ETV Bharat / bharat

মোদীময় পোলেণ্ড: প্ৰধানমন্ত্ৰী মোদীৰ ভাষণক প্ৰশংসা প্ৰবাসী ভাৰতীয়ৰ - PM Modi Poland Visit

author img

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 9:13 AM IST

PM Modi Poland Visit : পোলেণ্ডত ভাষণৰ সময়ত ভাৰতৰ বিকাশৰ পৰিসংখ্যাৰ ৰূপৰেখা দাঙি ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা প্ৰবাসী ভাৰতীয়ৰ ৷ এগৰাকী প্ৰবাসী ভাৰতীয়ই ক’লে মোদী সদায় শুদ্ধ আৰু তেওঁ সংখ্যাৰ খেলত পাকৈত ৷

PM Modi Poland Visit
পোলেণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণক প্ৰশংসা প্ৰবাসী ভাৰতীয়ৰ (ANI Photo)

নিউজ ডেস্ক, ২২ আগষ্ট : দুদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে পোলেণ্ডত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । বৃহস্পতিবাৰে তেওঁ পোলেণ্ড ভ্ৰমণ সামৰি ইউক্ৰেইনলৈ ৰাওনা হ'ব । পোলেণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে প্ৰবাসী ভাৰতীয়সকলকো সম্বোধন কৰে ।

ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলে পোলেণ্ডত ভাষণৰ সময়ত ভাৰতৰ বিকাশৰ কাহিনী প্ৰতিফলিত কৰা পৰিসংখ্যাৰ ৰূপৰেখা দাঙি ধৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰে ৷ এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত প্ৰবাসী ভাৰতীয় সদস্য আকাশদীপে কয়, "আমি প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ ভাল পাইছোঁ ৷ আমি পুৱাৰে পৰা তেওঁৰ বাবে ইয়াত অপেক্ষা কৰি আছোঁ । তেওঁ বহুত উদ্যমী আছিল । তেওঁ সদায় শুদ্ধ ? মই অনুভৱ কৰোঁ যে আজি প্ৰধানমন্ত্ৰী মোদী আটাইতকৈ আকৰ্ষণীয় নেতা । তেওঁ ভাষণ দিয়াৰ লগে লগে সমগ্ৰ প্ৰেক্ষাগৃহটো শক্তিৱন্ত হৈ পৰিছিল আৰু সকলোৱে উপভোগ কৰিছিল ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ৱাৰ্ছত ভাৰতীয় সম্প্ৰদায়ৰ সন্মানত আয়োজিত এক অনুষ্ঠানত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰে । অনুষ্ঠানটোত তেওঁক উষ্ম আদৰণি জনোৱা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ৪৫ বছৰৰ পিচত পোলেণ্ড ভ্ৰমণ কৰিছে । প্ৰবাসী ভাৰতীয়সকলৰ এজন সদস্যই ভাষণৰ সময়ত উপস্থাপন কৰা ভাৰতৰ বিকাশ প্ৰদৰ্শন কৰা পৰিসংখ্যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰে ।

প্ৰবাসী ভাৰতীয়সকলৰ আন এগৰাকী সদস্যই কয়, "তেওঁৰ ভাষণ অতি মনোমোহা আছিল । আমি কৃতজ্ঞ যে তেওঁ ইয়ালৈ আহিছে আৰু আমি তেওঁক লগ পোৱাৰ সুযোগ পাইছোঁ । মই আটাইতকৈ বেছি ভাল পাইছোঁ এইটো যে তেওঁ ভাষণৰ সময়ত ভাৰতৰ বিকাশ প্ৰদৰ্শন কৰা পৰিসংখ্যা উপস্থাপন কৰিছিল । এইটো আমাৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আছিল আৰু এনেদৰেই আমি আগবাঢ়িব বিচাৰোঁ ।’’

প্ৰবাসী ভাৰতীয় সদস্য হীৰেনে কয় যে প্ৰধানমন্ত্ৰী মোদী সংখ্যাৰ খেলত পাকৈত । তেওঁ কয় যে তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰি নিজকে ভাগ্যৱান অনুভৱ কৰিছে । এ এন আইৰ সৈতে বাৰ্তালাপত তেওঁ কয়, "চিৰাচৰিতভাৱে তেওঁ অতি প্ৰখৰ, সকলো সংখ্যাৰ খেল আৰু তেওঁ যি কৈছিল সকলোবোৰে পোনপটীয়াকৈ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিছে । মানুহবোৰ ইয়ালৈ বহুত আগ্ৰহেৰে আহিছে। তেওঁলোকে শ্লোগান দিছে । এইটো এটা অতি আৱেগিক অনুভৱ । আমি নিজকে ভাগ্যৱান অনুভৱ কৰোঁ যে আমি তেওঁক চাবলৈ সক্ষম হৈছোঁ । তেওঁক ভাৰতত ইমান ঘনিষ্ঠভাৱে দেখা পোৱাটো সম্ভৱ নহয় । আমি ইয়াৰ অংশ হ'বলৈ পাই ভাগ্যৱান ।"

