ETV Bharat / bharat

চম্পাই ছোৰেনৰ অসন্তুষ্টিৰ পিচত জে এম এমক অস্থিৰ কৰাৰ প্ৰস্তুতি বিজেপিৰ - Jharkhand CM Hemant Soren

author img

By ETV Bharat Assamese Team

Published : Aug 19, 2024, 9:19 PM IST

Jharkhand Political Situation : ঝাৰখণ্ডৰ ৰাজনীতিত দলত্যাগৰ চৰ্চা এতিয়াও মাৰ যোৱা নাই । চম্পাই ছোৰেনক কেন্দ্ৰ কৰি ৰাজ্যখনৰ ৰাজনৈতিক চৰ্চা ঘূৰি আছে । আনহাতে, তেওঁৰ অসন্তুষ্টি পোহৰলৈ অহাৰ লগে লগে জে এম এমত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে । ইফালে বিজেপিয়ে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

Jharkhand Political Situation
চম্পাই চোৰেনৰ অসন্তুষ্টিৰ পিচত জে এম এমক অস্থিৰ কৰাৰ প্ৰস্তুতি বিজেপিৰ (ETV Bharat)

নিউজ ডেস্ক, ১৯ আগষ্ট : বিজেপিৰ চতুৰ ৰাজনৈতিক পদক্ষেপত পুনৰবাৰ সংকটত পৰিছে ঝাৰখণ্ডৰ হেমন্ত ছোৰেন চৰকাৰ আৰু তেওঁৰ দল ঝাৰখণ্ড মুক্তি মৰ্চা (জে এম এম) । লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে জে এম এম ত্যাগ কৰা হেমন্ত ছোৰেন পৰিয়ালৰ বোৱাৰী সীতা ছোৰেনে দলটোত কৰা ক্ষতিৰ এতিয়ালৈকে ভালদৰে মেৰামতি হোৱাই নাই, কিন্তু তাৰ পূৰ্বে চম্পাই ছোৰেনৰ অসন্তুষ্টি ৰাজহুৱা হোৱাৰ লগে লগে আন এক মোক্ষম আঘাত পৰিছে দলটোত ।

বাবুলাল মাৰাণ্ডীৰ সংবাদেমেল সম্বোধন (ETV Bharat)

অসন্তুষ্টি ইমানেই হৈছে যে চম্পাই ছোৰেনে অতি দুখেৰে ছ'চিয়েল মিডিয়াত নিজৰ বেদনা প্ৰকাশ কৰাৰ উপৰি দলৰ বিষয়েও বহু কথা প্ৰকাশ কৰিছে । এনে পৰিস্থিতিত তেওঁৰ পৰৱৰ্তী পদক্ষেপ কি হ'ব আৰু এই মুহূৰ্তৰ শাসকীয় ৰাজনৈতিক স্থিতি কি হ'ব সেয়া সময়ৰ গৰ্ভত আছে । অৱশ্যে তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে ।

আনহাতে, চম্পাই ছোৰেনৰ অসন্তুষ্টিক ইন্ধন যোগোৱাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত বিজেপিৰ হাত আছে বুলি চৰ্চা চলিছে । নিশ্চিতভাৱে চম্পাই ছোৰেনৰ প্ৰস্থানত জে এম এমৰ কোলহানত ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে । চম্পাই ছোৰেন হৈছে এগৰাকী নিকা ভাবমূৰ্তিৰ নেতা আৰু জনজাতীয় লোকৰ মাজত তেওঁৰ এক বিশেষ দখল আছে । সম্ভৱত এইকাৰণেই তেওঁক কোলহানৰ বাঘ বুলি কোৱা হয় ।

