ETV Bharat / bharat

অচল বেংক একাউন্ট পুনৰ সক্ৰিয় হ’ল কংগ্ৰেছৰ - কংগ্ৰেছ

Congress Account De-freeze: কংগ্ৰেছৰ বেংক একাউন্ট ফ্ৰীজ কৰিলে আয়কৰ বিভাগে ৷ অৱশ্যে কংগ্ৰেছে আয়কৰ আপীল ন্যায়াধিকৰণত আবেদন দাখিল কৰাৰ পিচতেই একাউন্ট কেইটা পুনৰ সক্ৰিয় হয় ৷

Congress Account De-freeze
No More Frozen
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 3:41 PM IST

নিউজ ডেস্ক, 16 ফেব্ৰুৱাৰী: শুকুৰবাৰে কংগ্ৰেছ নেতা বিবেক টংখাই জনাইছে যে আয়কৰ আপীল ন্যায়াধিকৰণে কংগ্ৰেছ দলৰ একাউণ্ট ডি-ফ্ৰীজ কৰিছে । আয়কৰ কৰ্তৃপক্ষই কংগ্ৰেছৰ মূল বেংক একাউণ্ট ফ্ৰীজ কৰি ৰখা বুলি দলটোৱে জনোৱাৰ মাত্ৰ এঘণ্টাৰ পিছতে এই নিশ্চিতকৰণ লাভ কৰিছে, যাৰ ফলত সকলো ৰাজনৈতিক কাৰ্যকলাপত প্ৰভাৱ পৰিছে ।

কংগ্ৰেছৰ হৈ ন্য়ায়াধিকৰণত এই নিৰ্দেশৰ বিৰুদ্ধে ঠিয় দিছিল বিবেক টাংখা ৷ তেওঁ কয় যে দলৰ বেংক একাউন্ট এতিয়া পুনৰ চলাব পৰা হৈছে ৷ অহা বুধবাৰে ন্যায়াধিকৰণে এই বিষয়ত শুনানি গ্ৰহণ কৰিব ৷

টাংখাই জনোৱা মতে, তেওঁ ন্যায়াধিকৰণক কয় যে কিবা কাৰণে যদি দলৰ বেংক একাউন্ট অচল কৰি ৰখা হয় তেন্তে কংগ্ৰেছে নিৰ্বাচনত অংশ গ্ৰহণ কৰিব নোৱাৰিব ৷ দিনটোৰ আৰম্ভণিতে কোষাধ্যক্ষ অজয় মাকেনে কয় যে আয়কৰ বিভাগে ‘সাধাৰণ কাৰণ’ত কংগ্ৰেছৰ মূল একাউন্টটো অচল কৰি ৰাখিছে ৷ ইয়াৰ ফলত দলটোৰ কাৰ্য-কলাপত প্ৰভাৱ পৰিছে ৷ ইফালে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ বাবে মাজত মাত্ৰ দুটা সপ্তাহ বাকী আছে ৷

সংবাদমেলত মাকেনে কয় যে ভাৰতীয় যুৱ কংগ্ৰেছকে ধৰি একাউণ্টসমূহ অচল কৰা হৈছিল নিৰ্বাচনী বৰ্ষ ২০১৮-১৯ বৰ্ষৰ বাবে ২১০ কোটি টকাৰ আয়কৰৰ দাবীত । তেওঁৰ মতে, দলটোৱে সংশ্লিষ্ট বছৰৰ আয়কৰ ৰিটাৰ্ণ কেইদিনমান পলমকৈ দাখিল কৰে আৰু সেইবাবেই এই ব্যৱস্থা গ্ৰহণ কৰে বিভাগে । তেওঁ কয় যে আই টি কৰ্তৃপক্ষৰ পৰা একাউণ্ট ফ্ৰীজ কৰাৰ নিৰ্দেশ বুধবাৰে আহিছিল ।

মেকেনে কয় যে আয়কৰ বিভাগৰ নিৰ্দেশৰ প্ৰতি সঁহাৰি জনাই দলটোৱে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বৰ্তমান এই বিষয়টো আয়কৰ আপীল ন্যায়াধিকৰণৰ ওচৰত আছে ৷ তেওঁ লগতে কয় যে শুনানি বাকী থকাৰ বাবে তেওঁলোকে তথ্যসমূহ আগতে প্ৰকাশ নকৰাৰ সিদ্ধান্ত লৈছিল ।

মেকেনে কয় যে চাৰিটা মূল বেংক একাউণ্ট ফ্ৰীজ কৰা হৈছে । পিছত সূত্ৰই এই সংখ্যা ৯ বুলি প্ৰকাশ কৰে । দলটোৱে নিজৰ ক্ৰাউডফাণ্ডিং আঁচনিৰ অধীনত লাভ কৰা ধনো ব্যৱহাৰ কৰিবলৈ সক্ষম নহয় বুলি উল্লেখ কৰি এয়া গণতন্ত্ৰৰ বাবে বিপদ বুলি অভিযোগ তোলে মাকেনে ৷

সাংবাদিকৰ আগত মেকেনে কয় যে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণাৰ মাত্ৰ দুসপ্তাহ পূৰ্বে আয়কৰ কৰ্তৃপক্ষই সাধাৰণ কাৰণত প্ৰধান বিৰোধী দলটোৰ একাউণ্ট অচল কৰি ৰাখিছে ।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এক্সত এটা পোষ্টত কয়, “ক্ষমতাৰ ৰাগিত ৰাগিয়াল মোদী চৰকাৰে লোকসভা নিৰ্বাচনৰ ঠিক আগতে দেশৰ সৰ্ববৃহৎ বিৰোধী দল - ভাৰতীয় জাতীয় কংগ্ৰেছৰ একাউণ্ট ফ্ৰীজ কৰি ৰাখিছে ।”

লগতে পঢ়ক: কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰীজ আয়কৰ বিভাগৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.