখা যায় । মথুৰাৰ প্ৰতিটো মন্দিৰতে উল্লাসৰ এই দৃশ্য নিশালৈকে চলি থাকিল ।

ভগৱানৰ চৰণ ১০০৮ টা পদুম ফুল অৰ্পণ

শ্ৰীকৃষ্ণৰ জন্মভূমিত ১১.৫৫ বজাত মন্দিৰৰ দুৱাৰসমূহ ৫ মিনিটৰ বাবে বন্ধ ৰখা হয় । শ্ৰীগণেশ নৱগ্ৰহ পূজা নিশা ১২ বজাত আৰম্ভ হয় । ইয়াৰ পিচত ভগৱান কৃষ্ণৰ মূৰ্তিটো গৰ্ভগৃহৰ পৰা অনা হয় । ভগৱান শ্ৰীকৃষ্ণ ৰূপালী পদুমৰ ওপৰত বহি আছিল । ইয়াৰ পিচত কৃষ্ণৰ মূৰ্তি কামধেনুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা ৫ কুইণ্টল পঞ্চমৃতৰ সৈতে অভিষিক্ত কৰা হয় । তেওঁৰ চৰণত ১০০৮ পাহ পদুম ফুল আগবঢ়োৱা হয় । সেই সময়ত ভগৱান কৃষ্ণই সোমা চন্দ্ৰিকাৰ পোছাক পৰিধান কৰি আছিল । মহা আৰতি নিশা ১২:১০ বজাত পৰিৱেশন কৰা হয় । ১০০০ কিলোগ্ৰাম গোলাপ ফুল, ১০ লিটাৰ গোলাপ জল দিয়া হয় । ইয়াৰ পিচত ভগৱান কৃষ্ণক শৃংগাৰ কৰা হয় ।

শৃংগাৰ আৰতিৰ পিচত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হয় । মঙলবাৰে পুৱা ৫ বজাত মংগল আৰতিৰ সৈতে জন্মাষ্টমী উৎসৱ পুনৰ আৰম্ভ হয় । ইফালে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও পূজা অৰ্চনা কৰে । একেদৰে মঙলবাৰেও মন্দিৰত ভজন আৰু কীৰ্তন অব্যাহত থাকে । ভক্তসকলৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উখল-মাখল পৰিৱেশ উলুবাৰীৰ ইস্কন মন্দিৰত - Krishna Janmashtami 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.