ETV Bharat / bharat

IC 814 Hijacking : আশা আৰু প্ৰাৰ্থনাৰে এসপ্তাহ অপেক্ষা; এজন অসমীয়া পণবন্দীৰ পুত্ৰৰ অগ্নিপৰীক্ষা স্মৰণ - Indian Airlines

author img

By Aroonim Bhuyan

Published : Sep 6, 2024, 2:03 PM IST

Indian Airlines 1999 Hijacking : 1999 চনৰ কথা । কাঠমাণ্ডুৰ পৰা নতুন দিল্লীলৈ উৰামৰা ইণ্ডিয়ান এয়াৰলাইনছৰ এখন বিমান অপহৰণ হৈছিল । এই অপহৃত বিমানখনৰ কাহানিৰ ওপৰত নিৰ্মিত এখন অ' টি টি ধাৰাবাহিকে এতিয়া প্ৰায় 25 বছৰ পুৰণি ঘটনাটোৰ স্মৃতি সজীৱ কৰিছে । এই বিমানখনত আছিল এগৰাকী অসমীয়া । এইগৰাকী অসমীয়া পণবন্দীৰ পুত্ৰ অৰুণিম ভূঞাৰ সপ্তাহজোৰা অগ্নিপৰীক্ষাৰ কথা ইটিভি ভাৰতৰ আগত স্মৰণ ।

Indian Airlines 1999 Hijacking
অপহৃত IC 814 বিমান আৰু অপহৃত বিমানত পণবন্দী হৈ থকা কল্যাণ চন্দ্ৰ ভূঞা (ETV Bharat Assam)

বিশেষ প্ৰতিবেদন, 6 ছেপ্টেম্বৰ : ব্যস্তপূৰ্ণ এটা দিন । নতুন দিল্লীৰ তদানীন্তন চৰকাৰী ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ইণ্ডিয়ান এয়াৰলাইনছৰ কাউণ্টাৰ । তেতিয়া টি1, টি2 আৰু টি3 নাছিল । মানুহবোৰৰ খং উঠিছিল । ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান IC 814 অপহৰণৰ পিচত বন্দীসকলৰ আত্মীয়সকল খঙত উতলি উঠিছিল ।

তেওঁলোকে সুধিছিল- কাঠমাণ্ডুৰ পৰা নতুন দিল্লীলৈ অহা বিমানখন কিয় ইমান বিলম্ব হৈছে ? বহুতে হয়তো জানিছিল যে বাতৰিটো ইতিমধ্যে টিভি চেনেলবোৰৰ পৰ্দাত ডাঙৰ ডাঙৰ আখৰেৰে জিলিকি আছে । কিন্তু তেওঁলোকে প্ৰকৃত প্ৰশ্নটো সোধা নাছিল । তাৰ পিচত মোৰ কাউণ্টাৰত প্ৰৱেশৰ পাল ।

Indian Airlines 1999 Hijacking
IC 814 ৱেব ছিৰিজৰ পোষ্টাৰ (Series Poster)

মই সুধিছিলো, "অনুগ্ৰহ কৰি মোক কওকচোন IC 814 বিমানখন অপহৰণ কৰা হৈছে নেকি ?" কিন্তু মই এক গভীৰ নীৰৱতাৰ সৈতে সহবাস কৰিবলগা হৈছিল । পঁচিশ বছৰ... এক দীঘলীয়া সময় । ডিচেম্বৰ 24, 1999 । সেই ঘটনাটোৰ চিত্ৰায়নে এতিয়া স্মৃতিবোৰ এক অ' টি টি প্লেটফৰ্মত সজীৱ কৰি আছে ।

1999 চনৰ 24 ডিচেম্বৰ, শীতৰ এক সেমেকা সন্ধ্যা । দিল্লীৰ লাজপতনগৰৰ কৃষ্ণা মাৰ্কেট এলেকাত এটা 'বৰসতি' । মই প্ৰস্তুত কৰি থকা এখন তথ্যচিত্ৰৰ চিত্ৰনাট্যৰ কাম কৰি আছিলো । তাৰ মাজতে মই ইতিমধ্যে বিমানবন্দৰলৈ যাবলৈ সাজু হৈছিলো । মোৰ পিতৃ প্ৰয়াত ড৹ কল্যাণ চন্দ্ৰ ভূঞা সেই অভিশপ্ত IC 814 খনত আছিল ।

