নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী : ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স (আইআইএছচি) বা সৰ্বভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলৰ এক ডাঙৰ সফলতা । তেওঁলোকে এক সংশ্লেষিত মানৱ এণ্টিবডী উদ্ভাৱন কৰিছে, যিয়ে অতি বিষাক্ত সাপৰ এলাপিডি পৰিয়ালৰ দ্বাৰা উৎপাদিত শক্তিশালী নিউৰোটক্সিন নিষ্ক্ৰিয় কৰিব পাৰে । এই পৰিয়ালৰ ভিতৰত আছে ফেঁটী সাপ, ৰজা ফেঁটী, চকৰী ফেঁটী আৰু আফ্ৰিকাৰ অতি বিষাক্ত ব্লেক মাম্বা ।
আইআইএছচিৰ স্ক্ৰিপছ ৰিচাৰ্চ ইনষ্টিটিউট আৰু চেণ্টাৰ ফৰ ইক'লজিকেল ছায়েন্সেছৰ (চিইএছ) ইভ'লিউশ্যনেৰী ভেনমিক্স লেবৰ (ইভিএল) দলটোৱে নতুন বিষ-নিষ্ক্ৰিয়কৰণ এণ্টিবডী সংশ্লেষণ কৰাৰ বাবে এইচআইভি আৰু কোভিড-19-ৰ বিৰুদ্ধে এণ্টিবডী পৰীক্ষাৰ বাবে পূৰ্বতে ব্যৱহাৰ কৰা এক পদ্ধতি গ্ৰহণ কৰিছিল ।
ইভিএল, চিইএছৰ পিএইচডি শিক্ষাৰ্থী আৰু 'ছায়েন্স ট্ৰেন্সলেচনেল মেডিচিন'ত প্ৰকাশিত অধ্যয়নটোৰ লেখক চেঞ্জি লক্ষ্মী আৰআৰে কয় যে এই নিৰ্দিষ্ট ৰণনীতিটো প্ৰথমবাৰৰ বাবে সৰ্পদংশন চিকিৎসাৰ বাবে এণ্টিবডী উদ্ভাৱনত বাবে প্ৰয়োগ কৰা হৈছে ।
গৱেষকসকলে কয় যে এই উদ্ধাৱনে তেওঁলোকক এক সাৰ্বজনীন এণ্টিবডী সমস্যা সমাধানৰ দিশে এখোজ আগবঢ়াই লৈ গৈছে, যিয়ে বিভিন্ন ধৰণৰ সাপৰ বিষৰ বিৰুদ্ধে ব্যাপক সুৰক্ষা প্ৰদান কৰিব পাৰে ।
উল্লেখ্য যে সাপৰ কামোৰৰ ফলত প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ মৃত্যু হয়, বিশেষকৈ ভাৰত আৰু উপ-চাহাৰা আফ্ৰিকাত । আনহাতে, এণ্টিভেনম বিকশিত কৰাৰ বৰ্তমানৰ পদ্ধতিত অন্তৰ্ভুক্ত আছে ঘোঁৰা, বন ঘোঁৰা আৰু খচ্চৰৰ দৰে অশ্ব প্ৰজাতিত সাপৰ বিষ সুমুৱাই দি তাৰ তেজৰ পৰা এণ্টিবডী সংগ্ৰহ কৰা । কিন্তু ইয়াত কেইবাটাও সমস্যা আছে ।
কিয়নো এই প্ৰাণীবোৰে সিহঁতৰ জীৱনকালত বিভিন্ন বেক্টেৰিয়া আৰু ভাইৰাছৰ সংস্পৰ্শলৈ আহে । চিইএছৰ সহযোগী অধ্যাপক তথা অধ্যয়নটোৰ যুটীয়া সংশ্লিষ্ট লেখক কাৰ্তিক সুনগৰে এই কথা কয় । ইয়াৰ ফলস্বৰূপে এণ্টিভেনমবোৰত এণ্টিবডীৰ বিপৰীতে অণুজীৱও থাকে, যিবোৰ চিকিৎসা ক্ষেত্ৰত অপ্ৰয়োজনীয় । গৱেষণাই দেখুৱাইছে যে প্ৰকৃততে এণ্টিভেনমৰ এটা ভাইলৰ 10%-তকৈও কম এণ্টিবডী থাকে ।
লগতে পঢ়ক :আমেৰিকাৰ এক ব্যক্তিগত প্ৰতিষ্ঠানৰ লেণ্ডাৰৰ চন্দ্ৰত সফল অৱতৰণ