নিউজ ডেস্ক, ৯ অক্টোবৰ : দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ শ্বাংগুছ অঞ্চলত ভাৰতীয় সেনাৰ অন্তৰ্গত টেৰিটৰিয়েল আৰ্মী জোৱানক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰাৰ অভিযোগ । সন্ত্ৰাসবাদীৰ কবলৰ পৰা এজন জোৱান পলাই যাবলৈ সক্ষম হয় যদিও আন এজন টেৰিটৰিয়েল আৰ্মী জোৱান এতিয়াও বন্দী হৈ আছে বুলি অনুমান কৰা হৈছে ।
আনহাতে, অঞ্চলটোত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে বৃহৎ অনুসন্ধান অভিযান আৰম্ভ কৰিছে । সূত্ৰ অনুসৰি, অপহৃত টেৰিটৰিয়েল আৰ্মী জোৱানজনক অনন্তনাগ জিলাৰ মুকদাম্পোৰা নওগামৰ বাসিন্দা তথা টি এৰ ১৬২ ইউনিটৰ জোৱান হিলাল আহমেদ ভাট বুলি চিনাক্ত কৰা হৈছে ।
ইফালে, ফৈয়াজ আহমেদ শ্বেখ বুলি চিনাক্ত কৰা আন এজন জোৱানে পলায়নৰ সময়ত আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে । তেওঁ কান্ধ আৰু বাঁও ভৰিত আঘাত পায় । চিকিৎসাৰ বাবে তেওঁক শ্ৰীনগৰৰ ৯২ বেছ হস্পিটেললৈ স্থানান্তৰ কৰা হৈছে ।
উল্লেখ্য যে ৯ অক্টোবৰত ভাৰতীয় টেৰিটৰিয়েল আৰ্মীৰ গঠনৰ দিনটোক টেৰিটৰিয়েল আৰ্মীৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰা হয় । এইবাৰ টেৰিটৰিলে আৰ্মীয়ে ৭৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে । ভাৰতৰ টেৰিটৰিয়েল আৰ্মী বা টি এ হৈছে অংশকালীন সময়ৰ স্বেচ্ছাসেৱকসকলৰ দ্বাৰা গঠিত এক সহায়ক সামৰিক সংগঠন । এই সংগঠনটোৱে ভাৰতীয় সেনাক সমৰ্থন সেৱা প্ৰদান কৰে । এই বিভাগটোত বিভিন্ন বিষয়া, জুনিয়ৰ কমিছনড অফিচাৰ, নন-কমিছনড অফিচাৰ আৰু ভাৰতীয় সেনাৰ দৰে একে পদবীৰ অন্যান্য কৰ্মচাৰী আছে ।
১৯২০ চনত ব্ৰিটিছসকলে ১৯২০ চনৰ ইণ্ডিয়ান টেৰিটৰিয়েল আইনৰ জৰিয়তে টি এ গঠন কৰিছিল আৰু ইয়াক দুটা শাখাত সংগঠিত কৰা হৈছিল । সেই দুটা হৈছে ইউৰোপীয় আৰু এংলো-ইণ্ডিয়ানসকলৰ বাবে 'অক্সিলিয়াৰী ফ'ৰ্চ' আৰু ভাৰতীয় স্বেচ্ছাসেৱকসকলৰ বাবে 'ইণ্ডিয়ান টেৰিটৰিয়েল ফ'ৰ্চ' ।
স্বাধীনতাৰ পিচত টেৰিটৰিয়েল আৰ্মী আইন 1948 চনত গৃহীত হয় আৰু প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল চি ৰাজাগোপালাচাৰীয়ে 1949 চনৰ 9 অক্টোবৰত আনুষ্ঠানিকভাৱে টেৰিটৰিয়েল আৰ্মী উদ্বোধন কৰে । বৰ্তমান টি এৰ প্ৰায় 40,000 জোৱান আছে । '