কাঠমাণ্ডু চিকিৎসা মহাবিদ্যালয়ত সেৱা আগবঢ়াই তেওঁ শীতকালত দিল্লীলৈ অহাটো এক বাৰ্ষিক পৰম্পৰা আছিল । আৰু তাৰ পিচত দায়িত্বত যোগদান কৰিবলৈ কাঠমাণ্ডুলৈ উভতি যোৱাৰ পূৰ্বে অসমত থকা আমাৰ ঘৰলৈ গৈছিল । কিন্তু সেই নিৰ্দিষ্ট বৰদিনৰ প্ৰাকক্ষণটো বিশেষ আছিল ।

যিয়েই নহওক, তেওঁ বৰদিনৰ পিছদিনা মোৰ কনিষ্ঠ ভাতৃৰ জন্মদিন উদযাপন কৰিবলৈ দিল্লীলৈ আহি আছিল । অ' কেৱল এটায়ে নহয়, দুটা জন্মদিন । কাৰণ মোৰ যমজ ভাতৃ আছে । জ্যেষ্ঠজন অসমত থকাৰ বিপৰীতে কনিষ্ঠজন মোৰ লগত দিল্লীত আছিল । মা ইতিমধ্যে দিল্লীত আমাৰ লগত আছিল । পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে এই জন্মদিন উদযাপনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলো ।

পুনৰ উভতি গৈছো 1999 চনৰ 24 ডিচেম্বৰৰ সন্ধিয়ালৈ । সেই সময়ত ভাৰতত ইণ্টাৰনেট তেনেই পানী কেঁচুৱা আছিল । মই ইণ্ডিয়ান এয়াৰলাইনছক IC 814 বিমানখনৰ শেহতীয়া স্থিতিৰ বিষয়ে ফোন কৰিছিলোঁ । মোক কোৱা হৈছিল যে বিমানখনৰ অৱতৰণত বিলম্ব হৈছে ।

তাৰ পিচত প্ৰথম কলটো আহিল । মোৰ মামাই যোৰহাটৰ পৰা মোক সুধিছিল যে ভিনদেৱে দিল্লীত অৱতৰণ কৰিছেনে নাই । মই তেওঁক কৈছিলোঁ যে বিমানখন অৱতৰণত পলম হৈছে । তেওঁ মোৰ দেউতাৰ এজন ভাল বন্ধুও আছিল ।

তাৰ পিচত তেওঁৰ দ্বিতীয়টো কল আহিল । কিন্তু সেয়া আছিল এক দুৰ্ভাগ্যজনক কল । "মই ভাবো ভিনদেউৰ বিমানখন অপহৰণ কৰা হৈছে ।" ফোনৰ সিটো মূৰৰ পৰা মামাই মোক জনাইছিল । "টিভি চোৱা ।" মামাৰ আদেশত মই একেকোবে কাম কৰি থকাৰ পৰা উঠি টিভিৰ সন্মুখত বহিলো । হয়তো, টিভিত চলি আছে IC 814 বিমানৰ স্থিতিৰ ক'ভাৰেজ । তাৰ পিচত আৰু কোনো কথা নাই, চিধাই বিমানবন্দৰলৈ দৌৰ ।

পুনৰ কৈছো, 25 বছৰ এক দীঘলীয়া সময় । সেই সপ্তাহজোৰা অগ্নিপৰীক্ষাৰ সময়ৰ দৈনিক ঘটনাবোৰ এটাৰ পিচত এটাকৈ মনত পেলোৱাটো ঠথেষ্ট কঠিন । কিন্তু... বিমানবন্দৰৰ পৰা উভতি অহাৰ পিচত মই পুনৰ টিভি সন্মুখত বহিলো । অৱশ্যে সমগ্ৰ ঘটনাক্ৰম আমি মাৰ পৰা কৌশলেৰে লুকুৱাই ৰাখিছিলোঁ । কাৰণ তেওঁ এই কথা জানিব পাৰিলে হতবাক হ'লহেঁতেন, ৰক্তচাপ বাঢ়ি গ'লহেঁতেন । কিন্তু আৰু কিমান দিন... অৱশেষত আমি তেওঁৰ ওচৰত সাঁথৰটো ভাঙিবলগা হৈছিল । কিয়নো তেওঁ সমগ্ৰ ঘটনা টিভিত হয়তো কেনেবাকৈ চাব পাৰিলেহেঁতেন ।

