ETV Bharat / bharat

মণিপুৰত সেনা-আৰক্ষীৰ যৌথ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ - Manipur violence

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Arms recovery in Manipur: মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদ্বীপ সিঙে মণিপুৰত 900 উগ্ৰপন্থীয়ে প্রৱেশ কৰাৰ তথ্য সদৰী কৰাৰ পিছতে সেনা আৰু মণিপুৰ আৰক্ষীয়ে বৃহৎ সংখ্যক অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিছে ৰাজ্যখনত । মণিপুৰ আৰক্ষীয়ে সদৰী কৰা এক তথ্য অনুসৰি হিংসা জৰ্জৰিত ৰাজ্যখনত পাহাৰীয়া আৰু উপত্যকা জিলাৰ কাষৰীয়া অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান চলাইছিল ।

MANIPUR VIOLENCE
Arms recovery in Manipur (X handle Manipur police)

তেজপুৰ, 22 ছেপ্টেম্বৰ: অশান্তজৰ্জৰ মণিপুৰত পুনৰ বিক্ষিপ্ত ঘটনাই জনজীৱনলৈ সংশয় কঢ়িয়াই আনিছে ৷ শেহতীয়াকৈ উত্তৰ-পূবৰ ৰাজ্যখনত ৰকেট, ড্ৰোণ আদিৰে সন্দেহযুক্ত উগ্ৰপন্থীয়ে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাবাহিনীয়ে ৷ ভাৰতীয় সেনা আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা এলানি অভিযানত ৰাজ্যখনৰ চুৰাচান্দপুৰকে ধৰি কেবাখনো জিলাৰ পৰা উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰৰ লগতে আন কেতবোৰ বিস্ফোৰক সামগ্ৰী ৷

এই অভিযানত উদ্ধাৰ হৈছে এটা 5.5 ফুট ৰকেট, এটা প্ৰায় 3 ফুট ৰকেট, দুটা 9 এম এম এছ এম জি কাৰ্বাইন, এটা বৃহৎ আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, দুটা মজলীয়া আকাৰৰ মৰ্টাৰ, চাৰিটা মৰ্টাৰ বোমা, মেগজিনসহ দুটা পিষ্টল, কেবাৰাউণ্ড সজীৱ গুলী, এটা ছিংগল বেৰেল ৰাইফল, 17 মিটাৰ কৰ্টেক্স, 9 মিটাৰ দীঘল ফিউজ আৰু হেণ্ড গ্ৰেণেড আদি ৷

এই সন্দৰ্ভত মণিপুৰ আৰক্ষীয়ে X হেণ্ডেলত এটা পোষ্টযোগে উল্লেখ কৰে, ‘‘পাৰ্বত্য আৰু ভৈয়ামৰ অশান্ত অঞ্চলত নিৰাপত্তাৰক্ষীয়ে এক অভিযান চলাইছিল ৷ এই অভিযানৰ সময়ত চুৰাচান্দপুৰৰ মোৱাভমৰ পৰা উদ্ধাৰ কৰা হৈছে এটা 5.5 ফুট ৰকেট, এটা প্ৰায় 3 ফুট ৰকেট, এটা বৃহৎ আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, দুটা মজলীয়া আকাৰৰ দেশত নিৰ্মিত মৰ্টাৰ, চাৰিটা মৰ্টাৰ বোমা, মেগজিনসহ দুটা পিষ্টল, 9 ৰাউণ্ড সজীৱ গুলী, এটা ছিংগল বেৰেল ৰাইফল, গ্ৰেড-2 বিস্ফোৰক 6.3 কিঃগ্ৰাঃ, 17 মিটাৰ কৰ্টেক্স, 9 মিটাৰ দীঘল ফিউজ আৰু হেণ্ড গ্ৰেণেড ৷’’

আন এটা পোষ্টত মণিপুৰ আৰক্ষীয়ে উল্লেখ কৰিছে, ‘‘থৌবাল জিলাৰ ফুংগেই চিঙৰ পৰা দুটা 9 এম এম এছ এম জি কাৰ্বাইন, এটা 12 ব’ৰৰ ছিংগল বেৰেল ৰাইফল, এটা 9 এম এম পিষ্টলসহ মেগজিন, এটা পইন্ট 32 পিষ্টলসহ মেগজিন, পাঁচটা HE-36 হেণ্ড গ্ৰেণেড, চাৰিটা আৰ্মিং ৰিং, দুটা টিউব লন্সিং, 11 ৰাউণ্ড সজীৱ গুলী, এটা ডিটনেটৰ, দুটা বিপি আইৰণ প্লেট, এটা বিপি জেকেট, এটা কন্দুৱা গেছৰ গ্ৰেণেড, দুটা ষ্টানৰ খোলা, এটা কন্দুৱা গেছৰ খোলা, এটা ৱাকি টকি বাওফেং ৰেডিঅ’ চেট উদ্ধাৰ কৰিছে ৷’’

21 ছেপ্টেম্বৰত দুটা সফল যৌথ অভিযানত ভাৰতীয় সেনাই মণিপুৰ আৰক্ষীৰ সহযোগত চুৰাচান্দপুৰ, থৌবাল আৰু ইম্ফল পূব জিলাৰ সংঘাতপূৰ্ণ এলেকাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰৰ ভঁৰাল উদ্ধাৰ কৰে বুলি এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ পাইছে ।

লগতে পঢ়ক: মণিপুৰত ৯০০ কুকি উগ্ৰপন্থী প্ৰৱেশৰ বাতৰিৰ নিশ্চিতি প্ৰদান, অপহৰণকাৰীৰ কৱলত মন্ত্ৰীৰ ব্যক্তিগত সহায়ক - Manipur Violence

সোনকালেই সম্পূৰ্ণ কৰিব লাগে ভাৰত-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰ নিৰ্মাণ কাম : কেইশাম মেঘাচন্দ্ৰ সিং - Indo Myanmar Border Fencing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.