ETV Bharat / bharat

ৰাইজে গমেই নাপালে: ঘৰে-মন্দিৰে মিলি গোটে গোটে গাঁওখনকেই বিক্ৰী কৰি পেলালে কোনে ? - village sold In Gujarat

author img

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 5:42 PM IST

Village sold: প্ৰৱঞ্চনাৰ খবৰ আপুনি বহুত শুনিছে ৷ আজি এনে এটা প্ৰৱঞ্চনাৰ বিষয়ে ক’বলৈ ওলাইছো, যিটো শুনিলে আপোনাৰ চকু থৰ হৈ যাব ৷ এনেকুৱা হ’ব পাৰে বুলি আপুনি হয়তো সপোনতো কল্পনা কৰিব নোৱাৰে ৷ ৰাইজৰ অজ্ঞাতে এখন গাঁও বিক্ৰী হৈ যোৱাৰ কথা আপুনি বাৰু ভাবিব পাৰেনে ? এয়া বাস্তৱতে হৈছে ৷ পঢ়ক সবিশেষ...

VILLAGE SOLD IN GUJARAT
এখন গাঁও বিক্ৰী হৈ গ’ল (ETV Bharat Assam)

নিউজ ডেস্ক, 5 ছেপ্টেম্বৰ: এখন গাঁও বিক্ৰী হৈ গ’ল ৷ কোনেও গমেই নাপালে এই কথা ৷ ভূ-মাফিয়াই সকলোৰে অজ্ঞাতেই এখন গাঁও বিক্ৰী কৰি দিলে ৷ যেতিয়া গাঁওখনৰ লোকসকলে এই বিষয়ে জানিব পাৰিলে তেতিয়া তেওঁলোকৰ মূৰত যেন সৰগহে ভাগি পৰিল ৷ সকলো আচৰিত হৈ পৰিল, এয়া কেনেকৈ সম্ভৱ হ’ব পাৰে ? প্ৰশ্ন অনেক কিন্তু উত্তৰ শূন্য ৷

গাঁওখনত আছে এখন চৰকাৰী বিদ্যালয়, প্ৰায় 48 ঘৰ মানুহ, 4 টা মন্দিৰ আৰু 4 টা চৰকাৰী পথ ৷ এই মানুহবোৰে একো বুজিয়েই নাপালে, কেনেকৈ বিক্ৰী হৈ গ’ল গাঁওখন ৷ গাঁওখনৰ জনসংখ্যা প্ৰায় 400 গৰাকী ৷ কোনোটো পৰিয়ালে 1975 চনৰ পৰাই বাস কৰি আহিছিল গাঁওখনত ৷ কিন্তু আজি এই গাঁওখনৰ লোকসকলৰ হাহাকাৰ অৱস্থা ৷ কাৰণ গাঁওখন কোনোবাই বিক্ৰী কৰি দিলে ৷

গাঁওখনৰ 162 নং ডাকত 1997 চনতে স্থাপন হৈছিল এখন চৰকাৰী প্ৰাথমিক বিদ্যালয় ৷ তাৰোপৰি ইয়াত আছে প্ৰায় 22 টা চৰকাৰী গৃহ ৷ মন্দিৰো আছে, চৰকাৰী ৰাস্তাও আছে ৷ কিন্তু সকলো থাকিও আজি যেন শূন্য় এই গাঁওখন ৷ গাঁওবাসীয়ে জনোৱা মতে, গাঁও বিক্ৰীৰ কাগজ-পত্ৰও ইতিমধ্যে তৈয়াৰ হৈ গ’ল ৷

এই গাঁওখন আছে গুজৰাটৰ খেদা জিলাৰ মহুধা তালুকত ৷ জালাপুৰা নামৰ এই গাঁওখন বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে ৷ তেওঁলোকৰ মতে, 50 বছৰ আগতে গাঁৱৰ বয়োজ্যেষ্ঠসকলে পাঁচ টকাৰ দলিলত মাটি কিনি বিক্ৰী কৰিছিল । ভোগ দখল আৰু মালিকীস্বত্বৰ অধিকাৰো গাঁৱৰ মানুহৰে আছিল । ইফালে গাঁওবাসীয়ে কয় যে ডাকোৰ-মহুধা পথত একাংশ বিষয়াৰ সহযোগত কোটি কোটি টকাৰ মাটি ভূ-মাফিয়াই দখল কৰিছে ।

