ETV Bharat / bharat

দেওবাৰে মুম্বাইত নিৰ্বাচনী ৰণশিঙা বজাব ইণ্ডিয়া ব্লকে

Lok Sabha election 2024 : মহাৰাষ্ট্ৰৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক আশিস ডুৱাই ইটিভি ভাৰতৰ আগত জানিবলৈ দিয়ে যে ভাৰত জোড়ো ন্যায় যাত্ৰা শনিবাৰে ধাৰাৱীত সমাপ্ত হ'ব । কিন্তু সামৰণী অনুষ্ঠানটো দেওবাৰে শিৱাজী পাৰ্কত অনুষ্ঠিত হ'ব । তাত বিৰোধীয়ে নিজৰ শক্তি প্ৰদৰ্শন কৰিব ।

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 1:15 PM IST

দেওবাৰে মুম্বাইত নিৰ্বাচনী ৰণশিঙা বজাব ইণ্ডিয়া ব্লকে
দেওবাৰে মুম্বাইত নিৰ্বাচনী ৰণশিঙা বজাব ইণ্ডিয়া ব্লকে

নিউজ ডেস্ক, ১৬ মাৰ্চ : আগন্তুক দিনত দেশত পৰিৱৰ্তন অনাৰ প্ৰতিশ্ৰুতিৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকে দেওবাৰে মুম্বাইৰ পৰা লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাব । ভাৰতৰ নিৰ্বাচন আয়োগে শনিবাৰে পৰৱৰ্তী লোকসভালৈ ৫৪৩ গৰাকী সদস্য নিৰ্বাচিত কৰাৰ সময়সূচী ঘোষণা কৰাৰ এদিন পিচতে বিৰোধী মিত্ৰজোঁটে এই শক্তি প্ৰদৰ্শন কৰিব ।

উল্লেখ্য যে অহা এপ্ৰিল আৰু মে' মাহত কেইবাটাও পৰ্যায়ত নিৰ্বাচনৰ সময়সূচী চলাৰ সম্ভাৱনা আছে । আনহাতে, ফলাফল মে' মাহৰ তৃতীয় সপ্তাহমানত ওলাব পাৰে ।

আনহাতে, কংগ্ৰেছৰ আভ্যন্তৰীণ সূত্ৰ মতে, আগন্তুক নিৰ্বাচনী যুঁজৰ বাবে দেশৰ সবাতোকৈ পুৰণি দলটোৰ মূল শ্লোগান হ'ব 'হাথ বদলেগা হালাত' অৰ্থাৎ হাতে (কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতীক) দেশত পৰিৱৰ্তন আনিব ।

যিহেতু ইণ্ডিয়া ব্লকৰ বেছিভাগে উক্ত পৰিৱৰ্তন প্ৰক্ৰিয়াৰ অংশ হ'বলৈ প্ৰতিশ্ৰুতিবদ্ধ, সেয়ে এই অনুষ্ঠানত এনচিপিৰ শৰদ পাৱাৰ, শিৱসেনা ইউবিটিৰ উদ্ধৱ থাকৰে, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, ৰাষ্ট্ৰীয় জনতা দলৰ তেজস্বী যাদৱ, ডিএমকেৰ এম কে ষ্টেলিন, আম আদমি পাৰ্টীৰ সৌৰভ ভৰদ্বাজ, চিপিআই-এমএল আৰু ফাৰুক আব্দুল্লাৰ নেচনেল কনফাৰেন্স উপস্থিত থাকিব বুলি আশা কৰা হৈছে । এই কাৰ্যসূচীয়ে ৰাহুল গান্ধীৰ দেশজোৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সমাপ্তি ঘোষণা কৰিব ।

"এই যাত্ৰা শনিবাৰে ধাৰাৱীত সমাপ্ত হ'ব । কিন্তু সামৰণী অনুষ্ঠানটো দেওবাৰে শিৱাজী পাৰ্কত অনুষ্ঠিত হ'ব । আমি কাইলৈ এক ডাঙৰ বিৰোধী শক্তি প্ৰদৰ্শনৰ আশা কৰিছোঁ ।" মহাৰাষ্ট্ৰৰ দায়িত্বত থকা এআইচিচিৰ সম্পাদক আশিস ডুৱাই ইটিভি ভাৰতৰ আগত কয় ।

আনহাতে, কংগ্ৰেছ নেতাগৰাকীৰ মতে, কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী প্ৰচাৰ শ্লোগান আৰু যাত্ৰাৰ কেন্দ্ৰীয় বিষয়বস্তু সামাজিক ন্যায়ৰ একেই ধাৰণাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ।

"ৰাহুল গান্ধীয়ে বিজেপিৰ শাসনকালত সমাজৰ মুখ্য অংশবোৰ কেনেদৰে ক্ষতিগ্ৰস্ত হৈছে তাৰ ওপৰত আলোকপাত কৰি আহিছে । তেওঁ যাত্ৰাৰ মাজেৰে প্ৰতিশ্ৰুতি দিছিল যে কংগ্ৰেছে সেই সমস্যাবোৰ সমাধান কৰিব । আমাৰ সকলো মিত্ৰশক্তিয়েও একেই দৰ্শন প্ৰকাশ কৰি আহিছে আৰু তেওঁলোকে নিজৰ স্তৰত সেয়া প্ৰকাশ কৰি আহিছে । দেওবাৰে মিত্ৰজোঁটে জনসাধাৰণলৈ এক বাৰ্তা প্ৰেৰণ কৰিব যে আমি একেলগে আছোঁ । পৰিৱৰ্তন আনিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু উক্ত উদ্দেশ্য লাভ কৰিবলৈ সক্ষম ।" ডুৱাই কয় ।

এআইচিচিৰ কৰ্মকৰ্তাৰ মতে, অনাগত দিনবোৰত ছ'চিয়েল মিডিয়া আৰু সাধাৰণ স্তৰত দলটোৰ প্ৰচাৰে সমগ্ৰ দেশতে পৰিৱৰ্তনৰ বাৰ্তা প্ৰচাৰ কৰিব ।

লগতে পঢ়ক :লোকসভা নিৰ্বাচন ২০২৪; নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিব নিৰ্বাচনৰ সময়সূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.