বিজেপিৰ এক গুলীত দুই চিকাৰ

বিজেপিয়ে জে এম এমৰ আভ্যন্তৰীণ অস্থিৰতাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । এইক্ষেত্ৰত বিজেপিয়ে এক গুলীত দুই চিকাৰ কৰিছে । বিধানসভা নিৰ্বাচনৰ কথা মনত ৰাখি বিজেপিয়ে জনজাতীয় ভোট বেংক লাভ কৰিবলৈ চম্পাই ছোৰেনক লক্ষ্য কৰি লৈছে । কিয়নো হেমন্ত ছোৰেনৰ কাৰাবাসৰ সময়ত লাভ কৰা মুখ্যমন্ত্ৰীৰ পদৰ পৰা পৰৱৰ্তী সময়ত চম্পাই ছোৰেনক আঁতৰাই দিয়াটোক জনজাতীয় সহানুভূতি লাভৰ প্ৰথম কৌশল হিচাপে বিজেপিয়ে গ্ৰহণ কৰিছে । এইক্ষেত্ৰত জনজাতীয় লোকৰ অসন্তুষ্টিক ব্যৱহাৰ কৰিব বিচাৰিছে বিজেপিয়ে ।

আনহাতে, দ্বিতীয় লক্ষ্যটো হৈছে জে এম এমক দুৰ্বল কৰা । বিজেপিয়ে নিশ্চিতভাৱে প্ৰথমে লোবিন হেমব্ৰাম, তাৰ পিচত সীতা ছোৰেন আৰু এতিয়া চম্পাই ছোৰেনৰ অসন্তুষ্টি বৃদ্ধি কৰাত সফল হৈছে । এইটোৱে জে এম এমৰ বাবে নিৰন্তৰ বিফলতা সৃষ্টি কৰিছে ।

ইফালে জে এম এমৰ কেন্দ্ৰীয় মুখপাত্ৰ মনোজ পাণ্ডেই কয়, "চম্পাই ছোৰেন দলটোৰ অন্যতম ডাঙৰ নেতা । তেওঁৰ যিকোনো অসন্তুষ্টি কাৰ্যকৰী সভাপতিৰ সন্মুখত ৰাখি ইয়াক আঁতৰাবলৈ চেষ্টা কৰিলে ভাল হ'লহেঁতেন । বিৰোধীয়ে আমাক দুৰ্বল হোৱাটো বিচাৰে । বিপক্ষই এইটোৱে বিচাৰে যে আমি দুৰ্বল হওঁ । চম্পাই ছোৰেনৰ দৰে এগৰাকী ব্যক্তি তেওঁলোকৰ ওচৰলৈ যোৱাটো এক ডাঙৰ প্ৰাপ্তি ।"

আনহাতে, বিজেপি নেতাসকলৰ মতে, চম্পাই ছোৰেনৰ উপৰি জে এম এম আৰু কংগ্ৰেছৰ বহু বিধায়ক তথা নেতাই বিজেপিৰ সৈতে যোগাযোগ কৰি আছে । বিজেপিৰ ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীয়ে অৱশ্যে চম্পাই ছোৰেন সন্দৰ্ভত কৌশলপূৰ্ণভাৱে কয়, "ব্যক্তিগত সম্পৰ্কৰ বাবে মিলামিছাতো আছেই, কিন্তু ৰাজনৈতিক বিষয়বোৰ সম্পূৰ্ণ বেলেগ ।"

কিন্তু সেয়া যিয়েই নহওক কিয়, বিধানসভা নিৰ্বাচনৰ সময় সমাগত আৰু ৰাজনীতিবিদসকলৰ দলত্যাগ পৰ্ব আৰম্ভ হৈছে । এনে পৰিস্থিতিত সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ পৰা এইটো স্পষ্ট যে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত এক ডাঙৰ ৰাজনৈতিক উত্থান-পতনৰ পৰিস্থিতি সৃষ্টি হ'ব পাৰে ।

লগতে পঢ়ক :বৰ্ষীয়ান নেতা চম্পাই ছোৰেনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ বিজেপি নেতা বাবুলাল মাৰাণ্ডীৰ - Champai Soren
লগতে পঢ়ক :কাৰ নিৰ্দেশত অপমান কৰা হ'ল কলহানৰ টাইগাৰ চম্পাই ছোৰেনক? অৱশেষত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিলে মনৰ ভাব - Champai Soren

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.