ETV Bharat / bharat

ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনা, ১৯ গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু - Kawardha accident - KAWARDHA ACCIDENT

Kawardha accident: দেশত পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে ছত্তীশগড়ত দুৰ্ঘটনাত পতিত হৈ ১৮ গৰাকী শ্ৰমিকৰ মৃত্যু । টেণ্ডু পাত ছিঙি ঘৰলৈ উভতি আহি আছিল শ্ৰমিকসকল । নিহতসকল বৈগা জনজাতীয় লোক আছিল । মুখ্যমন্ত্ৰী বিষ্ণু দেও সাইয়ে এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে দুৰ্ঘটনাত হতাহত হোৱা লোকক ক্ষতিপূৰণ আদায় দিয়াৰ কথা ঘোষণা কৰে ।

Kawardha accident
ছত্তীশগড়ত মৰ্মান্তিক দুৰ্ঘটনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 20, 2024, 4:37 PM IST

Updated : May 20, 2024, 10:44 PM IST

নেশ্যনেল ডেস্ক,২০ মে': ছত্তীশগড়ৰ কৱৰ্ধাত ভয়ংকৰ পথ দুৰ্ঘটনা । যাত্ৰীভৰ্তি পিকআপ বাহন দুৰ্ঘটনাৰ ফলত ১৯ গৰাকী লোকৰ মৃত্যু । নিহতসকল বৈগা জনজাতীয় লোক আছিল বুলি জানিব পৰা গৈছে । টেণ্ডু পাত ছিঙি বাহনখনেৰে ঘৰলৈ উভতি আহিছিল শ্ৰমিকসকল । দুৰ্ঘটনাটো মানেই ভয়াৱহ আছিল যে ১৩ জন লোকৰ থিতাতে মৃত্যু হয় । আনহাতে দুৰ্ঘটনাটোত তিনিজন গুৰুতৰভাৱে আহত হয় । নিহতসকলৰ ১৯ গৰাকীৰ ভিতৰত ১৮ গৰাকী মহিলা আছিল ।

আৰক্ষীয়ে জনোৱা মতে শ্ৰমিকসকলে টেণ্ডু পাত ছিঙি অৰণ্যৰ পৰা ঘৰলৈ উভতি আহিছিল । শ্ৰমিকসকলে পিকআপ বাহনেৰে ঘৰলৈ গৈ আছিল । সেই সময়তে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০ ফুট দ খাৱৈত বাগৰি পৰে । বাহনখনত ৩৫ ৰ পৰা ৪০ গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে । আটাইকেইগৰাকী লোক চেমাহাৰা গাঁৱৰ বাসিন্দা ।

দুৰ্ঘটনাটো কুকদুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাহপানী গাঁৱৰ সমীপত সংঘটিত হৈছিল । দুৰ্ঘটনাটোৰ পিচতে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় লোকে ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীক অৱগত কৰে । আৰক্ষীৰ এটা দল আৰু স্থানীয় লোকৰ সহায়ত আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । একে সময়তে নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

এই মৰ্মান্তিক দুৰ্ঘটনাক লৈ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও সাইয়ে শোক প্ৰকাশ কৰিছে । এক্সৰ এটা পোষ্টত তেওঁ কয় যে কবিৰধাম জিলাৰ কুকদুৰ আৰক্ষী থানাৰ বাহপানী গাঁৱৰ দুৰ্ঘটনাক লৈ তেওঁ দুখিত । আহতসকলৰ উন্নত চিকিৎসাৰ বাবে জিলা প্ৰশাসনক তেওঁ প্ৰয়োজনীয় নিৰ্দেশনা দিছে । তেওঁ নিহতসকলৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰিছে । লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰো কামনা কৰে । তেওঁ লগতে মৃতকৰ পৰিয়ালক ৫ লাখ আৰু আহতক ৫০ হাজাৰ টকাৰ এককালীন সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে ।

ইয়াৰ পূৰ্বে, ৯ এপ্ৰিলত দূৰ্গৰ কুমহাৰী আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত অনুৰূপ এটা দুৰ্ঘটনা সংঘটিত হৈছিল । কুমহাৰী আৰক্ষী থানাৰ অন্তৰ্গত কেদিয়া কোম্পানীৰ কৰ্মচাৰীক লৈ যোৱা এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিছিল । সেই দুৰ্ঘটনাটোত ১৩ গৰাকী লোক নিহত হোৱাৰ লগতে ১৭ গৰাকী লোক আহত হৈছিল ।

লগতে পঢ়ক :বিজেপি প্ৰাৰ্থীক ৮ বাৰ ভোট দিয়া ভিডিঅ' ভাইৰেল; ৰাজনৈতিক মহলত খলকনি - Fake Voting Video

Last Updated : May 20, 2024, 10:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.