লগতে পঢ়ক :এ আইৰ বাবে আপোনাৰো চাকৰি বিপদত নেকি ? - International Labour Organization

তাহানিৰ দিনবোৰত লাজপতনগৰ অসমীয়া ল'ৰাৰে ভৰি আছিল । তেওঁলোক আছিল হয় শিক্ষাৰ্থী, নহ'লে যুৱ কৰ্মচাৰী । কিন্তু পিছদিনা জন্মদিন উদযাপনৰ পৰিকল্পনা কৰি থকা যুৱকসকলে যেতিয়া ঘটনাটোৰ বিষয়ে জানিব পাৰিলে– তেওঁলোক হুৰমুৰকৈ দৌৰি আহিছিল । মুহূৰ্ততে কৃষ্ণবজাৰত থকা মোৰ সৰু 'বৰসতি' মানুহেৰে ভৰি পৰিছিল ।

কেৱল যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আমাৰ বন্ধুসকলেই আহিছিল সেইটো নহয়, আমাৰ বিল্ডিঙৰ বাসিন্দাসকল, মালিক আৰু চুবুৰীয়াৰে আমাৰ ঘৰ ভৰি পৰিছিল । সকলোৱে আমাৰ সৈতে আৱেগিকভাৱে জড়িত হৈ পৰিছিল । ইফালে আমাৰ এজন বন্ধুৱে সম্পূৰ্ণ টেনচনমুক্তভাৱে পাকঘৰৰ গেছ ষ্ট'ভত এটা পেনত 20 টা কণী উতলাবলৈ আৰম্ভ কৰিছিল ।

মই কি কৰি আছে বুলি তেওঁক সোধাত কৈছিল, "চিন্তা নকৰিব অৰুণিমদা, আপুনি কেৱল টিভিৰ ঘটনাবোৰ চাই যাওক ।" এই স্মৃতি মোৰ মনত সদায় সজীৱ হৈ থাকিব । বৰদিনৰ পূৰ্ব সন্ধ্যা । টিভি চলি আছে । বিমানখন অমৃতসৰত অৱতৰণ কৰা দেখাইছিল । মোৰ আশেপাশে থকা মানুহবোৰে অতি উৎসাহেৰে আলোচনা কৰি আছিল যে এইটোৱে উচিত সময় বিমানখনৰ টায়াৰত গুলী কৰাৰ আৰু বিমানখন তাতে ৰখাই দিয়াৰ সুযোগ আছিল । কিন্তু সেইটো হোৱা নাছিল ।

বিমানখনে পুনৰ উৰামাৰে । পৰৱৰ্তী ষ্টপেজটো হৈছে লাহোৰ । হয়তো নিশালৈকে তাত অৱতৰণ কৰিব । আমাৰ সকলোৰে চকু চলচলিয়া হৈ আছিল । তথাপিও টিভিৰ পৰ্দাত ফ্লাইটখনৰ ট্ৰেক অনুসৰণ কৰি থাকিলোঁ । কিন্তু এয়া কি, বিমানখন ক'লৈ গৈ আছে ? ডুবাই !

