নেশ্যনেল ডেস্ক,৬ মে': বিদেশত পুনৰ ভাৰতীয় ছাত্ৰক হত্যা ! এইবাৰ অষ্ট্ৰেলিয়াত ছুৰীকাঘাতত নিহত ভাৰতৰ ২২ বছৰীয়া এমটেকৰ ছাত্ৰ । ভুক্তভোগীৰ আত্মীয়ৰ অভিযোগ অনুসৰি অষ্ট্ৰেলিয়াত একাংশ ভাৰতীয় ছাত্ৰৰ মাজত হোৱা কাজিয়াৰ সময়তে এমটেকৰ ছাত্ৰজনক ছুৰীৰে আক্ৰমণ কৰে । তেওঁ উল্লেখ কৰা মতে মেলবৰ্ণত স্থানীয় সময় অনুসৰি শনিবাৰে নিশা প্ৰায় ৯ মান বজাত এই ঘটনাটো সংঘটিত হয় । এই ঘটনাটোত আন এগৰাকী ছাত্ৰ আহত হয় ।
নিহত ছাত্ৰগৰাকী নৱজিৎ সান্ধু বুলি জানিব পৰা গৈছে । ভুক্তভোগী ছাত্ৰজনৰ আত্মীয় জনোৱা মতে ভাড়াৰ বিষয়ত কেইগৰাকী মান ভাৰতীয় ছাত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । সেই সময়তে সান্ধুক এজন ছাত্ৰই ছুৰীকে আক্ৰমণ কৰে । আত্মীয়ৰ মতে তেওঁলোকে এখন বাহন ভাড়াত লৈ বন্ধু এজনৰ ঘৰলৈ গৈছিল । তাত যোৱাৰ পিচতে সান্ধুৱে প্ৰত্যক্ষ কৰিছিল যে কেইজনমান বন্ধুৰ মাজত কাজিয়া লাগিছিল । সান্ধুৱে তেওঁলোকক কাজিয়া কৰাত বাধা দিছিল । সেই সময়তে সান্ধুক এজন বন্ধুৱে ছুৰীৰে আক্ৰমণ কৰে । এই আক্ৰমণত সান্ধু গুৰুতৰভাৱে আহত হয় ।
জানিব পৰা মতে অভিযুক্ত ছাত্ৰজনো কৰ্ণালৰ । ভুক্তভোগী ছাত্ৰজনৰ পৰিয়ালে অৱগত কৰা মতে তেওঁলোকে দেওবাৰে পুৱা ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰিছিল । পৰিয়ালটোৰ মতে নৱজিৎ এজন মেধাৱী ছাত্ৰ আছিল আৰু জুলাইত তেওঁ ঘৰলৈ অহাৰ কথা আছিল ।
নৱজিতে ডেৰ বছৰ পূৰ্বে অধ্যয়ন ভিছাত অষ্ট্ৰেলিয়ালৈ গৈছিল । পৰিয়ালটোৱে তেওঁৰ শিক্ষাৰ বাবে ডেৰ একৰ ভূমিও বিক্ৰী কৰিছিল । যিমান সম্ভৱ সোনকালে ছাত্ৰজনৰ মৃতদেহটো ভাৰতলৈ অনাত সহায় কৰিবলৈ চৰকাৰক পৰিয়ালটোৱে আহ্বান জনাইছে ।
লগতে পঢ়ক :পুনৰ বহিঃৰাজ্যত প্ৰাণ হেৰুৱালে অসমৰ এজন লোকে - Assam Youth Death In Other State