ETV Bharat / bharat

বৰফৰ শুভ্ৰ আচ্ছাদনৰ মাজত ছিমলা, ব্যাহত যাতায়ত সেৱা

author img

By ANI

Published : Feb 5, 2024, 2:17 PM IST

Snow covers Shimla: তুষাৰপাত হোৱাৰ লগে লগে পৰ্যটকৰ ভিৰ বাঢ়িছে ছিমলাত ৷ আশাৰ সঞ্চাৰ ঘটিছে হোটেল কৰ্তৃপক্ষৰ মনত ৷ অৱশ্যে বিদ্যুৎ যোগান আঁচনি বাধাগ্ৰস্ত হোৱাৰ লগতে 52 খন পানী যোগান আঁচনিও ব্যাহত হৈ পৰিছে ৷ বন্ধ হৈ পৰিছে 645 টা পথ ৷

Himachal Pradesh: Thick blanket of snow covers Shimla
তুষাৰপাতে পৰ্যটকৰ ভিৰ বঢ়াইছে ছিমলাত

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ: আকৰ্ষণীয় হৈ পৰিছে পৰ্যটনস্থলী ছিমলা ৷ হিমাচল প্ৰদেশৰ কিছু অংশত সতেজ বৰফ পৰাৰ পিছত উত্তৰ ভাৰতৰ পৰা পৰ্যটকৰ ভিৰ আৰম্ভ হৈছে জনপ্ৰিয় পাহাৰীয়া স্থান ছিমলালৈ ।

পাহাৰীয়া কুফ্ৰিত থকা পঞ্জাৱৰ পৰ্যটক অতুল জৈনে তুষাৰপাতৰ অভিজ্ঞতা লাভ কৰিবলৈ ছিমলালৈ আহে ৷ তেওঁ কয়," মই সকলোকে অনুৰোধ কৰিম যে ইয়ালৈ আহি ইয়াৰ সুন্দৰ বতৰৰ আমেজ লওঁক ।"

প্ৰথমবাৰৰ বাবে বৰফ পৰাৰ অভিজ্ঞতা লাভ কৰা দিল্লীৰ জিনুৱে কয়, "মোৰ সপোন বাস্তৱায়িত হ'ল । ই এক সুন্দৰ দৃশ্য । বৰফ দেখি মই অতি আনন্দিত অনুভৱ কৰিছো । সকলোৱে ইয়ালৈ আহি নতুন অভিজ্ঞতাৰে নিজকে সমৃদ্ধ কৰা উচিত ।"

তুষাৰপাতে স্থানীয় হোটেল মালিকসকলকো উল্লাসিত কৰি তুলিছে, ইয়াৰ ফলত তেওঁলোকৰ পৰ্যটন উদ্যোগত অগ্ৰগতিৰ আশা পুনৰ সজীৱ হৈ উঠিছে । এনে বতৰৰ বাবে পাহাৰীয়া ৰাজ্যখনে যোৱা সময়ছোৱাত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে ৷ কাৰণ অঞ্চলটোত প্ৰচণ্ড বৰফ পৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি কেইবাটাও পথ অৱৰোধ হৈ পৰিছে ।

বিগত 24 ঘণ্টাৰ ভিতৰত শিমলা, কিন্নৌৰ, কুল্লু, লাহৌল-স্পিটি, ছিৰমৌৰ, মাণ্ডী, কাংগৰা আৰু চাম্বা জিলাৰ ওখ স্থানবোৰত প্ৰচণ্ড বৰফ পৰিছে । ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পৰা উপলব্ধ তথ্য অনুসৰি 4 টা ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি 645 টা পথ বন্ধ হৈ পৰিছে ।

ইয়াৰ উপৰিও অঞ্চলটোত বৰফ পৰাৰ বাবে 1416 খন বিদ্যুৎ যোগান আঁচনি বাধাগ্ৰস্ত হোৱাৰ লগতে 52 খন পানী যোগান আঁচনিও ব্যাহত হৈ পৰিছে ৷ এইবাৰ তুষাৰপাত পলমকৈ হৈছিল যদিও হিমাচল অঞ্চলত বৰফ পৰাৰ লগে লগে বিদ্যুৎ আৰু পানী যোগান আঁচনি ব্যাহত হৈ পৰে ।

ৰাজ্যিক পৰ্যটন বিভাগৰ তথ্য অনুসৰি 2019 চনত ৰাজ্যখনত 4,00,000 বিদেশী পৰ্যটককে ধৰি প্ৰায় 17,20,000 পৰ্যটকে ভিৰ কৰিছিল, যিটো 2018 চনৰ তুলনাত প্ৰায় 5 শতাংশ অধিক ।

লগতে পঢ়ক: প্ৰাণভৰি তুষাৰপাত উপভোগ কৰিলে উত্তৰাখণ্ডৰ গাঙীবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.