ETV Bharat / bharat

দ্বিতীয়বাৰৰ বাবে মুকলি পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰ - RATNA BHANDAR REOPEN

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 8:17 PM IST

Puri Jagannath Temple : 46 বছৰৰ অন্তত পুনৰ মুকলি ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ । বৃহস্পতিবাৰে পুনৰ মুকলি কৰা হয় এই ৰত্ন ভাণ্ডাৰ । সম্পূৰ্ণ প্ৰক্ৰিয়া নিৰীক্ষণ ৰখাৰ বাবে গঠন কৰা হৈছে 11 জনীয়া এখন সমিতি ৷

RATNA BHANDAR REOPEN
পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্নভাণ্ডাৰ মুকলি (ETV Bharat)

নেশ্যনেল ডেস্ক, 18 জুলাই: ওড়িশা চৰকাৰে বান্ধি দিয়া পূৰ্ব নিৰ্ধাৰিত সময়সূচী আৰু নিৰ্দেশনা অনুসৰণ কৰি বৃহস্পতিবাৰে পুৱা 9.51 বজাত পবিত্ৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ ভিতৰৰ কক্ষ (ধনভাণ্ডাৰ) মুকলি কৰা হয় । 46 বছৰৰ অন্তত পুনৰ মুকলি কৰা হৈছে ওড়িশাৰ পুৰীৰ জগন্নাথ মন্দিৰৰ এই ৰত্ন ভাণ্ডাৰ ৷

উখল মাখল পুৰীৰ জগন্নাথ মন্দিৰ (ETV Bharat)

ভগৱান জগন্নাথ আৰু তেওঁৰ সহোদৰ দেৱতাসকলৰ মূল্যৱান সামগ্ৰী আৰু অলংকাৰ খাতা-চেজা ঘৰাৰ ভিতৰত নিৰ্মিত অস্থায়ী ষ্ট্ৰংৰূমলৈ স্থানান্তৰ কৰাৰ সম্পূৰ্ণ প্ৰক্ৰিয়া নিৰীক্ষণ ৰখাৰ বাবে গঠন কৰা হৈছে 11 জনীয়া এখন সমিতি ৷ এই সমিতিৰ সদস্যসকলৰ উপস্থিতিত ৰত্ন ভাণ্ডাৰৰ ভিতৰৰ কক্ষটো বৃহস্পতিবাৰে মুকলি কৰা হয় ৷

পৰৱৰ্তী সময়ত এই ষ্ট্ৰংৰূমটো পুনৰ বন্ধ কৰা হ'ব বুলি সদৰী কৰে পুৰীৰ জিলা দণ্ডাধীশ সিদ্ধাৰ্থ শংকৰ স্বাইনে ৷ বাহিৰৰ কোঠাৰ বাহিৰে ৰত্ন ভাণ্ডাৰৰ চাবি জিলা কোষাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলিও স্বাইনে প্ৰকাশ কৰে ।

একমাত্ৰ নিৰাপত্তাজনিত কাৰণতে সাধাৰণ লোক আৰু অ-কৰ্তৃত্বপ্ৰাপ্ত সেৱকসকলক পুৱা 8 বজাৰ পৰা জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ চৌহদত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোৰ সময়ত মন্দিৰৰ ৰীতি-নীতিৰ ওপৰত বিশেষ মনোযোগ দিয়া হ'ব ।

উল্লেখ্য যে, মূল্যৱান সামগ্ৰীসমূহ স্থানান্তৰৰ পিচত ভাৰতীয় পুৰাতাত্ত্বিক জৰীপে(এ এছ আই) ভিতৰৰ কোঠাৰ সংৰক্ষণৰ কাম কৰিব ।

প্ৰায় 46 বছৰৰ পিচত ওড়িশা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিশ্বনাথ ৰথ, জগন্নাথ মন্দিৰ প্ৰশাসনৰ(এছ জে টি এ)ৰ মুখ্য প্ৰশাসক ড৹ অৰবিন্দ কুমাৰ পাধি, এ এছ আই অধীক্ষক ডি বি গদানায়ক, ৰত্ন ভাণ্ডাৰ নিৰীক্ষণ সমিতিৰ সদস্য ড৹ চি বি কে টি মোহনৰা মহানদৰ উপস্থিতিত দুপৰীয়া 1.28 বজাত ৰত্ন ভাণ্ডাৰৰ ভিতৰুৱা কক্ষটো মুকলি কৰা হয় । সমগ্ৰ প্ৰক্ৰিয়াটো নিৰীক্ষণৰ দায়িত্বত থাকিব জগন্নাথ দাসমোহপাত্ৰ আৰু পুৰীৰ গজপতি মহাৰাজাৰ প্ৰতিনিধি ৷

লগতে পঢ়ক: ১৮ জুলাইত পুনৰ মুকলি হ’ব পুৰী জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰ - Ratna Bhandar to Reopen

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.