ETV Bharat / bharat

নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টত খুন্দা মাৰিলে তীব্ৰবেগী বাছে: নিহত ১২ - ROAD ACCIDENT

ৰাজস্থানৰ ছীকৰ জিলাৰ লক্ষ্মণগড়ত এখন তীব্ৰবেগী বাছে খুন্দা মাৰিলে কালভাৰ্টত । এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছে আন কেইবাজনো লোক ।

ROAD ACCIDENT
নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ খুঁটা খুন্দা মাৰিলে তীব্ৰবেগী বাছে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 5:05 PM IST

Updated : Oct 29, 2024, 10:04 PM IST

ৰাজস্থান: ৰাজস্থানৰ ছীকৰ জিলাৰ লক্ষ্মণগড়ত মঙলবাৰে বিয়লি এখন তীব্ৰবেগী বাছ দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয় । আহতসকলক লক্ষ্মণগড়ৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক: ADR পৰীক্ষা দিবলৈ গৈ উভতি নাহিল মিলন

লক্ষ্মনগড় আৰক্ষী থানাৰ এ এছ আই ৰামদেৱ সিঙে জানিবলৈ দিয়া মতে, যাত্ৰীসকলক লৈ বাছখন চালাছৰৰ পৰা নবলগড়লৈ গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হয় ৷ তীব্ৰবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা কালভাৰ্টত খুন্দা মাৰে । এই দুৰ্ঘটনাত ৫ জন লোকৰ থিতাতে মৃত্যু হয় ৷ আনহাতে 7 জন যাত্ৰীৰ চিকিৎসালয়ত মৃত্যু হয় । ইফালে বাছখনত যাত্ৰা কৰা আন ৩৩ জন যাত্ৰী এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুৰুতৰভাৱে আহত হয় ।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ এই খবৰ লাভ কৰাৰ পাছতেই আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক লক্ষ্মণগড়ৰ চৰকাৰী চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত মৃত্যু হোৱা লোককেইজনৰ মৃতদেহ বৰ্তমান মৰ্গত ৰখা হৈছে ।

লগতে পঢ়ক: ধুবুৰীত নাৱৰ মুখামুখি সংঘৰ্ষ; ৫ টাকৈ শিশু নিৰুদ্দেশ

জানিব পৰা মতে দলঙৰ তললৈ গৈ থকা সময়তে বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু কালভাৰ্টত খুন্দা মাৰে । এই দুৰ্ঘটনা সন্দৰ্ভত সম্প্ৰতি লক্ষ্মণগড় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

ইফালে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে নগৌৰৰ সাংসদ হনুমান বেনিৱালে । ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ত পোষ্ট কৰি এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ৷ তেওঁ লগতে মৃতকৰ আত্মাক সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

ইফালে এই বাছ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । মোদীয়ে টুইটাৰত লিখিছে, "ৰাজস্থানৰ ছিকাৰত সংঘটিত বাছ দুৰ্ঘটনা হৃদয় বিদাৰক । ইয়াৰ ফলত প্ৰাণ হেৰুওৱা সকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ । ভগৱানে তেওঁলোকক এই যন্ত্ৰণা সহ্য কৰিবলৈ শক্তি দিয়ক ।"

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে প্ৰধানমন্ত্ৰী সাহায্য পুঁজিৰ পৰা মৃতকৰ পৰিয়াললৈ ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক: সাতখন গাড়ীৰ পৰস্পৰৰ সংঘৰ্ষ: শিহৰণকাৰী দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা কেৰালাৰ মুখ্যমন্ত্ৰী

Last Updated : Oct 29, 2024, 10:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.