ETV Bharat / bharat

অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশত বাধা প্ৰদানত সমস্যাৰ সন্মুখীন BSF - Bangladesh India border

BSF in Mizoram: বাংলাদেশৰ পৰা অহা কেইবাজনো অবৈধ অনুপ্ৰৱেশকাৰীক ধৰা পেলাইছে যদিও তেওঁলোকক ওভতাই পঠিওৱাত বাধাৰ সন্মুখীন হৈছে ভাৰতৰ পূব সীমান্তত নিয়োজিত সীমান্ত সুৰক্ষা বাহিনী । অৱশ্যে গৃহ মন্ত্ৰণালয়ে পূৰ্বৰ নিৰ্দেশত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয় ।

Bangladesh India border
কৰ্তব্যৰত BSF (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 8:57 AM IST

নেশ্যনেল ডেস্ক, 16 জুলাই: ভাৰতৰ পূব সীমান্তৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা সীমান্ত সুৰক্ষা বাহিনীয়ে মিজোৰামত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা বাংলাদেশী নাগৰিকক ধৰা পেলোৱাক লৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । যদিও বিগত কিছুদিনত ভাৰতত প্ৰৱেশ কৰা কেবাজনো বাংলাদেশী নাগৰিকক বি এছ এফে আটক কৰিছে, তথাপিও সংস্থাটোৱে মিজোৰামৰ স্থানীয় জনসাধাৰণৰ প্ৰতিৰোধৰ লগতে স্থানীয় কৰ্তৃপক্ষই সৃষ্টি কৰা বাধাৰ বাবে তেওঁলোকক ওভতাই পঠিয়াব পৰা নাছিল ।

দৰাচলতে অবৈধ অনুপ্ৰৱেশকাৰী ধৰা পেলোৱা আৰু বিতাড়িত কৰাক লৈ সীমান্ত অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতি গৃহ মন্ত্ৰণালয়ে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাৰ বিপৰীত । নতুন দিল্লীস্থিত বি এছ এফৰ মুখ্য কাৰ্যালয়ত পোৱা স্থলপথৰ খবৰ অনুসৰি বিগত সপ্তাহত বাংলাদেশৰ বাউম সম্প্ৰদায়ৰ প্ৰায় 126 জন লোকক ছিপপুই সীমান্তৰ আউটপোষ্টত বি এছ এফৰ জোৱানে আটক কৰিছিল ।

খবৰৰ উদ্ধৃতি দি এগৰাকী বিষয়াই কয়, "আটক কৰা লোকসকলৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰি অধিক পদক্ষেপৰ বাবে মিজোৰামৰ লংটলাইত স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনক গতাই দিয়া হৈছিল । স্থানীয় প্ৰশাসনে উত্থাপন কৰা আপত্তিৰ বাবে তেওঁলোকক ততাতৈয়াকৈ ওভতাই পঠিওৱা নহ’ল ।"

উল্লেখযোগ্য যে, মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই শেহতীয়াকৈ নতুন দিল্লী ভ্ৰমণৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহক সীমান্তৰ সিপাৰৰ পৰা অহা লোকসকলক ওভতাই নিদিবলৈ আহ্বান জনাইছিল । ‘বাউম’ যাক ‘বাউমজো’ বুলিও কোৱা হয়, ভাৰতৰ সীমান্তৰ কাষৰীয়া বাংলাদেশৰ চট্টগ্ৰাম সংমণ্ডলৰ (পূৰ্বতে চিট্টগং হিলছ ট্ৰেক্ট) কেইবাটাও ঠাইত বাস কৰা এটা সৰু জনগোষ্ঠী ।

বাংলাদেশৰ সীমা অসম, ত্ৰিপুৰা, মিজোৰাম, মেঘালয় আৰু পশ্চিম বংগৰ সৈতে ভাগ হৈ আছে । ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা 4096 কিলোমিটাৰ । বি এছ এফৰ মুখ্য কাৰ্যালয়ে লাভ কৰা আন এক প্ৰতিবেদন অনুসৰি চলিত মাহৰ আৰম্ভণিতে বাংলাদেশৰ পৰা অহা বাউম সম্প্ৰদায়ৰ কেইবাজনো লোকক স্থানীয় জনসাধাৰণ আৰু প্ৰশাসন দুয়োটাৰে প্ৰতিৰোধৰ বাবে ওভতাই পঠিওৱা হোৱা নাছিল ।

বিষয়াগৰাকীয়ে কয় যে 3 জুলাইৰ মাজনিশা যেতিয়া ডামডেপ-2 গাঁৱত বি এছ এফৰ জোৱানসকলে কৰ্তব্যত ব্যস্ত আছিল ৷ সেই সময়তে Young Mizo Association (YMA) ৰ স্বেচ্ছাসেৱীসকলে বি এছ এফৰ জোৱানসকলক চিঞৰিছিল আৰু তেওঁলোকে টহল দি থকাৰ সময়ত বাধাৰ সৃষ্টি কৰিছিল ৷ ইফালে, 3 জুলাইৰ দিনা YMA ৰ স্বেচ্ছাসেৱকৰ সহায়ত ডামডেপ-দ্বিতীয় গাঁৱৰ বিস্তৃত পাহাৰীয়া ভূখণ্ডৰ বিভিন্ন ঘৰত লুকাই চুৰকৈ 97 জন বাংলাদেশী নাগৰিকে প্ৰৱেশ কৰে ।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় ঘাইপথ (NH) 54 ৰ কাষত অৱস্থিত ডামডেপ-2 গাঁওখন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত অৱস্থিত ।

এই সন্দৰ্ভত এগৰাকী বিষয়াই কয়, "বি এছ এফৰ শীৰ্ষ বিষয়াসকলে গৃহ মন্ত্ৰণালয়ৰ আগত এই বিষয়টো উত্থাপন কৰিছে । আমি গৃহ মন্ত্ৰণালয়ৰ পৰা স্পষ্ট নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছো । অৱশ্যে কোনো নতুন নিৰ্দেশনা নোপোৱালৈকে আমি অনুপ্ৰৱেশকাৰীক ধৰা পেলোৱা আৰু ওভতাই পঠিওৱাৰ কৰ্তব্য অব্যাহত ৰাখিম ।’

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা নিৰ্দেশনাত গৃহ মন্ত্ৰণালয়ে কয়, "এনে অবৈধ প্ৰব্ৰজনকাৰী আৰু ব্যক্তিক চিনাক্ত কৰাটো অতি প্ৰয়োজনীয় আৰু লগতে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত চকু ৰখাটো অতি প্ৰয়োজনীয় যাতে কোনো ধৰণৰ অশুভ পৰিঘটনা ৰোধ কৰিব পৰা যায় । সেয়েহে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসনক পৰামৰ্শ দিয়া হৈছে যে অবৈধ প্ৰব্ৰজনকাৰীসকলক চিনাক্ত কৰাৰ ক্ষেত্ৰত তৎকালীন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সকলো আইন প্ৰয়োগকাৰী আৰু চোৰাংচোৱা সংস্থাক সক্ৰিয় কৰি তুলিব লাগে আৰু পলম নকৰাকৈ বিতাড়ণ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আৰম্ভ কৰিব লাগে ।”

লগতে পঢ়ক: ৫০ ডিগ্ৰী চেলছিয়াছৰ গৰমতো দেশক সুৰক্ষা দি থকাসকলৰ কথা ভাবেনে ? - BSF SOLDIERS IN HEAT WAVE

ভাৰত-পাক সীমান্তত বি এছ এফে আৰম্ভ কৰিছে অপাৰেচন চাৰ্ড হাৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.