নেশ্যনেল ডেস্ক, ২৩ জানুৱাৰী : দেশৰ আগশাৰীৰ বিমান সংস্থা এয়াৰ ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে এয়াৰবাছ A৩৫০ বিমান আৰম্ভ কৰিছে । সোমবাৰে মুম্বাইৰ ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা চেন্নাইলৈ উৰা মাৰিলে AL৫৮৯ বিমানখন । এই বিমানখনে ভাৰতীয় বিমান পৰিবহণৰ এক নতুন অধ্যায়ৰ সূচনা কৰিছে । এই বিমানখন বিশ্বৰ ভিতৰতে আটাইতকৈ উন্নত আৰু আৰামদায়ক বিমান বুলি গণ্য কৰা হৈছে ।

বৰ্তমান ঘৰুৱা পথত চলাচল কৰিবলগীয়া এই বিমানখনৰ জৰিয়তে বাংগালুৰু, চেন্নাই, দিল্লী, হায়দৰাবাদ আৰু মুম্বাইৰ যাত্ৰীসকলে অধিক আৰাম আৰু উন্নত প্ৰযুক্তিৰ অভিজ্ঞতা লাভ কৰিব পাৰিব । এবছৰ পূৰ্বে এয়াৰ ইণ্ডিয়াই নতুন A৩৫০-৪৭০ বিমানৰ অৰ্ডাৰ দিছিল । ঘৰুৱা পথত সেৱা আগবঢ়োৱাৰ পিচত উক্ত এয়াৰবাছখন আন্তঃৰাষ্ট্ৰীয় পথত নিয়োগ কৰা হ’ব । এই বিমান সংযোজনৰ পিচত এয়াৰ ইণ্ডিয়াৰ বহৰ শক্তিশালী কৰা হ’ব ।

এই বিমানখনত তিনিটা শ্ৰেণীত মুঠ ৩১৬ খন আসন থাকিব । ইয়াৰ ভিতৰত আছে ফ্লেট বেডযুক্ত ২৮ টা বিজনেছ ছুইট, ২৪টা প্ৰিমিয়াম ইকনমি ছুইট আৰু ২৬২টা ইকনমি ক্লাছৰ আসন । এই সকলোবোৰ আসন অতি আৰামদায়ক হ’ব ৷ মনোৰঞ্জনৰ বাবে অত্যাধুনিক এইচডি স্ক্ৰীণ উপলব্ধ হ’ব । যাতে যাত্ৰীসকলে যাত্ৰাত ভাগৰি নপৰে ।

এই বিমানখনৰ ইঞ্জিনৰ বিষয়ে অধিক ক’বলৈ গ’লে এয়াৰবাছৰ বিমানৰ ইঞ্জিনসমূহে অন্যান্য বিমানতকৈ ২০ শতাংশ অধিক ইন্ধন কাৰ্যক্ষম ৷ একে সময়তে ইন্ধনৰ নিৰ্গমন হ্ৰাস কৰে আৰু বহনক্ষম কাৰ্যকলাপ নিশ্চিত কৰে ।
এয়াৰবাছ A৩৫০ বিমানসমূহ ২০২৩ চনৰ জুন মাহত এয়াৰবাছ আৰু বয়িঙৰ সৈতে চুক্তিবদ্ধ হোৱা ৪৭০খন বিমানৰ অভিলেখ সৃষ্টিৰ অৰ্ডাৰৰ অংশ । ২০২৩ চনৰ ২৩ ডিচেম্বৰত নতুন দিল্লীৰ IGI বিমানবন্দৰত উপস্থিত হয় VT-JRA হিচাপে পঞ্জীয়নভুক্ত প্ৰথমখন এয়াৰবাছ A৩৫০-৯০০।
বিমানবন্দৰ প্ৰশাসনৰ মতে, প্ৰথম অৱস্থাত বিমানখনক ক্ৰুৰ পৰিচিতি আৰু নিয়ন্ত্ৰণ অনুসৰণৰ উদ্দেশ্যে ঘৰুৱা পথত নিয়োগ কৰা হ’ব । বাংগালুৰু, চেন্নাই, দিল্লী, হায়দৰাবাদ আৰু মুম্বাইৰ যাত্ৰীসকলে A৩৫০ ৰ অতুলনীয় আৰাম আৰু অত্যাধুনিক প্ৰযুক্তিৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব ।

এবছৰৰ পূৰ্বে এয়াৰ ইণ্ডিয়াই দিয়া ৪৭০খন নতুন বিমানৰ অৰ্ডাৰৰ অংশ এই বিমান । ইয়াৰ পিচত এই বিমানখনক সমগ্ৰ মহাদেশখনৰ গন্তব্য স্থানলৈ দীৰ্ঘ দূৰত্বৰ বিমান যাত্ৰাত নিয়োগ কৰা হ’ব ৷ যাৰ ফলত এয়াৰ ইণ্ডিয়াৰ নিজা আৰু শেহতীয়াকৈ চুক্তিবদ্ধ হোৱা বিমানকে ধৰি বহল শৰীৰৰ বিমানৰ ক্ৰমবৰ্ধমান বহৰ বৃদ্ধি পাব ।
লগতে পঢ়ক : সম্প্ৰীতিৰ নিদৰ্শন: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই জন্ম হোৱা সন্তানৰ নাম ৰাখিলে ৰাম ৰহিম