ETV Bharat / bharat

আদিত্য এল1 উৎক্ষেপণৰ দিনাই ধৰা পৰিছিল ইছৰোৰ মুৰব্বীৰ কৰ্কট ৰোগ - ISRO chief S Somanath

S Somanath Diagnosed Cancer : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) মুৰব্বী এছ সোমনাথে প্ৰকাশ কৰিছে যে আদিত্য এল-১ উৎক্ষেপণৰ দিনা তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰে । ইয়াৰ পিচত তেওঁৰ অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপী কৰা হয় । সোমনাথে বৰ্তমান এই ৰোগৰ পৰা আৰোগ্য হোৱা বুলিও ঘোষণা কৰে ।

আদিত্য এল1 উৎক্ষেপণৰ দিনাই ধৰা পৰে ইছৰোৰ মুৰব্বীৰ কৰ্কট ৰোগ

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:45 PM IST

Updated : Mar 4, 2024, 8:06 PM IST

নিউজ ডেস্ক, ৪ মাৰ্চ : মহাকাশ গৱেষণা আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী ব্যক্তি হৈছে ইছৰোৰ মুৰব্বী এছ সোমনাথ । কিন্তু দুৰ্ভাগ্যৰ কথা, আদিত্য এল-১ উৎক্ষেপণৰ দিনাই তেওঁ কৰ্কট ৰোগত আক্ৰান্ত বুলি ধৰা পৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ২০২৩ চনৰ মাজভাগত চন্দ্ৰযান-৩ অভিযানৰ সময়ত তেওঁৰ প্ৰথমে কৰ্কট ৰোগ হোৱাৰ সন্দেহ কৰা হৈছিল । আদিত্য এল-1 উৎক্ষেপণৰ পিচত তেওঁ এক স্কেন কৰায় । এই স্কেনতে তেওঁৰ পাকস্থলীত কৰ্কট ৰোগৰ বিকাশ নিশ্চিত হয় । যাৰ ফলত তেওঁ অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপীৰ আশ্ৰয় লয় ।

টাৰ্মাক মিডিয়া হাউছৰ সৈতে হোৱা এক শেহতীয়া সাক্ষাৎকাৰত তেওঁৰ এই কথা পোহৰলৈ আহে । সোমনাথে আদিত্য এল-১ উৎক্ষেপণৰ দিনটোতে এই বিষয়ে জানিব পৰা বুলি উল্লেখ কৰে আৰু সেই মুহূৰ্তটোৰ বিষয়ে বৰ্ণনা কৰে । যাৰ বাবে এই বিষয়ত চেন্নাইত অধিক পৰীক্ষা কৰা হয় আৰু অৱশেষত চিকিৎসকসকলৰ পৰা এই বিষয় নিশ্চিত তথ্য লাভ কৰে । কিন্তু কেইদিনমানৰ ভিতৰতে তেওঁৰ অস্ত্ৰোপচাৰ কৰা হয় । ইয়াৰ পূৰ্বে তেওঁৰ কেমোথেৰাপীও কৰা হয় ।

"আদিত্য এল-১ মুকলি কৰাৰ দিনা পুৱা মই স্কেন কৰাও । তেতিয়াই মই অনুভৱ কৰোঁ যে মোৰ পাকস্থলীত কৰ্কট কোষৰ বিকাশ হৈছে । উৎক্ষেপণ হোৱাৰ লগে লগে মই এই বিষয়ে এক ইংগিত লাভ কৰোঁ । উৎক্ষেপণৰ পিছত মই চেন্নাইলৈ যাওঁ আৰু তাত স্কেন কৰাও । তেতিয়াই মই নিশ্চিত হওঁ যে কিবা এটা সমস্যা হৈছে । তাৰ পিচত মই বাকী পৰীক্ষাবোৰ সম্পন্ন কৰো ।" ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় ।

আনহাতে, এই খবৰটো শুনাৰ সময়খিনি তেওঁৰ পৰিয়াল আৰু নিকটাত্মীয় দুয়োৰে বাবে এক আচৰিত মুহূৰ্ত আছিল । সোমনাথে লগতে কয় । তেওঁ কয় যে তেওঁৰ এই সমস্যাৰ কথা তেওঁলোকৰ সৈতে ভাগ-বতৰা কৰি সান্ত্বনা লাভ কৰে । তেওঁ কয়, "মই ইয়াৰ দ্বাৰা মোৰ ভয় দূৰ কৰিবলৈ সক্ষম হৈছিলোঁ ।"

কৰ্কট ৰোগ আৰু ইয়াৰ চিকিৎসাক এক সমাধানযোগ্য প্ৰত্যাহ্বান হিচাপে বিবেচনা কৰি তেওঁ এই সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা বুলিও প্ৰকাশ কৰে । আনহাতে, সৌভাগ্যক্ৰমে সোমনাথে নিজকে ৰোগটোৰ পৰা আৰোগ্য হোৱা বুলি ঘোষণা কৰিছে । লগতে তেওঁক চিকিৎসকে বাৰ্ষিক পৰীক্ষা আৰু স্কেনৰ বাবেও নিৰ্দেশ দিয়ে ।

"কিন্তু বৰ্তমান মই কৰ্কট ৰোগ আৰু ইয়াৰ চিকিৎসাক এক সমাধান হিচাপে বিবেচনা কৰো । লগতে এটা বাৰ্তা আছে যে ই দুৰাৰোগ্য নহয় ।" সোমনাথে কয় ।

লগতে পঢ়ক :ভোট বা ভাষণ সন্দৰ্ভত উৎকোচ গোচৰত গুৰুত্বপূৰ্ণ ৰায় আদালতৰ

Last Updated : Mar 4, 2024, 8:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.