ETV Bharat / bharat

ৰাজস্থানত দুৰ্ঘটনাগ্ৰস্ত চোৰাংচোৱা বিমান - Plane Crash in Jaisalmer - PLANE CRASH IN JAISALMER

Jaisalmer Plane Crash : ৰাজস্থানত দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ এখন চোৰাংচোৱা বিমান । অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ।

Jaisalmer Plane Crash Air Force Reconnaissance Plane Crashes In Jaisalmer

author img

By ETV Bharat Assamese Team

Published : Apr 25, 2024, 11:31 AM IST

Updated : Apr 25, 2024, 1:43 PM IST

নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : ৰাজস্থানৰ জয়ছলমেৰ জিলাত বৃহস্পতিবাৰে পুৱা বায়ুসেনাৰ এখন চোৰাংচোৱা বিমান (Reconnaissance Aircraft) দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাটো জয়ছলমেৰ জিলা সদৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ ৰোজানিয়ৌ কী ঢাণী জজিয়া গাঁৱৰ সমীপত সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাটোত কোনো লোক হতাহতিৰ হোৱা নাই । ইফালে এই দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনৰ লগতে বায়ুসেনাৰ বিষয়াসকল উক্ত স্থানত উপস্থিত হয় ।

বৰ্তমান দুৰ্ঘটনাগ্ৰস্ত বিমানৰ ধ্বংসাৱশেষত জ্বলি থকা জুই অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, এই বিমানখন মানৱবিহীন ৷ যাৰ সহায়ত আকাশৰ পৰাই চোৰাংচোৱাগিৰিৰ কাম-কাজৰ ওপৰত চকু ৰাখিব পাৰি । সেয়ে ইয়াক ‘চোৰাংচোৱা বিমান’ বুলি কোৱা হয় ।

চোৰাংচোৱা বিমানখন আছিল মানৱবিহীন :

জয়ছলমেৰত দুৰ্ঘটনাত পতিত হোৱা বায়ুসেনাৰ এই বিমানখনৰ কাম হ’ল সীমান্তত চোৰাংচোৱাগিৰি কৰা । এনে বিমান মানৱবিহীন হয় । যাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোৰাংচোৱাগিৰিৰ কাৰ্যকলাপৰ লগতে সকলো দিশ তন্নতন্নকৈ নিৰীক্ষণ কৰা কামত ব্যৱহাৰ কৰা হয় ।

বৃহস্পতিবাৰে পুৱা সংঘটিত হোৱা এই বিমান দুৰ্ঘটনা সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই আৰম্ভ কৰিছে তদন্ত ৷ এই তথ্য সদৰী কৰিছে ভাৰতীয় বায়ুসেনাই ।

চোৰাংচোৱা বিমান :

চোৰাংচোৱা বিমান হৈছে মানৱবিহীন ৷ এই বিমানখন দূৰত অৱস্থিত পাইলট ষ্টেচনৰ পৰা পাইলট বা নিয়ন্ত্ৰণ কৰা হয় । দূৰৈৰ পৰা পাইলটযুক্ত বিমান ব্যৱস্থা (Remotely piloted aircraft system চমুকৈ RPAS)ই হৈছে চোৰাংচোৱা বিমান ।

লগতে পঢ়ক :

কোনে আৰু কিয় হত্যা কৰিলে JDU ৰ নেতা সৌৰভক ? - JDU Leader Shot Dead In Patna

Last Updated : Apr 25, 2024, 1:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.