ETV Bharat / bharat

উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্ত অঞ্চললৈ ৰে’লপথ সম্প্ৰসাৰণৰ লক্ষ্য ৰে’ল বিভাগৰ - INDIAN RAILWAYS

NF Railway: উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লযাত্ৰীসকলৰ বাবে এক সুখবৰ ৷ ভাৰতীয় ৰে'ল বিভাগে লৈ আহিছে এই সুখবৰ ৷ যাৰ বাবে সহজ হৈ পৰিব আপোনাৰ ৰে’লযাত্ৰা ৷ পঢ়ক সবিশেষ...

author img

By ANI

Published : Jul 25, 2024, 8:13 AM IST

INDIAN RAILWAYS
ৰে’লপথ সম্প্ৰসাৰণৰ লক্ষ্য ৰে’ল বিভাগৰ (ANI)

নিউজ ডেস্ক, 25 জুলাই: এতিয়াৰে পৰা ৰে’লত যাত্ৰা কৰাটো আৰু সহজ হৈ পৰিব আপোনাৰ বাবে ৷ বিশেষকৈ এই সুবিধা লাভ কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী এলেকাত বাস কৰা লোকসকলে ৷ ৰে’লযাত্ৰা কৰাৰ বাবে তেওঁলোকে আৰু চিন্তা কৰিব নালাগে ৷

এই সুবিধা শীঘ্ৰে লৈ আহিব ভাৰতীয় ৰে’ল বিভাগে ৷ বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে সিদ্ধান্ত গ্ৰহণ কৰিছে ৰে’লপথ সম্প্ৰসাৰণৰ ৷ যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সীমান্তৱৰ্তী এলেকাসমূহক সংযোগ কৰিব ৷

তদুপৰি আগন্তুক সময়ত ইম্ফল, আইজল আৰু কোহিমাক ৰে’ল মানচিত্ৰত সংযোগ কৰাৰ পৰিকল্পনাও গ্ৰহণ কৰিছে ৰে’ল বিভাগে ৷ যাৰ ফলত অঞ্চলটোলৈ কৰিবলগীয়া ভ্ৰমণৰ সময় হ্ৰাস পাব । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই উত্তৰ-পূবক কেন্দ্ৰ কৰি ৰে’ল বিভাগে ভৱিষ্যতৰ বাবে কেইবাটাও পৰিকল্পনা যুগুত কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৷

উত্তৰ-পূৰ্বাঞ্চলৰ পূৱ অংশৰ সৈতে ম্যানমাৰক ৰে’লযোগে সংযোগ কৰিবলৈ ভাৰতীয় ৰে’ল বিভাগৰ ওচৰত ইম্ফলৰ পৰা মোৰেহ সংযোগী প্ৰকল্প মজুত থকা বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ৷ তাৰোপৰি বাংলাদেশৰ সৈতে সংযোগৰ বাবে এনে বহু প্ৰকল্পও বিভাগে আছুতীয়াকৈ ৰাখিছে ৷

আনহাতে, ইম্ফল, আইজল আৰু কোহিমাক ৰে’লৰ মানচিত্ৰত আভ্যন্তৰীণভাৱে সংযোগ কৰাৰ ক্ষেত্ৰতো কেতবোৰ পৰিকল্পনা যুগুত কৰা হৈছে । তাৰপিছতে সীমান্তৱৰ্তী অঞ্চলসমূহকো বিভাগে ৰে’লৰ জৰিয়তে সংযোগ কৰিব । মোৰেহ প্ৰকল্পটো সম্প্ৰতি জৰীপৰ পৰ্যায়ত আছে বুলি সব্যসাচী দে’ই প্ৰকাশ কৰে ৷

সম্প্ৰতি উত্তৰ-পূব অঞ্চলত ৰে’ল বিভাগৰ 18 টাকৈ প্ৰকল্পৰ কাম চলি আছে, যাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে প্ৰায় 74,000 কোটি টকা ৷ ইতিমধ্যে প্ৰায় 40,000 কোটি টকা প্ৰকল্পটোৰ নামত ব্যয় কৰা হৈছে । মিজোৰাম প্ৰকল্পটো প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত, প্ৰকল্পটোৰ 93 শতাংশ কাম সম্পূৰ্ণ হৈছে ৷ আনহাতে, বাইৰাবিৰ পৰা ছাইৰাংলৈকে এই প্ৰকল্পটো অহা বিত্তীয় বৰ্ষত সম্পূৰ্ণ হ'ব ।

লগতে পঢ়ক: বিভাগীয় গাফিলতি ! ৰে’লৰ বিভাগৰ বিদ্যুৎ লাগিল ছাত্ৰৰ গাত - Electric train in Assam