আমাৰ চকু লাগিব ধৰিছিল । টোপনিয়ে আমাক হেঁচা মাৰি ধৰিছিল । 25 ডিচেম্বৰৰ পুৱা । বৰদিনৰ দিন । মোৰ দুই ভাতৃৰ জন্মদিন । টিভিটো অন কৰিলোঁ । বিমানখন ক'ত আছে ? কান্দাহাৰ, আফগানিস্তান ! অৰ্থাৎ মোৰ পিতৃ আৰু IC 814 বিমানৰ সকলো যাত্ৰী তালিবানী অঞ্চলত আছে । সেইটোৱেই মোৰ প্ৰথম চিন্তা আছিল, যিয়ে মোৰ মনত আঘাত কৰিছিল ।

25 বছৰ অতি দীঘলীয়া সময় । সেই সপ্তাহজোৰা অগ্নিপৰীক্ষাৰ সময়ৰ দৈনন্দিন ঘটনাক্ৰম মনত পেলোৱাটো কঠিন । অৱশ্যে মোক প্ৰথমতে অপহৰণৰ বিষয়ে জনোৱা মামা আহি মোৰ ঘৰত উপস্থিত হৈছিল । তেনেদৰে মোৰ দেউতাৰ কনিষ্ঠ ভাতৃয়েও গুৱাহাটীৰ পৰা উৰা মাৰিছিল ।

মোৰ এইটোও মনত আছে যে প্ৰথিতযশা সাংবাদিক আৰু তদানীন্তন অটল বিহাৰী বাজপেয়ী চৰকাৰৰ মন্ত্ৰী অৰুণ শ্ব'ৰীয়ে এক সংবাদমেল আহ্বান কৰিছিল । মই তালৈ গৈছিলো, অৱশ্যে সাংবাদিক হিচাপে নহয় । ইয়াৰ বিপৰীতে IC 814 বিমানৰ বিষয়ে শেহতীয়া স্থিতিৰ বিষয়ে তেওঁ কি ক'ব বিচাৰিছিল সেয়া জানিবলৈ এজন আগ্ৰহী ব্যক্তি হিচাপে মই তালৈ গৈছিলো । অৱশ্যে তাত যিটো ঘটিছিল, সেইটোৱে মোক হতবাক কৰি তুলিছিল । যাত্ৰীসকলৰ কি হ'ব তাৰ উত্তৰ বিচাৰি তাত আত্মীয়সকল খঙত টিঙিৰি-তুলা হৈ পৰিছিল ।

তাত কি ঘটিছিল আৰু তাৰ পিচত কি ঘটিছিল ? সংবাদ মাধ্যমৰ ভূমিকা কি আছিল ?

ইয়াত মই South Asia Terrorism Portal-ত শ্ব'ৰীয়ে লিখা প্ৰবন্ধৰ পৰা উদ্ধৃতি দিছো : "যেতিয়া অপহৃত ভাৰতীয় বিমান IC 814 আফগানিস্তানৰ কান্দাহাৰত আছিল, তেতিয়া সংবাদ মাধ্যমবোৰে যথেষ্ট প্ৰতিবেদন প্ৰকাশ কৰিছিল আৰু তাত যাত্ৰীসকলৰ আত্মীয়সকলৰ আৰ্তনাদ আৰু আকুলতাৰে ভৰি পৰিছিল ।

মই ব্যক্তিগতভাৱে লাভ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি ক'ব পাৰো যে সংবাদ মাধ্যমৰ এই সক্ৰিয়তাই মুখ্য সিদ্ধান্ত গ্ৰহণকাৰীসকলৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল । এইটো এটা মুখ্য কাৰক আছিল যাৰ বাবে তেওঁলোকক এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰিছিল যে অপহৰণকাৰীসকলৰ দাবী মানি লোৱাৰ বাহিৰে আন উপায় নাই । সেয়া হৈছে অপহৰণকাৰীসকলে দাবী কৰা পাকিস্তানী সন্ত্ৰাসবাদীসকলক মুকলি কৰি দিয়াৰ বাহিৰে আন কোনো বিকল্প নাই ।

