নিউজ ডেস্ক, ২১ জুলাই : ছ’চিয়েল মিডিয়াৰ পৃষ্ঠা খুলিলেই এতিয়া ভিন্নধৰ্মী ৰীলৰ পয়োভৰ দেখা যায় ৷ সেই ৰীলসমূহৰ কিছু ইতিবাচক বাৰ্তাবাহক, কিছু নেতিবাচক বাৰ্তাবাহক অথবা অৰ্থহীন ৷ ফ’ল’ৱাৰ বৃদ্ধিৰ স্বাৰ্থত একাংশ মহিলা-যুৱতীৰ মাজত আবুৰহীন পোচাক পৰিধান কৰি ৰীল প্ৰস্তুতৰ প্ৰৱণতা বৃদ্ধি পাইছে ৷ যাৰ নেতিবাচক প্ৰভাৱ পৰিছে পৰিয়াল, স্বামী-স্ত্ৰীৰ মাজতো ৷
চুটি পোচাক পৰিধান কৰি ৰীল বনোৱাৰ প্ৰৱণতাই কেৰোণ লগাইছে স্বামী-স্ত্ৰীৰ মাজত ৷ পৰ্যায় এনে পাইছেগৈ যে, চুটি পোচাক পৰিধান কৰি ৰীল বনাবলৈ নিদিয়াৰ বাবেই স্বামীগৃহ এৰি মাতৃগৃহ পাইছেগৈ বোৱাৰী ৷ সমাজত নেতিবাচক প্ৰভাৱ পেলাব পৰা এনে এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷
ঘটনাটো অসমৰ নহয়, উত্তৰ প্ৰদেশৰ ৷ উত্তৰ প্ৰদেশৰ তাজনগৰীৰ এক যুৱ দম্পতীৰ বিবাদৰ সূত্ৰপাত হৈ পত্নীয়ে ঘৰ এৰি মাতৃগৃহলৈ গুচি যায় ৷ বিয়াৰ দুবছৰৰ পিচতে বোৱাৰীগৰাকী গুচি যায় মাতৃগৃহলৈ ৷ ইয়াৰ মূলতে মহিলাগৰাকীয়ে ৰীল বনাই সাংঘাতিক ভালপায় ৷ সেই ৰীলসমূহ পশ্চিমীয়া সংস্কৃতিৰে ভৰপূৰ, যিসমূহ যথেষ্ট ভাইৰেলো হৈছিল ৷ এদিন মহিলাগৰাকীয়ে ৰীল বনাবলৈ স্বামীক চুটি পোচাক আনি দিবলৈ কৈছিল, কিন্তু স্বামীয়ে অস্বীকাৰ কৰিলে ৷ তাতেই অগ্নিশৰ্মা হৈ পত্নীগৰাকী গুচি গ’ল মাতৃগৃহলৈ ৷
ইয়াৰ পিচতে বিষয়টো পালেগৈ আগ্ৰাৰ পাৰিবাৰিক পৰামৰ্শ কেন্দ্ৰ ৷ পৰামৰ্শ কেন্দ্ৰলৈ মাতি কেন্দ্ৰটোৰ পৰামৰ্শদাতাই স্বামী-দুয়োকে পৰামৰ্শ প্ৰদান কৰে ৷ পৰামৰ্শদাতা ড৹ সতীশ খিৰৱাৰে কয় যে মহিলাগৰাকীয়ে ছ'চিয়েল মিডিয়াত ৰীল আপলোড কৰাৰ অভ্যাস আছে । তেওঁ ভিডিঅ’ বনাই বৰ ভালপায় । যাৰ বাবে তেওঁ ঘৰৰ কাম-কাজ এৰি ৰাতি বহু দেৰিলৈকে ফোনটোৰ লগতে ব্যস্ত থাকে ৷ ফলত স্বামী-স্ত্ৰীৰ মাজত প্ৰায়েই খুট-খাট লাগি থাকে ৷ কিন্তু যেতিয়াই স্বামীয়ে ৰীল বনোৱাত বাধা প্ৰদান কৰিলে, তেতিয়াই তেওঁ মাতৃগৃহলৈ গুচি যায় ৷
স্বামীগৰাকীয়ে কয়, ‘‘মোৰ পত্নীয়ে নৃত্যৰ ভিডিঅ’ প্ৰস্তুত কৰে । তেওঁ চুটি পোচাক পিন্ধি ভালপায় ৷ সেয়েহে, প্ৰতিদিনে মোক চুটি পোচাক কিনিবলৈ জোৰ দিয়ে । কিন্তু মই মোৰ মাৰ ভয়ত চুটি পোচাক দিবলৈ অস্বীকাৰ কৰোঁ ৷ ফলত কাজিয়া কৰে আৰু মাতৃগৃহলৈ গুচি যায় ৷’’
পৰামৰ্শদাতা ড৹ সতীশ খিৰৱাৰে পৰামৰ্শ দিয়ে যে চুটি পোচাক পিন্ধি ৰীল বনালেই যে হিট হ’ব, অনুসৰণকাৰী বৃদ্ধি পাব তেনে নহয় ৷ এই চিন্তাধাৰা ভুল ৷ পৰামৰ্শদাতাগৰাকীয়ে চুটি কাপোৰ নিপিন্ধাকৈ বনোৱা বহু ৰীল মহিলাগৰাকীক দেখুৱায়, যিসমূহ যথেষ্ট ভাইৰেল হৈছে ৷ চুটি কাপোৰ আৰু অশ্লীলতা অবিহনে লাখ লাখ ফ’ল’ৱাৰ কিদৰে লাভ কৰিব পাৰি সেয়াও দেখুৱায় পৰামৰ্শদাতাজনে ৷ অৱশেষত সকলো বুজনিৰ অন্তত স্বামীয়ে পত্নীক ভিডিঅ’ বনাবলৈ দিনটোত অলপ সময় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদানৰ পিচতে মীমাংসা হয় ৷
লগতে পঢ়ক : ৰীল বনাই থাকোতেই ভয়ংকৰ ঘটনা : কথমপি প্ৰাণৰক্ষা ছানিয়াৰ
লগতে পঢ়ক : ৰীল বনাবলৈ গৈ অন কেমেৰা মৃত্যুক সাৱটিলে যুৱতীয়ে
লগতে পঢ়ক : এটা ৰীলৰ বাবেই অনুৰাগীক এইদৰে ক’লে হৰভজন সিঙে !