ETV Bharat / bharat

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পুঁজিৰ সৰ্বাধিক ব্যৱহাৰ : দ্বিতীয় স্থানত হায়দৰাবাদ - National Clean Air Program

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 1:29 PM IST

National Clean Air Program : বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰৰ মতে দেশৰ ১৩১ খন চহৰৰ তুলনাত হায়দৰাবাদে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰামৰ অধীনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গড় প্ৰদৰ্শন কৰিছে । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত হায়দৰাবাদ দ্বিতীয় স্থানত আছে । অৱশ্যে বায়ুৰ মান উন্নত কৰাৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা চহৰবোৰৰ ভিতৰত নাই হায়দৰাবাদক ।

National Clean Air Program
প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পুঁজিৰ সৰ্বাধিক ব্যৱহাৰ; দ্বিতীয় স্থানত হায়দৰাবাদ (ETV Bharat)

নেশ্যনেল ডেস্ক, ২০ জুলাই : বৰ্তমান সময়ত প্ৰদূষণ বিশ্ববাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ উদ্বেগ হিচাপে পৰিগণিত হৈছে । প্ৰায় প্ৰতিখন দেশে প্ৰদূষণৰ কৱলত পৰিছে । প্ৰদূষণৰ পৰিণতিত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিকে ধৰি বিভিন্ন সমস্যাই দেখা দিছে । এনে পৰিস্থিতিত সমগ্ৰ বিশ্বই প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । ভাৰত চৰকাৰেও বিভিন্ন আঁচনি হাতত লৈছে । এই ক্ষেত্ৰত হায়দৰাবাদ চহৰে যথেষ্ট কাম কৰিছে ।

শেহতীয়াকৈ বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰই (CSE) কৈছে যে ১৩১ খন চহৰৰ তুলনাত হায়দৰাবাদে নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰামৰ অধীনত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গড় প্ৰদৰ্শন কৰিছে । 'নেশ্যনেল ক্লিন এয়াৰ প্ৰগ্ৰাম-এন এজেণ্ডা ফৰ ৰিফৰ্ম' শীৰ্ষক নতুনকৈ মুকলি কৰা অধ্যয়নত ২০২১ চনৰ পৰা নিৰ্ধাৰিত লক্ষ্যবোৰ প্ৰগতি প্ৰতিবেদনত উল্লেখ কৰা হৈছে ।

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ১৫ সংখ্যক বিত্ত আয়োগে জাৰি কৰা পুঁজিৰ ব্যৱহাৰত হায়দৰাবাদ দ্বিতীয় স্থানত আছে । যিয়ে সূচায় যে অধিক কঠোৰ কাৰ্য পৰিকল্পনা নিৰ্ধাৰণ নকৰিলে ফলাফল দেখা নাযায় । পিএম ১০ (পাৰ্টিকুলেট মেটাৰ) নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হায়দৰাবাদে ২০২৩ চনত বায়ুৰ সূচাংকৰ ক্ষেত্ৰত ভাল ফলাফল দেখুৱাইছে কিন্তু পিএম ২.৫ নিৰ্গমন নিয়ন্ত্ৰণৰ ওপৰত গুৰুত্ব দিয়াৰ পৰামৰ্শ দিয়া হৈছে ।

হায়দৰাবাদৰ গড় প্ৰদৰ্শন :

বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চহৰখনক 'গড় প্ৰদৰ্শন চহৰ'ৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । চিএছইৰ প্ৰতিবেদন অনুসৰি, আহমেদাবাদ, ৰাজকোট, বাৰাণসী আৰু ধনবাদ শীৰ্ষ চাৰিটা স্থানৰ ভিতৰত আছে । যিয়ে ১০০ নম্বৰ লাভ কৰিছে আৰু ২৬ খন চহৰে ৭৫ নম্বৰ লাভ কৰিছে । ইয়াৰ ভিতৰত আছে হায়দৰাবাদ ।

ক্লিন এয়াৰ জৰীপৰ অংশ হিচাপে বায়ুৰ মান উন্নত কৰাৰ ক্ষেত্ৰত হায়দৰাবাদক সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা চহৰবোৰৰ ভিতৰত স্থান দিয়া হোৱা নাই ৷ ২০২১-২২ বৰ্ষত ১৫ সংখ্যক বিত্ত আয়োগৰ পৰা চহৰখনলৈ ১১৮ কোটি টকা মুকলি কৰা হৈছিল আৰু জিএইচএমচিয়ে এক কাৰ্য পৰিকল্পনা হাতত লৈছিল ।

লগতে পঢ়ক :সন্ত্ৰাসবাদী আক্ৰমণৰ মোকাবিলা : জম্মু অঞ্চলত নতুন ৰূপত ভাৰতীয় সেনা - Indian Army

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.