ETV Bharat / bharat

ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিং; হিমাচলৰ ৬ কংগ্ৰেছ বিধায়কক অযোগ্য ঘোষণা অধ্যক্ষৰ

author img

By ETV Bharat Assamese Team

Published : Feb 29, 2024, 12:33 PM IST

Congress MLA Disqualifies in HP : হিমাচল বিধানসভাৰ অধ্যক্ষ কুলদীপ পাঠানিয়াই কংগ্ৰেছৰ ছয়গৰাকী বিধায়কক ক্ৰছ ভোটিঙৰ বাবে অযোগ্য ঘোষণা কৰে ।

হিমাচলৰ ৬ কংগ্ৰেছ বিধায়কক অযোগ্য ঘোষণা অধ্যক্ষৰ

নিউজ ডেস্ক, ২৯ ফেব্ৰুৱাৰী : হিমাচল প্ৰদেশত অনুষ্ঠিত শেহতীয়া ৰাজ্যসভা নিৰ্বাচনত ক্ৰছ ভোটিঙৰ বাবে কংগ্ৰেছৰ ছয়গৰাকী বিধায়কক অযোগ্য ঘোষণা কৰা হৈছে । হিমাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ কুলদীপ সিং পাঠানিয়াই এক সংবাদমেল অনুষ্ঠিত কৰি তেওঁৰ এই সিদ্ধান্তৰ কথা সদৰী কৰে । অধ্যক্ষৰ নিৰ্দেশ অনুসৰি এই ৬ গৰাকী বিধায়কক বৰ্খাস্ত কৰা হৈছে ।

"এই ৬ গৰাকী বিধায়কে দলত্যাগ বিৰোধী আইন উলংঘা কৰিছে । মই এই ৬ গৰাকী বিধায়কক বিধানসভাৰ পৰা বহিষ্কাৰ কৰিছোঁ ৷ বিধায়ককেইগৰাকীৰ ভিতৰত আছে সুধীৰ শৰ্মা, ৰাজেন্দ্ৰ ৰাণা, দেৱেন্দ্ৰ ভুট্টো, ইন্দ্ৰ দত্ত লাখনপাল, ৰবি ঠাকুৰ, চৈতন্য শৰ্মা । মোৰ আদেশৰ পিছত এতিয়াৰে পৰা তেওঁলোক আটাইকেইগৰাকী হিমাচল বিধানসভাৰ সদস্য নহ'ব ।" হিমাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ কুলদীপ সিং পাঠানিয়াই নিজৰ আদেশত কয় । উল্লেখ্য যে বুধবাৰে অধ্যক্ষই এই ৰায় সংৰক্ষিত ৰাখিছিল ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী হৰ্ষবৰ্ধন চৌহানে দলত্যাগ বিৰোধী ন্যায়াধিকৰণৰ সন্মুখত ক্ৰছ-ভোটদান কৰা কংগ্ৰেছ বিধায়কসকলক অযোগ্য ঘোষণা কৰিবলৈ এখন আবেদন দাখিল কৰিছিল । আনহাতে, বিজেপি নেতা তথা জ্যেষ্ঠ অধিবক্তা সত্যপাল জৈনে ক্ৰছ-ভোট দিয়া বিধায়কসকলৰ হৈ অধ্যক্ষৰ সন্মুখত যুক্তি আগবঢ়ায় । উল্লেখ্য যে দলত্যাগ বিৰোধী ন্যায়াধিকৰণৰ অধ্যক্ষ হৈছে বিধানসভাৰ অধ্যক্ষ । কংগ্ৰেছৰ মতে, এই ৬ গৰাকী বিধায়কে দলত্যাগ বিৰোধী আইন উলংঘা কৰিছে, সেয়েহে এই বিধায়কসকলক অযোগ্য ঘোষণা কৰা উচিত । একে সময়তে সত্যপাল জৈনে যুক্তি দিয়ে যে ৰাজ্যসভা নিৰ্বাচনত ভোটদান এই আইনৰ অধীনত নাহে ।

লগতে পঢ়ক :ৰাজ্যসভা নিৰ্বাচন : উত্তৰ প্ৰদেশত ৮ খন, কৰ্ণাটকত এখন আসনত জয়ী বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.