আনহাতে, সন্ত্ৰাসবাদীসকলক মুকলি কৰি দিয়াৰ লগে লগে সেই একেবোৰ বাতৰিকাকততে 'সন্ত্ৰাসবাদৰ ওচৰত নিকৃষ্ট আত্মসমৰ্পণ' সম্পৰ্কে প্ৰচাৰ চলাই আছিল । তেওঁলোকে ইজৰাইলৰ উদাহৰণ দাঙি ধৰি ভাৰত চৰকাৰৰ মূৰ্খতাৰ তুলনা কৰি আছিল । তেওঁলোকে সেইখন চৰকাৰকে সমালোচনাৰে তুলাধুনা দি আছিল, যিখন চৰকাৰ তেওঁলোকৰ কাষত থিয় দিছিল । নিজৰ স্বপ্ৰণোদিত ক'ভাৰেজৰ দ্বাৰা আমেৰিকাৰ নীতিৰ উদাহৰণ দি চৰকাৰৰ ওপৰত চাপ প্ৰয়োগ কৰি আছিল– ‘‘সন্ত্ৰাসবাদীৰ সৈতে কোনো আলোচনা নহয় ।’’

সেই অস্থিৰতাপূৰ্ণ সপ্তাহটোৰ মাজতে অতি ভাগৰুৱা হৈ এদিন সন্ধিয়া মই ঘৰলৈ উভতি আহিছিলো । ইতিমধ্যে মোৰ সৈতে 'বৰসতি'ত থাকিব লোৱা মোৰ ভাতৃ আৰু বন্ধুবৰ্গই মোক আগুৰি ধৰি কৈছিল, "অৰুণিম দা, আমি প্ৰতিবাদত অংশ লৈছিলো ।"

মই সুধিছিলো, "কি প্ৰতিবাদ ? কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ?" তেওঁলোকে উত্তৰ দিছিল যে তেওঁলোকে পণবন্দীসকলৰ মুক্তি নিশ্চিত নকৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিল । প্ৰথমতে মই হতবাক হৈ পৰিছিলো আৰু তাৰ পিচত মোৰ মনলৈ আহিল যে 1989 চনত জে কে এল এফৰ পাঁচজন সন্ত্ৰাসবাদীৰ মুক্তিৰ বিনিময়ত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুফতি মহম্মদ চৈয়দৰ অপহৃত কন্যা ৰুবাইয়া চৈয়দক মুক্তি দিয়াৰ লগে লগে পণবন্দীসকলৰ আত্মীয়সকলে সমান্তৰালভাৱে প্ৰতিবাদ কৰি আছিল । এইটো হৈছে IC 814 অপহৰণৰ সময়ৰ পৰা এক দশক আগৰ কথা ।

তাৰ পিচত মোৰ পুনৰ মনত পৰিছে যে তদানীন্তন ৰে'ল মন্ত্ৰী মমতা বেনাৰ্জীয়ে পণবন্দীসকলৰ কেইজনমান আত্মীয়ক পৰিস্থিতিটোৰ বিষয়ে জনাবলৈ আমন্ত্ৰণ জনাইছিল । ময়ো তেওঁলোকৰ মাজত আছিলোঁ । বাৰ্তালাপৰ সময়ত তেওঁ এক ভয়ংকৰ কথা প্ৰকাশ কৰিছিল : অপহৰণকাৰীসকলে বিমানখনত এটা বোমা স্থাপন কৰিছে !

মই হাঁহি হাঁহি বৈঠকৰ পৰা ওলাই আহিছিলো । মই ভাবিছিলো তেওঁ কথাবোৰ অতিৰঞ্জিত কৰি আছে । প্ৰায় 25 বছৰ ধৰি আৰু এতিয়াও মোৰ সেই বাৰ্তালাপৰ কথা মনত পৰিলে হাঁহি উঠে । অ' টি টি ৱেব ছিৰিজখন চোৱাৰ পিছতহে মই অনুভৱ কৰিছিলোঁ যে তেওঁ যি কৈছিল সেয়া সঁচা ।

