ETV Bharat / bharat

ৱাণ্টেড পাকিস্তানী লস্কৰ সন্ত্ৰাসবাদীৰ তথ্য দিওতালৈ ৩ লাখ নগদ পুৰস্কাৰ ঘোষণা - Cash Reward On Terrorist - CASH REWARD ON TERRORIST

Wanted Lashkar-e-Taiba Militant: লস্কৰ-ই-তৈবা (LeT)ৰ ৱাণ্টেড সন্ত্ৰাসবাদী কামাণ্ডাৰক গ্ৰেপ্তাৰ কৰাৰ দিশত তথ্য প্ৰদান কৰা ব্যক্তিক ৩ লাখ টকাৰ নগদ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা জম্মু-কাশ্মীৰ আৰক্ষীৰ । আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজন পাকিস্তানৰ আৰু তেওঁক সুমামা, ইলিয়াছ আৰু বাবৰ নামেৰে জনা যায় । সন্ত্ৰাসবাদীটোৱে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীক সন্ত্ৰাসবাদী সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

Wanted Lashkar-e-Taiba Militant
ৱাণ্টেড পাকিস্তানী লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী (ANI)
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 8:18 AM IST

Updated : Aug 25, 2024, 10:10 AM IST

নিউজ ডেস্ক, ২৫ আগষ্ট: লস্কৰ-ই-তৈবাৰ (LeT)ৰ সৈতে জড়িত এটা ৱান্টেদ সন্ত্ৰাসবাদী কামাণ্ডাৰৰ বিষয়ে কোনো ব্যক্তিয়ে তথ্য প্ৰদান কৰিলে তিনি লাখ টকাৰ নগদ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীৰ কাউণ্টাৰ ইনটেলিজেন্স (চিআই) শাখাই । উক্ত সন্ত্ৰাসবাদীটোৱে জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীক সন্ত্ৰাসবাদী সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে ।

Wanted Lashkar-e-Taiba Militant
ৱাণ্টেড পাকিস্তানী লস্কৰ ই তৈবাৰ সন্ত্ৰাসবাদী (J&K Police)

জম্মু-কাশ্মীৰ আৰক্ষীয়ে জাৰি কৰা বিবৃতি অনুসৰি অভিযুক্তটো পাকিস্তানস্থিত সন্ত্ৰাসবাদী সেনাধ্যক্ষ, যাক সুমামা, ইলিয়াছ, বাবৰ নামেৰে পৰিচিত আৰু নিষিদ্ধ লস্কৰ-ই-তৈবা সংগঠনৰ সৈতে জড়িত । আৰক্ষী থানা চি আই কাশ্মীৰত ০২/২০২৪ নম্বৰৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ সন্দৰ্ভত সন্দেহজনক লোকজনক বিচাৰি থকা হৈছে । সন্ত্ৰাসবাদীটোৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ১৩, ৩৮, ৩৯, ৪০ ইউএ(পি) আইন আৰু ১২০-বি আইপিচিকে ধৰি কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হৈছে ।

কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ দুৰ্বল যুৱক-যুৱতীক সন্ত্ৰাসবাদী, অনুপ্ৰাণিত আৰু নিযুক্তি দিয়াৰ বাবে সন্ত্ৰাসবাদীটো দায়ী বুলি অভিযোগ উত্থাপন কৰি আৰক্ষীৰ বিবৃতিত ৱাণ্টেড সন্ত্ৰাসবাদীটোৰ কাৰ্যকলাপৰ বিশদ বিৱৰণ দিয়া হৈছে ।

আৰক্ষীৰ মতে, ৱান্টেদ সন্ত্ৰাসবাদীটো এনক্ৰিপ্টড মেছেজিং এপ্লিকেচনকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰি সম্ভাব্য নিযুক্তিপ্ৰাপ্তসকলক লক্ষ্য কৰি প্ৰেৰণা দিয়ে । কাশ্মীৰী বাসিন্দাক কুৰিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিভিন্ন সন্ত্ৰাসবাদী সংগঠনলৈ ধন প্ৰেৰণ কৰি অঞ্চলটোত তেওঁলোকৰ অভিযানত সহায় কৰাৰ অভিযোগো উত্থাপন হৈছে ।

আৰক্ষীৰ বিবৃতিত কোৱা হৈছে, "চি আই কাশ্মীৰে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ উপৰোক্ত পাকিস্তানস্থিত কমাণ্ডাৰ তথা হেণ্ডলাৰক গ্ৰেপ্তাৰ বা গ্ৰেপ্তাৰ কৰিব পৰা যিকোনো তথ্যৰ বাবে ৩ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে । যদি কাৰোবাৰ হাতত সন্ত্ৰাসবাদী সেনাধ্যক্ষজনৰ অৱস্থান সম্পৰ্কে তথ্য আছে তেন্তে তেওঁলোকে প্ৰদান কৰা ফোন নম্বৰ আৰু ঠিকনাৰ জৰিয়তে শ্বেয়াৰ কৰিব পাৰে । তথ্যদাতাৰ পৰিচয় গোপনীয় ৰখা হ'ব ।"

ইফালে, আৰক্ষীয়ে সন্দেহজনক লোকজনক গ্ৰেপ্তাৰ কৰাত সহায়ক হ’ব পৰা যিকোনো তথ্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷ বিশ্বাসযোগ্য তথ্যৰ বাবে এই পুৰস্কাৰ প্ৰদান কৰাৰ ওপৰত আৰক্ষীয়ে গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক: কুপৱাৰাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত ৩ সেনা জোৱান আহত : নিহত ১ সন্ত্ৰাসবাদী - JK terrorist attack

Last Updated : Aug 25, 2024, 10:10 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.