আনহাতে, অনুষ্ঠানটোত ভাৰত নাট্যম প্ৰদৰ্শন কৰা পোলেণ্ডত বাস কৰা এগৰাকী নৃত্যশিল্পী অৰ্পিতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত নৃত্য প্ৰদৰ্শন কৰাটো এক ডাঙৰ সন্মান বুলি অভিহিত কৰে । বেনাৰ্জীয়ে কয় যে তেওঁ সংগীসকলৰ সৈতে ভাৰত নাট্যম আৰু কথক প্ৰদৰ্শন কৰে । তেওঁ কয়, "এই ডাঙৰ অনুষ্ঠানটোত নৃত্য প্ৰদৰ্শন কৰাটো এক ডাঙৰ সন্মান । এইটো এটা ডাঙৰ সুযোগ । পোলেণ্ডত থকা ভাৰতীয় দূতাবাসে মোক আৰু মোৰ দলটোক এটা ভাল সুযোগ দিলে । আমি একেলগে ভাৰত নাট্যম আৰু কথক পৰিবেশন কৰোঁ । আমি সকলো ভাৰতীয় শাস্ত্ৰীয় নৃত্যক প্ৰদৰ্শন কৰা নাই । কিন্তু আমি শাস্ত্ৰীয় নৃত্যৰ দক্ষিণীয় অংশটো প্ৰদৰ্শন কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিলোঁ, যিটো হৈছে তামিলনাডুৰ ভাৰত নাট্যম । আনটো হৈছে ভাৰতৰ উত্তৰ অংশৰ দিল্লীৰ কথক । প্ৰধানমন্ত্ৰী মোদীজীৰ সন্মুখত ইয়াত এই অনুষ্ঠান প্ৰদৰ্শন কৰাৰ এইটো প্ৰকৃততে এক ডাঙৰ সুযোগ ।"

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভাষণত কয় যে ভাৰতৰ ৰণনীতি হৈছে সমদূৰত্বত থকাৰ পূৰ্বৰ নীতিৰ তুলনাত সকলো ৰাষ্ট্ৰৰ সৈতে সমান ঘনিষ্ঠতা বজাই ৰখা । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "যোৱা সপ্তাহৰ পৰা ভাৰতীয় সংবাদ মাধ্যমসমূহে কেৱল আপোনালোকৰ বিষয়েহে কথা পাতি আছে । এটা শিৰোনাম হৈছে যে ৪৫ বছৰৰ ভিতৰত এইটো প্ৰথমবাৰৰ বাবে হৈছে যে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰিছে । মোৰ ভাগ্যত বহুতো ভাল বস্তু আছে । মই অলপতে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছিলোঁ । তাতো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে চাৰি দশকৰ পিচত ভ্ৰমণ কৰিছিল । এতিয়া পৰিস্থিতি সলনি হৈছে ।"

"কেইবা দশক ধৰি ভাৰতৰ সকলো দেশৰ পৰা দূৰত্ব বজাই ৰখাৰ নীতি আছিল । অৱশ্যে আজিৰ ভাৰতৰ নীতি হৈছে সকলো দেশৰ সৈতে সমান ঘনিষ্ঠতা থকা । আজিৰ ভাৰতে সকলোৰে সৈতে সংযোগ স্থাপন কৰিব বিচাৰে । আজিৰ ভাৰতে সকলোৰে বিকাশৰ কথা কয় । আজিৰ ভাৰত সকলোৰে সৈতে আছে আৰু সকলোৰে স্বাৰ্থৰ বিষয়ে চিন্তা কৰে ।" তেওঁ লগতে কয় ।

লগতে পঢ়ক :আজি ভাৰতৰ ৰণনীতি হৈছে সকলো ৰাষ্ট্ৰৰ সৈতে সমান ঘনিষ্ঠতা বজাই ৰখা: প্ৰধানমন্ত্ৰী মোদী - PM Modi in Poland
লগতে পঢ়ক :আজিৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰ ঐতিহাসিক পোলেণ্ড আৰু ইউক্ৰেইন ভ্ৰমণ - Prime Minister Narendra Modi

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.