গুৰুতৰ অৱস্থাত চিকিৎসালয়ত পৰি থকা আত্মীয়ই হওক বা অপহৃত বিমানত বন্দী হৈ থকা প্ৰিয়জনেই হওক, সকলোৰে ধাৰ্মিক হোৱাৰ প্ৰৱণতা জাগিবই । আপুনি ভগৱানক বিচাৰিব । মোৰ বা মোৰ পৰিয়ালৰ বাবেও এইটো পৃথক নাছিল । মই, মোৰ মা, মোৰ ভাতৃ আৰু আমাৰ বন্ধুবৰ্গ তথা আত্মীয়সকলে কনট প্লেচৰ বাবা খড়ক সিং মাৰ্গৰ হনুমান মন্দিৰলৈ গৈছিলোঁ আৰু প্ৰাৰ্থনা কৰিছিলো । আমি আৰ কে পুৰমৰ ছেইণ্ট থমাছ গীৰ্জাও পৰিদৰ্শন কৰিছিলোঁ আৰু প্ৰাৰ্থনা কৰিছিলোঁ । আন বন্দীসকলৰ আত্মীয়সকলেও একে কৰিছিল ।

ইফালে মোৰ এজন বন্ধুৱে মোক ভাৰত চৰকাৰ আৰু অপহৰণকাৰীসকলৰ মাজত চলি থকা আলোচনাৰ বিষয়ে সতৰ্ক কৰি দিছিল । তেওঁ কৈছিল যে তেওঁৰ বন্ধু এজনৰ দেউতাক ভাৰত চৰকাৰৰ আলোচনাকাৰী দলৰ অংশ । প্ৰথমে মই ইয়াক মুখৰ কথা বুলি লৈছিলোঁ । কিন্তু অতি সোনকালেই মই অনুভৱ কৰিলোঁ যে ইয়াত সত্যতা আছে ।

অগ্নিপৰীক্ষা তেতিয়ালৈকে এসপ্তাহৰ ওচৰ চাপিছিল । এইটো সহস্ৰাব্দৰ আৰম্ভণিৰ ওচৰত আছিল । 2000 চনৰ নৱবৰ্ষ আহি আছিল । আমাৰ চকু টিভিত থৰ লাগি আছিল । অৱশেষত খবৰটো আহিল । এক চুক্তি সম্পন্ন হৈছে আৰু বন্দীসকলক 1999 চনৰ 31 ডিচেম্বৰত মুকলি কৰি দিয়া হ'ব । মই কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিলো সেয়া মোৰ মনত নাই । কিন্তু মোৰ মনত আছে যে বিমানবন্দৰলৈ দৌৰি যাবলৈ মই খৰখেদাকৈ প্ৰস্তুতি চলাইছিলো ।

লগতে পঢ়ক :দ্বিদেশীয় ভ্ৰমণসূচী সামৰি দিল্লীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী - PM Modi Singapore visit

সন্ধিয়াৰ পিচত আমি বিমানবন্দৰত উপস্থিত হ'লো । টাৰ্মিনেলটো মানুহেৰে ভৰি আছিল । পণবন্দীসকলৰ আত্মীয়, সংবাদ মাধ্যম সকলো আছে । এখন অন্য বিমানে কান্দাহাৰৰ পৰা বন্দীসকলক ঘূৰাই অনাৰ পিচত টাৰ্মিনেলৰ ওচৰত ৰখাই থোৱা ইণ্ডিয়ান এয়াৰলাইনছৰ বিমানখনৰ চিৰিলৈ আমাৰ দুচকুৱে অধীৰ অপেক্ষাৰে চাই আছিল । এটা সময়ত পণবন্দী কৰি থোৱা লোকসকলে নামিবলৈ আৰম্ভ কৰিলে । আৰু তেতিয়াই মই তেওঁক দেখিছিলো । তেওঁ পিছফালৰ চিৰিৰ পৰা নামি আহিল । তেওঁ এটা ডাঠ চামৰাৰ জেকেট পিন্ধি আছিল ।

মাজনিশা আমি লাজপতনগৰৰ ঘৰলৈ উভতি আহিলো । মই ব্ৰেণ্ডিৰ বটল এটা ৰাখিছিলো যাতে মোৰ দেউতাই অগ্নিপৰীক্ষাৰ পৰা ওলাই আহি নিজকে সন্তুলিত কৰি ৰাখিব পাৰে । ইফালে 'বৰসতি'ৰ কোঠাটোৰ বাহিৰত উন্মাদনাই বিৰাজ কৰিছিল । সেয়া শুভ নৱবৰ্ষ 2000 !

