ETV Bharat / bharat

নতুন বিপদত আৰ জি কৰ চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ; সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন - RG Kar Rape Murder case

author img

By ANI

Published : Aug 29, 2024, 9:36 AM IST

IMA Suspends Sandip Ghoshs Membership : ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ অনুশাসন সমিতিয়ে সৰ্বসন্মতিক্ৰমে ডাঃ সন্দীপ ঘোষক আই এম এৰ সদস্যপদৰ পৰা তৎক্ষণাৎ নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে ।

IMA Suspends Sandip Ghoshs Membership
সন্দীপ ঘোষৰ আই এম এ সদস্যপদ নিলম্বন (ANI Photo)

নিউজ ডেস্ক, ২৯ আগষ্ট : ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে (The Indian Medical Association, IMA) বুধবাৰে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষৰ সদস্যপদ নিলম্বন কৰে । চলিত মাহৰ আৰম্ভণিতে এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকক বলাৎকাৰ আৰু হত্যাৰ অভিযোগৰ চি বি আই তদন্তৰ মাজতে আই এম এয়ে এই ব্যৱস্থা গ্ৰহণ কৰে ।

এক নিৰ্দেশত ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে কয় যে আই এম এৰ ৰাষ্ট্ৰীয় সভাপতি ডাঃ আৰ ভি আছোকানে গঠন কৰা স্বতন্ত্ৰ সমিতিখনে স্নাতকোত্তৰ আৱাসিক চিকিৎসকৰ ধৰ্ষণ তথা হত্যাৰ ঘটনা আৰু কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰৱৰ্তী ঘটনাসমূহ বিবেচনা কৰিছে ।

"ৰাষ্ট্ৰীয় সভাপতিৰ সৈতে নিম্নস্বাক্ষৰকাৰীসকলে ভুক্তভোগীৰ অভিভাৱককো তেওঁলোকৰ ঘৰলৈ সাক্ষাৎ কৰিছে । তেওঁলোকে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সহানুভূতি আৰু সংবেদনশীলতাৰ অভাৱৰ বাবে আপোনাৰ (ঘোষ) বিৰুদ্ধে তেওঁলোকৰ অভিযোগ উত্থাপন কৰে । আনহাতে, বিষয়টো উপযুক্তভাৱে চম্ভালাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে আপোনাৰ ব্যৱহাৰ উপযুক্ত নাছিল ।" আদেশটোত উল্লেখ কৰা হৈছে ।

"আই এম এ বংগ ৰাজ্যিক শাখাৰ লগতে চিকিৎসকসকলৰ কিছুমান সংগঠনেও সামগ্ৰিকভাৱে আপুনি এই বৃত্তিটোলৈ অনা বদনামৰ প্ৰকৃতিৰ কথা উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ।" লগতে কোৱা হৈছে ।

নিৰ্দেশটোত আৰু কোৱা হৈছে যে আই এম এৰ অনুশাসন সমিতিয়ে "সৰ্বসন্মতিক্ৰমে আপোনাক ভাৰতীয় চিকিৎসা সংস্থাৰ সদস্যপদৰ পৰা তৎক্ষণাৎ নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে ।"

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'ৱে (চি বি আই) প্ৰতিষ্ঠানটোত এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ-হত্যাৰ তদন্তৰ অংশ হিচাপে আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ওপৰত দ্বিতীয় পৰ্যায়ৰ পলিগ্ৰাফ পৰীক্ষা সমাপ্ত কৰে ।

উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে চি বি আইক চিকিৎসা মহাবিদ্যালয়খনত উত্থাপিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়াৰ পিচত এই তদন্ত আৰম্ভ কৰা হৈছে ।

আনহাতে, কলকাতা উচ্চ ন্যায়ালয়ে চি বি আইক তদন্তৰ ক্ষেত্ৰত প্ৰগতি প্ৰতিবেদন দাখিল কৰিবলৈ তিনি সপ্তাহৰ সময় দিছে । সেই অনুসৰি এই প্ৰতিবেদন ১৭ ছেপ্টেম্বৰত দাখিল কৰিব লাগিব ।

ইফালে চলিত মাহৰ মাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে ঘটনা সন্দৰ্ভত এক স্বতঃপ্ৰণোদিত গোচৰৰ শুনানিৰ সময়ত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নিৰাপত্তা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীক (চি আই এছ এফ) হস্তান্তৰ কৰিবলৈ নিৰ্দেশ দিয়ে ।

উল্লেখ্য যে শিক্ষা নবিছ চিকিৎসকগৰাকীক ৯ আগষ্টত কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ছেমিনাৰ হলত মৃত অৱস্থাত পোৱা গৈছিল ।

লগতে পঢ়ক :কলকাতাত ছাত্ৰ সমাজৰ বৃহৎ প্ৰতিবাদ; কঠোৰ পশ্চিমবংগ আৰক্ষীৰ - Nabanna Abhijan Rally
লগতে পঢ়ক :চিকিৎসক ধৰ্ষণ-হত্যাকাণ্ড : আৰ জি কৰৰ প্ৰাক্তন অধ্যক্ষৰ দ্বিতীয় পৰ্যায়ৰ পলিগ্ৰাফ পৰীক্ষা - Kolkata Doctor Rape Murder

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.