ETV Bharat / bharat

মোদীৰ তৃতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেইবাগৰাকীও ৰাষ্ট্ৰনেতা - lok sabha election results 2024

author img

By PTI

Published : Jun 6, 2024, 12:44 PM IST

Modi Swearing in Ceremony : বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও ইয়াৰ মিত্ৰদলৰ সহায়ত এন ডি এ মিত্ৰজোঁটে পুনৰবাৰ দেশৰ শাসনৰ বাঘজৰী হাতত ল'বলৈ আগবাঢ়িছে । বুধবাৰে দুই মিত্ৰদলৰ নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে চৰকাৰক সমৰ্থন জনোৱাৰ সেউজ সংকেত প্ৰদানক পিচত ৰাষ্ট্ৰপতিৰ ওচৰত এন ডি এয়ে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে । সকলো ঠিকে থাকিলে তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীয়ে শনিবাৰে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সম্ভাৱনা আছে ।

Modi Swearing in Ceremony
এন ডি এৰ নেতাসকলৰ সৈতে মোদী (Photo Source: X@narendramodi)

নিউজ ডেস্ক, ৬ জুন : ৰাষ্ট্ৰপতিক আনুষ্ঠানিকভাৱে এন ডি এয়ে চৰকাৰ গঠনৰ বাবে দাবী জনোৱাৰ পিচত দেশে পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে লাভ কৰিবলৈ গৈ আছে । সকলো ঠিকে থাকিলে চলিত সপ্তাহৰ অন্তিম দিনটোত নৰেন্দ্ৰ মোদীয়ে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ সম্ভাৱনা আছে ।

এই শপত গ্ৰহণ অনুষ্ঠানলৈ শ্ৰীলংকা আৰু বাংলাদেশকে ধৰি ভাৰতৰ কেইবাখনো চুবুৰীয়া দেশৰ ৰাষ্ট্ৰনেতাক আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে বুলি সূত্ৰত প্ৰকাশ।

উল্লেখ্য, ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটে (এন ডি এ) লোকসভা নিৰ্বাচনত ২৯৩ খন আসন লাভ কৰাৰ পিচত মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ল'বলৈ সাজু হৈছে । আনহাতে, এক ভিতৰুৱা সূত্ৰ মতে, মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাবলগীয়া বিদেশী নেতাসকলৰ ভিতৰত বাংলাদেশ, শ্ৰীলংকা, ভূটান, নেপাল আৰু মৰিচাছৰ শীৰ্ষ নেতাসকল উপস্থিত থকাৰ সম্ভাৱনা আছে ।

ইফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰণিল বিক্ৰমসিংহেৰ কাৰ্যালয়ৰ মিডিয়া বিভাগে কৈছে যে মোদীয়ে তেওঁক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে । লগতে কৈছে যে বিক্ৰমসিংহেয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে আৰু মোদীক বিজয়ৰ বাবে ফোনযোগে অভিনন্দন জনাইছে ।

"বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি বিক্ৰমসিংহেক তেওঁৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনায়, যিটো ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে ।" ৰাষ্ট্ৰপতি কাৰ্যালয়ে এনেদৰে কয় ।

আনহাতে, মোদীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতেও ফোনত বাৰ্তালাপ কৰে । লগতে তেওঁক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনায় । কূটনৈতিক সূত্ৰত এই কথা প্ৰকাশ ।

ইয়াৰ উপৰি নেপালী প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল প্ৰচণ্ড, ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী প্ৰবিন্দ জগনাথক মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব । মোদীয়ে প্ৰচণ্ডৰ সৈতেও ফোনযোগে বাৰ্তালাপ কৰে ।

সূত্ৰ মতে, ইয়াৰ বাবে আনুষ্ঠানিক আমন্ত্ৰণ-পত্ৰসমূহ বৃহস্পতিবাৰে প্ৰেৰণ কৰা হ'ব । উল্লেখ্য যে মোদীৰ প্ৰথম শপত গ্ৰহণ অনুষ্ঠানত চাৰ্ক গ্ৰুপৰ (দক্ষিণ এছিয়ান আঞ্চলিক সহযোগিতা সংস্থা) দেশসমূহৰ নেতাসকল উপস্থিত আছিল । সেই সময়ত তেওঁ বিজেপিৰ বাবে এক বৃহৎ নিৰ্বাচনী বিজয়েৰে প্ৰধানমন্ত্ৰী হিচাপে দেশৰ শাসনভাৰ গ্ৰহণ কৰিছিল ।

আনহাতে, ২০১৯ চনত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত বিমষ্টেক দেশসমূহৰ নেতাসকল উপস্থিত আছিল ।

সূত্ৰমতে, মোদীয়ে ৮ জুনত শপত লোৱাৰ সম্ভাৱনা আছে । যদিও নিৰ্বাচনত বিজেপিয়ে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, কিন্তু দলটোৰ নেতৃত্বত মিত্ৰজোঁটে ৫৪৩ খন আসনৰ ভিতৰত ২৯৩ খন আসন লাভ কৰে । সংসদৰ নিম্ন সদনত সংখ্যাগৰিষ্ঠতাৰ সংখ্যা হৈছে ২৭২ ।

লগতে পঢ়ক :চৰকাৰ গঠন কৰিবলৈ সাজু এন ডি এ : 7 জুনত অনুমতি বিচাৰিব ৰাষ্ট্ৰপতিৰ - NDA To Meet President On June 7

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.