2000 চনৰ 1 জানুৱাৰীৰ পুৱা । পুৱাৰ আহাৰ গ্ৰহণ সম্পন্ন হৈছে । চিৰাচৰিত অভ্যাসৰ দৰে দেউতাই তেওঁৰ তামোল কটা চৰ্টাখন উলিয়াইছিল । তেওঁৰ লগত থকা তামোল-পাণবোৰ কাটিবলৈ আৰম্ভ কৰিছিল । আচৰিত কথা যে এজন চিকিৎসক হোৱা সত্ত্বেও আৰু আমাৰ পৰামৰ্শৰ বিপৰীতে দেউতাই তামোল খোৱা অভ্যাসটো এৰিব নোৱাৰিলে ।

তামোল কাটি থাকোতে তেওঁ সাধাৰণভাৱে এইদৰে কৈছিল, "বিমানত চৰ্টা ব্যৱহাৰ কৰি থাকোঁতে মোৰ বাবে বাৰ্গাৰৰ সমস্যা হৈছিল ।" মই স্তম্ভিত হৈ গৈছিলো । মোৰ ওচৰত শব্দৰ আকাল পৰিছিল । কিছু সময় পিচত সুধিছিলো, "আপুনি আকৌ কি কৈছিল ?"

"মই বিমানখনৰ ভিতৰত আমনি পাইছিলো ।" তেওঁ উত্তৰ দিছিল । "গতিকে মই তামোল খোৱাৰ কথা ভাবিছিলো । মই এটা তামোল উলিয়াইছিলো আৰু চৰ্টাৰে কাটিবলৈ আৰম্ভ কৰিছিলো । বাৰ্গাৰে মোক সুধিছিল যে এইটো (চৰ্টা) কি আৰু তেতিয়া মই তেওঁক বুজাই দিছিলো । মই লক্ষ্য কৰিছিলো যে তেওঁ অলপ চিন্তিত আছিল ।"

IC 814 বিমানখনক কান্দাহাৰলৈ অপহৰণ কৰা পাঁচজন অপহৰণকাৰীৰ মাজৰ বাৰ্গাৰ আছিল এজনৰ সাংকেতিক নাম । তথাপিও মই মনৰ ভিতৰতে মোৰ খং নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি দেউতাক সুধিছিলোঁ, "তাৰমানে আপুনি আপোনাৰ কেবিনৰ লাগেজত চৰ্টা ৰাখে ?" "অ', তাতে কি হ'ল ?" তেওঁ নিৰ্বিকাৰভাৱে উত্তৰ দিলে । "মোৰ ওচৰত সদায়ে থাকে ।"

তেতিয়াই মই উপলব্ধি কৰিছিলো যে কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপত্তা ব্যৱস্থা কিমান শিথিল । যদি কোনোবাই বৰ্তমানৰ অ' টি টি ছিৰিজখন সন্তৰ্পণে চায় তেন্তে ই স্পষ্ট হৈ পৰিব । এয়া পিছদিনা পুৱাৰ কথা । সেয়েহে আন প্ৰশ্নবোৰো দ্ৰুতগতিত আগবাঢ়ি গৈছিল, কেৱল মোৰ পৰায়ে নহয় আনসকলৰ পৰাও । প্ৰথম প্ৰশ্নবোৰৰ ভিতৰত এটা আছিল খাদ্য । কান্দাহাৰ বিমানবন্দৰত এয়াৰবাছ A300 ৰখাই থোৱাৰ সময়ত তেওঁ কি খাব পাইছিল ?

