ETV Bharat / bharat

গাঁওৰক্ষী বাহিনীৰ দুই সদস্যক অপহৰণ কৰি হত্যা; ন্যায় বিচাৰি ৰাইজৰ প্ৰতিবাদ

বন্দুকধাৰীয়ে দুজন গাঁওৰক্ষী বাহিনীৰ সদস্যক অপহৰণ কৰি নিয়াৰ পাচত উদ্ধাৰ হৈছে দুয়োৰে মৃতদেহ ৷ ঘটনাক লৈ অব্যাহত আছে চাঞ্চল্য ৷

Jammu Kashmir Protest
ভিডিজিৰ হত্যাক কেন্দ্ৰ কৰি জম্মু-কাশ্মীৰত উত্তাল প্ৰতিবাদ (ANI)
author img

By ANI

Published : Nov 8, 2024, 1:31 PM IST

জম্মু: জম্মু-কাশ্মীৰ অঞ্চলত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ অব্যাহত আছে । শেহতীয়া দিনবোৰত কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ দেখা গৈছে । তাৰ মাজতে কিষ্টৱাৰত দুগৰাকী গাঁওৰক্ষী বাহিনীৰ লোক (Village Defense Guard) সন্ত্ৰাসবাদীৰ হাতত নিহত হয় । যাক লৈ জম্মু-কাশ্মীৰত উত্তেজনা বৃদ্ধি পাইছে । অঞ্চলটোৰ লোকসকলে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনায় । নিহত দুই ভিডিজি ক্ৰমে নাজিৰ আহমদ আৰু কুলদীপ কুমাৰক শ্বহীদ বুলি সম্বোধন কৰি শ্ল'গান দিয়ে প্ৰতিবাদকাৰীসকলে ।

এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "দুই শ্বহীদ ভিডিজিৰ স্মৰণত কিষ্টৱাৰত চকা বন্ধ হ'ব । আমি কেৱল গৃহমন্ত্ৰীক দাবী জনাইছো যে অঞ্চলটোত সন্ত্ৰাসবাদক নিঃশেষ কৰিব লাগে । সুৰক্ষা বাহিনীক পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰ দিব লাগে যাতে তেওঁলোকে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব পাৰে ।"

তেওঁ কয়, "আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছো যে ইমান দিন ধৰি ইনপুট থকা স্বত্বেও কিয় কোনো ব্যৱস্থা লোৱা হোৱা নাছিল । যাৰ বাবে ভিডিজিসকল শ্বহীদ হ'বলগা হ'ল । গতিকে মই ক'ব বিচাৰো যে এই ইনপুটবোৰ থকা স্বত্বেও কিয় এনে হ'ল । ই প্ৰশাসনৰ বিফলতা ।" ইফালে ভিডিজিক হত্যাৰ পিছতে ৰাজৌৰী জিলাৰ নৌচেৰা অঞ্চলৰ ভিডিজিসকলো অধিক সতৰ্কতা অৱলম্বন কৰিছে ।

ভিডিজিসকলৰ দায়িত্ব

সুৰক্ষাৰ দিশত ভিডিজিসকলৰ ভূমিকা উল্লেখ কৰি এগৰাকী ভিডিজিয়ে কয়, "এই অস্ত্ৰটো মোক আৰু আনসকলক দেশৰ সুৰক্ষাৰ বাবে দিয়া হৈছে । যেতিয়াই আমাৰ প্ৰয়োজন হয়, আমি সেই স্থানত উপস্থিত হওঁ, আৰক্ষীও উপস্থিত হয় আৰু সেনাও উপস্থিত থাকে । আৰক্ষীয়ে আমাক ফোন কৰে আৰু আন সুৰক্ষা বাহিনীয়েও আমাক প্ৰয়োজনত ফোন কৰে ।"

ভিডিজিয়ে সম্ভাৱ্য সন্ত্ৰাসবাদী ভাবুকিৰ বিৰুদ্ধে প্ৰথম শাৰীৰ প্ৰতিৰক্ষা হিচাপে কাম কৰে । অঞ্চলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ২৪ ঘণ্টাই সক্ৰিয় হৈ থাকে ভিডিজিসকল । এই অসামৰিক দলবোৰে ভাৰতীয় সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰে । ভিডিজিগৰাকীয়ে লগতে কয়, "আমি সকলোৱে দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ সাজু । কিন্তু কিছুমান স্থানৰ পৰা অতি বেদনাদায়ক খবৰ আহি আছে ।"

তেওঁ লগতে কয় যে ভিডিজিৰ সদস্যসকলে নিৰাপত্তা সংস্থাবোৰৰ পৰা নিয়মীয়া প্ৰশিক্ষণ আৰু নিৰ্দেশনা গ্ৰহণ কৰে । ভিডিজিবোৰক ভাৰতৰ বিস্তৃত সীমান্ত সুৰক্ষা পৰিকাঠামোত এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে স্থান দিয়া হৈছে ।

লগতে পঢ়ক :কাশ্মীৰৰ ছ'পোৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২ টা সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.