ETV Bharat / bharat

কাৰাৰুদ্ধ চেন্থিল বালাজীৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:22 AM IST

Updated : Feb 13, 2024, 12:05 PM IST

Senthil Balaji resigned: যোৱা বছৰ ১৪ জুনত অবৈধ ধন লেনদেনৰ গোচৰত ইডিয়ে তামিলনাডুৰ মন্ত্ৰী চেন্থিল বালাজীক গ্ৰেপ্তাৰ কৰিছিল । সম্প্ৰতি কাৰাগাৰত থকা বালাজীয়ে মুখ্যমন্ত্ৰীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।

Senthil Balaji Resigned his minister post
কাৰাৰুদ্ধ চেন্থিল বালাজীৰ মন্ত্ৰী পদৰ পৰা পদত্যাগ

নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : সম্প্ৰতি কাৰাগাৰত থকা তামিলনাডুৰ মন্ত্ৰী চেন্থিল বালাজীয়ে অৱশেষত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে । চেন্থিল বালাজীয়ে দপ্তৰ অবিহনে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে । জানিব পৰা মতে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৷

উল্লেখ্য যে তামিলনাডুৰ মন্ত্ৰীগৰাকীক অবৈধ ধন লেনদেন সম্পৰ্কীয় এক গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল । তেওঁ ২৩০ দিনৰো অধিক সময় ধৰি চেন্নাইৰ পুঝাল কাৰাগাৰত আছে । তেওঁ দপ্তৰ অবিহনে মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । মুখ্যমন্ত্ৰীয়ে আজি নিশা বা কাইলৈ ৰাজ্যপাললৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ পিচতে ৰাজ্যপাল আৰ এন ৰবিয়ে চেন্থিল বালাজীক মন্ত্ৰীপদৰ পৰা অব্যাহতি দিব বুলি খবৰ পোৱা গৈছে ।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে ইডিৰ বিষয়াসকলে চেন্থিল বালাজীৰ বাসগৃহত তালাচী চলাইছিল । ১৪ জুনত মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ এদিন পূৰ্বে প্ৰথম অভিযানৰ পিচত বালাজীৰ পৰিয়ালৰ বাসগৃহত এইটো দ্বিতীয় ইডিৰ অভিযান আছিল । ২০২৩ চনৰ ১৪ জুনত কাৰুৰৰ ওচৰৰ ৰামেশ্বৰপট্টিত অবৈধ ধন লেনদেন গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পিচত বালাজী বৰ্তমান চেন্নাইৰ পুঝাল কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ।

গ্ৰেপ্তাৰ হোৱাৰ পিচৰে পৰা তামিলনাডুৰ ৰাজনীতিত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছিল । তেওঁ মন্ত্ৰীপদক লৈ বিভিন্ন ধৰণৰ আলোচনাও হৈছিল । অৱশ্যে সেই সময়ত ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে তেওঁক দপ্তৰবিহীন মন্ত্ৰী হিচাপে ৰাখিছিল আৰু ডিএমকে দলটোৱে ধন আত্মসাৎ প্ৰতিৰোধ আইনৰ (পিএমএলএ) অধীনত গ্ৰেপ্তাৰ হোৱা বালাজীৰ লগত থকাৰ কথা প্ৰকাশ কৰিছিল । ইফালে তামিলনাডু চৰকাৰক বিৰোধীয়ে সমালোচনাও কৰি থকা দেখা গৈছে । এনে সময়তে চেন্থিল বালাজীৰ পদত্যাগৰ খবৰে পুনৰ এবাৰ ৰাজ্যখনত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :ভোট কিনা-বেচাৰ খেল চলিছিল বিহাৰত: নীতিশপন্থী বিধায়কে দাখিল কৰিলে এজাহাৰ

Last Updated : Feb 13, 2024, 12:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.