লগতে পঢ়ক :আৰ জি কৰ বিত্তীয় অনিয়মৰ গোচৰ : প্ৰাক্তন অধ্যক্ষৰ বাসগৃহত ইডিৰ অভিযান - RG Kar Medical College row

"এয়া ৰমজান ।" উত্তৰত তেওঁ কৈছিল । "অৱশ্যে আমাক কিছু আমিষ খাদ্য পৰিৱেশন কৰা হৈছিল । মোৰ কোনো সমস্যা নাছিল । অৱশ্যে নিৰামিষভোজী যাত্ৰীও আছিল । মই ভাবোঁ তেওঁলোককো তেওঁলোকে বিচৰা খাদ্য পৰিবেশন কৰা হৈছিল ।"

অলপ চিন্তা কৰি তেওঁ এইদৰে কৈছিল : "মই বৰ পিঁয়াহ অনুভৱ কৰিছিলো । প্ৰথমতে কান্দাহাৰত বিমানখনৰ ভিতৰত খোৱাপানী নাছিল ।" তেন্তে তেওঁ কেনেকৈ পৰিস্থিতি চম্ভালিছিল ? তেওঁ উত্তৰ দিছিল, "এজন অপহৰণকাৰী আহি মোক বিমানৰ ভিতৰত থকা বীয়েৰৰ এটা কেন দিছিল ।"

কিন্তু বিমানখনৰ ভিতৰৰ পৰিস্থিতি কেনে আছিল ? তেওঁ ইয়াৰ বৰ্ণনা দিছিল, "এইটো শ্বাসৰুদ্ধকৰ, অতি শ্বাসৰুদ্ধ আছিল । যদিও এইটো শীতকাল, মোৰ লগতে আনসকলো বিমানখনৰ ভিতৰত যথেষ্ট ঘামিছিল ।"

আৰু ? "সমগ্ৰ বিমানখন দুৰ্গন্ধৰে ভৰি পৰিছিল । শৌচালয়বোৰ ভৰ্তি হৈ পৰিছিল । মই যাব নোৱাৰিলোঁ ।" তেওঁ মুখ ওফন্দাই ক'লে ।

দেউতাই 2000 চনৰ জানুৱাৰীত দিল্লীত এসপ্তাহতকৈ অলপ বেছি সময় আমাৰ সৈতে আছিল । তাৰ পিচত তেওঁ বাকী থকা ছুটি কটাবলৈ অসমৰ আমাৰ গৃহচহৰ যোৰহাটলৈ ৰাওনা হৈছিল । তাৰ পৰা তেওঁ নেপাললৈ উভতি গৈ কাঠমাণ্ডু চিকিৎসা মহাবিদ্যালয়ত পুনৰ দায়িত্ব পালন কৰে ।

বহু বছৰৰ পিচত তেওঁ মোক এবাৰ কৈছিল "মই শুনিছিলোঁ যে তেওঁলোকে IC 814 অপহৰণৰ সময়ত বন্দী হৈ থকা লোকসকলক ক্ষতিপূৰণ দিছে ।"

মোৰ উত্তৰ : "এই প্ৰশ্নটো আৰু কেতিয়াও উত্থাপন নকৰিব । আপুনি আমাৰ সৈতে থকাটোৱে আটাইতকৈ ডাঙৰ ক্ষতিপূৰণ ।" সেইটো মোৰ উত্তৰ আছিল আৰু সদায় থাকিব ।

ইফালে দিল্লীত বিমানৰ পৰা নামি অহাৰ সময়ত তেওঁ পিন্ধি থকা জেকেটটো এতিয়াও মোৰ লগত আছে । আনকি 25 বছৰৰ পাচতো দিল্লীৰ শীতকালত ই যথেষ্ট আৰামদায়ক ।

(ঘোষণা : এয়া হৈছে ইণ্ডিয়ান এয়াৰলাইনছৰ বিমান IC 814 অপহৰণৰ সময়ত লোৱা এজন পণবন্দীৰ আত্মীয়ৰ ব্যক্তিগত বৰ্ণনা । এই মতামতবোৰ সম্পূৰ্ণ ব্যক্তিগত । সেই ঘটনাৰ সৈতে সম্পৰ্কিত বৰ্তমানৰ অ' টি টি ৱেব ছিৰিজ বা এই সম্পৰ্কত চৰকাৰী সিদ্ধান্ত বা নীতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই)

লগতে পঢ়ক :৩ মাহৰ পিচতো গঠন হোৱা নাই সংসদৰ বিভাগ সম্পৰ্কীয় স্থায়ী সমিতি - Parliament DRSC

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.