গাঁওবাসীৰ অভিযোগ যে পুৰণি মালিকৰ উত্তৰাধিকাৰীয়ে ফাৰ্মৰ নামত ভুৱা নথি বনাই মাটি বিক্ৰী কৰিছে । কৃষিভূমি দেখুৱাই ভুৱা প্ৰমাণ দাখিল কৰি নথিখন প্ৰস্তুত কৰা হৈছে । বিক্ৰীৰ নথিৰ পিছত এটা টোকাও লিখা হয় । গাঁওবাসীয়ে ২০২৩ চনত মহুধা আদালততো গোচৰ ৰুজু কৰিছিল, যিটো গোচৰ চলি আছে ।

এই সন্দৰ্ভত বৃহৎসংখ্যক গাঁওবাসী উপস্থিত হৈ খেদা জিলা উপায়ুক্তৰ ওচৰত এখন আৱেদন দাখিল কৰে । লগতে গাঁৱৰ ৰাইজে কৈছে যে যদি যিমান পাৰি সোনকালে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে তেওঁলোকে আমৰণ অনশনৰ পথ বাচি ল’ব ।

গাঁৱৰ প্ৰাক্তন গাঁওপ্ৰধান ৰাইজীভায়ে কয়, ‘‘এই মাটি আমাৰ বয়োজ্যেষ্ঠসকলৰ ওচৰত আছিল, আইনগতভাৱে আমাৰ বয়োজ্যেষ্ঠসকলৰ নামত আছিল । ৭/১২, ৮এ ত আমাৰ দখল আছে । এই মাটিত প্ৰায় 48 টা ঘৰ, চাৰিটা মন্দিৰ, এখন প্ৰাথমিক বিদ্যালয় আৰু ৰাস্তা-ঘাট আছে । কিন্তু এই লোকসকলে বিষয়াসকলৰ সৈতে ষড়যন্ত্ৰ কৰিছে । নথিখনত ​​যি লিপিবদ্ধ কৰা হৈছে সেয়া সম্পূৰ্ণ ভুল । প্ৰমাণৰ লগতে আবেদনখন আমি ৰাজহ বিষয়া আৰু জিলা আয়ুক্তক দিছো ।’’

এই সন্দৰ্ভত মহুধাৰ ৰাজহ বিষয়া প্ৰতীক ভুৰিয়াই কয়, ‘‘জালাপুৰা গাঁৱৰ ৰাইজে মোক এই সন্দৰ্ভত অভিযোগ দিছে । যিটো গ্ৰহণ কৰা হৈছে আৰু এই সন্দৰ্ভত গোচৰ তৰা হৈছে । ওপৰৰ পৰা পোৱা পৰামৰ্শ অনুসৰি তদন্ত কৰা হ’ব ।’’

উল্লেখ্য যে ইয়াৰ পূৰ্বেও গুজৰাটত এনেদৰে বিক্ৰী কৰা হৈছিল আন এখন গাঁও ৷ ২০২৪ চনৰ জুলাই মাহত গুজৰাটৰ গান্ধীনগৰ জিলাৰ ৬০০ জনসংখ্যা থকা জুনা পাহাডীয়া নামৰ গাঁওখন বিক্ৰী কৰা এক ঘটনা পোহৰলৈ আহিছিল ৷ য’ত মাটিৰ দালালে গাঁওবাসীৰ সৈতে ষড়যন্ত্ৰ কৰি ভুৱা প্ৰমাণপত্ৰ দেখুৱাই মাটি বিক্ৰী কৰে ৷

লগতে পঢ়ক: বিক্ৰী হৈ গ’ল এখন গাঁও; ঘুণাক্ষৰেও গম নাপালে গাঁওবাসীয়ে ! কিন্তু কেনেকৈ... - Juna Pahadiya Village

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.