চলিত বিত্তীয় বৰ্ষত প্ৰকল্পটোৰ অধীনত বৈৰাবিৰ পৰা হৰ্টোকি সংযোগী এটা অংশহে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । মুৰ্কংচেলেকৰ পৰা পাচিঘাট লাইনলৈ অৰুণাচল প্ৰদেশক সংযোগ কৰাৰো আন এক প্ৰকল্প চলি আছে ৷ একেদৰে সৰুপথাৰ-বামে শাখাটো নিৰ্মাণৰত পৰ্যায়ত আছে ।

আনহাতে, টাৱাং সংযোগী প্ৰকল্পটোও জৰীপ পৰ্যায়ত আছে । জৰীপটো সম্পূৰ্ণ হোৱাৰ পিছত অনুমোদন লাভ কৰাৰ লগে লগে বিভাগে প্ৰকল্পটোৰ কাম আৰম্ভ কৰিব বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে সদৰী কৰে ৷

আনহাতে, ৰে’লযোগে সংযোগৰ বাবে এন এফ ৰে'লৱে আৰু উত্তৰ-পূব অঞ্চলত 2024-25 বৰ্ষৰ কেন্দ্ৰীয় বাজেট আৱণ্টনৰ কথা উল্লেখ কৰি সব্যসাচী দেয়ে কয় যে, ৰে'লখণ্ডত উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এয়া এতিয়ালৈকে সৰ্বাধিক আৱণ্টন । প্ৰতিবছৰে আৱণ্টন বৃদ্ধি হৈছে আৰু ই হৈছে এতিয়ালৈকে সৰ্বাধিক আৱণ্টন ।

উত্তৰ-পূব সীমান্ত ৰে'লৱেই উত্তৰ-পূৱৰ 8 খন ৰাজ্য আৰু বিহাৰৰ পূবত উত্তৰ বংগক সামৰি লৈছে আৰু বাজেটত মুঠ আৱণ্টন দিয়া হৈছে 14,000 কোটিতকৈও অধিক টকা । উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ বাবে বাজেটত আৱণ্টন দিয়া হৈছে প্ৰায় 10,300 কোটি টকা ।

এই বাজেট আৱণ্টন মুখ্যতঃ অমৃত ভাৰত ষ্টেচন, নতুন লাইন প্ৰকল্প, বৈদ্যুতিকৰণ আৰু অন্যান্য সকলো সুৰক্ষা সম্পৰ্কীয় কামৰ বাবে দিয়া হৈছে । আগৰ বছৰবোৰত ৰে’ল বিভাগে 470 খন ৰে’ল অভাৰব্ৰীজ আৰু আণ্ডাৰব্ৰীজৰ কাম সম্পূৰ্ণ কৰিছে ৷

পূৰ্বৰ বিত্তীয় বৰ্ষসমূহত ৰে’ল বিভাগে 921 কিলোমিটাৰ ৰে’লপথত বিদ্যুত সংযোগ স্থাপন কৰিছিল ৷ এইটো বছৰত 1,573 কিলোমিটাৰ পথত বিদ্যুত সংযোগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰে’ল বিভাগে ৷ পৰৱৰ্তী সময়ত উত্তৰ-পূৰ্বাঞ্চলত বন্দে ভাৰত ৰে’ল আৰু অমৃত ভাৰত ৰে’লৰ চলাচলৰো আশা প্ৰকাশ কৰি মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ৷

আনহাতে, গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নতুন ৰে’ল তথা পথ দলঙৰ কথা উল্লেখ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’ল বিভাগৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে কয় যে, তৃতীয়খন শৰাইঘাট আৰু দ্বিতীয় ৰে’ল তথা পথ দলঙৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ’ব ৷

নতুন দলংখনৰ বাবে ইতিমধ্যে জলস্তৰ সম্পৰ্কীয় অধ্যয়নৰ লগতে অন্যান্য প্ৰাৰম্ভিক অধ্যয়নসমূহ সম্পূৰ্ণ কৰা হৈছে ৷ আগষ্ট মাহৰ ভিতৰত এই প্ৰকল্পৰ বাবে নিবিদা প্ৰস্তুত কৰাৰ সম্ভাৱনা সদৰী কৰিছে সব্যসাচী দে’ই ৷

লগতে পঢ়ক: কৱচ ৪.০ৰ অধীনত সামৰি লোৱা হ’ব উত্তৰ-পূব সীমান্ত ৰে’লৱে : ৰে’ল মন্ত্ৰী - NF Railways

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.