ETV Bharat / bharat

প্ৰতিশোধৰ ৰাজনীতি কৰিছে মোদী চৰকাৰে : জয়ৰাম ৰমেশ - প্ৰতিশোধৰ ৰাজনীতি কৰিছে মোদী চৰকাৰে

Jairam Ramesh alleges BJP : কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ একাউণ্ট বন্ধ কৰি মোদী চৰকাৰে প্ৰতিশোধৰ ৰাজনীতি কৰিছে ৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিদিনে নিজৰ বিৰোধীক অপমানিত কৰি আছে । ANI ৰ সৈতে হোৱা বাৰ্তালাপত এই মন্তব্য কৰে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে ৷

Jairam Ramesh alleges BJP
প্ৰতিশোধৰ ৰাজনীতি কৰিছে মোদী চৰকাৰে : জয়ৰাম ৰমেশে
author img

By ANI

Published : Feb 17, 2024, 2:11 PM IST

নেশ্যনেল ডেস্ক, 17 ফেব্ৰুৱাৰী : কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে শনিবাৰে অভিযোগ কৰে যে কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ কৰা হৈছে ৷ ‘‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এয়া প্ৰতিশোধৰ ৰাজনীতি । নিৰ্বাচনী বণ্ড লুট আৰু ইয়াৰ বাবেই মোদী চৰকাৰে কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ একাউণ্টটোও বন্ধ কৰি দিছে ৷ তাৰ পিচত প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছে মোক অপমান কৰিছে ।’’ বাৰাণসীত ANI ৰ সৈতে হোৱা বাৰ্তালাপত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই মন্তব্য কৰে ৷

‘‘আচৰিত কথা যে প্ৰধানমন্ত্ৰী প্ৰতিদিনে নিজৰ বিৰোধীক অপমানিত কৰি আছে । প্ৰধানময়েন্ত্ৰী প্ৰতিশোধৰ ৰাজনীতি কৰাৰ বাহিৰে আন একো নহয় ।’’ এই মন্তব্য কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ।

ইফালে শনিবাৰে উত্তৰ প্ৰদেশত উপস্থিত হোৱা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সন্দৰ্ভত ভাষণ দি কংগ্ৰেছ নেতাগৰাকীয়ে কয়, ''আজি ভাৰত জোড়ো ন্যায় যাত্ৰাৰ 35 সংখ্যক দিন । ৰাহুল গান্ধীয়ে কাশী বিশ্বনাথ মন্দিৰ পৰিদৰ্শন কৰিব আৰু তাৰ পিচত তেওঁ ৰোড শ্ব’ কৰিব ৷ লগতে এক ৰাজহুৱা সভাত ভাষণো দিব নেতাগৰাকীয়ে’’ ।

ইয়াৰ পিচত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাক্ষাৎ কৰিব মোদী চৰকাৰৰ আক্ৰমণৰ সন্মুখীন হোৱা শিপিনী আৰু গান্ধীৰ প্ৰতিষ্ঠান ৷ লগতে BHU ৰ ছাত্ৰ-ছাত্ৰীসকলকো সাক্ষাৎ কৰিব কংগ্ৰেছ নেতাগৰাকীয়ে । আগন্তুক 8 দিন উত্তৰ প্ৰদেশত থাকিব ভাৰত জোড়ো ন্যায় যাত্ৰা ।

বাৰাণসীত সংবাদ সংস্থা ANI ৰ আগত তেওঁ আৰু কয়, ‘‘সকলো সিদ্ধান্ত CEC য়ে ল'ব ৷ মই এতিয়াই এই বিষয়ে ক'ব নোৱাৰো । ছোনিয়া ৰাজ্যসভালৈ আহিছে ৷ ৰাজ্যসভাৰ সদস্যসকলৰ বাবে ই আনন্দৰ বিষয়’’ ৷

লগতে পঢ়ক : ছোনিয়া গান্ধীৰ মনোনয়নৰ বিৰুদ্ধে আপত্তি দাখিল বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.