ETV Bharat / bharat

চুৰাটত হিটষ্ট্ৰোকত 24 ঘণ্টাত 11 জনৰ মৃত্যু - Heatstroke outbreak in Surat - HEATSTROKE OUTBREAK IN SURAT

Heatstroke outbreak in Surat : চুৰাটত গ্ৰীষ্মপ্ৰৱাহৰ পৰিস্থিতিৰ ফলত বিগত ২৪ ঘণ্টাত এঘাৰজন লোকৰ মৃত্যু হৈছে । এই ঘটনাই স্বাস্থ্য বিভাগক জোকাৰি গৈছে । যাৰ বাবে স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক চুৰাটত উপস্থিত হৈছে । লক্ষণীয় কথাটো হৈছে, ৰাজ্যখনৰ 108 টা জৰুৰীকালীন সেৱাই এটা দিনতে গ্ৰীষ্মপ্ৰৱাহৰ লগত জড়িত ঘটনাৰ 224 টা কল লাভ কৰে ।

Heatstroke outbreak in Surat
চুৰাটত হিটষ্ট্ৰোকত 11 জনৰ মৃত্যু (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 24, 2024, 9:37 PM IST

নিউজ ডেস্ক, ২৪ মে' : গুজৰাটৰ চুৰাট চহৰত বিগত ২৪ ঘণ্টাত গ্ৰীষ্মপ্ৰৱাহে ১১ জন লোকৰ প্ৰাণ কাঢ়িছে । আনহাতে, প্ৰচণ্ড গৰমৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ডঃ নীলম পেটেলে শুকুৰবাৰে চুৰাট ভ্ৰমণ কৰে । ডাঃ নীলম পেটেলে অসামৰিক চিকিৎসালয়, অন্য চিকিৎসালয়কে ধৰি স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ।

২৪ ঘণ্টাত ১১ জনৰ মৃত্যু : উল্লেখ্য যে বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত ২৭ মে'লৈকে কমলা ৰঙৰ সতৰ্কতা জাৰি কৰিছে । আনহাতে, বিগত দুদিন ধৰি প্ৰচণ্ড গৰমৰ বাবে চুৰাটত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে । ইফালে কমলা সতৰ্কতাৰ বাবে হিটষ্ট্ৰোকৰ ভয়ো বৃদ্ধি পাইছে । বিগত 24 ঘণ্টাত হঠাতে মূৰ্চ্ছা যোৱা, পেশী সংকোচন আৰু শৰীৰৰ উত্তাপ বৃদ্ধিৰ ফলত মুঠ 11 জন লোকৰ মৃত্যু হৈছে ।

চুৰাটত হোৱা প্ৰচণ্ড গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগৰ অতিৰিক্ত সঞ্চালক ডঃ নীলম পেটেলে চুৰাটত চৰকাৰী চিকিৎসালয় আৰু আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয় । এনে পৰিস্থিতিত কি সাৱধানতা অৱলম্বন কৰা উচিত আৰু সঠিক সময়ত মানুহে কি চিকিৎসা ল'ব লাগে সেই বিষয়েও আলোচনা কৰা হয় । তেওঁ কয় যে চাৰি-পাঁচখন জিলাত গৰমৰ প্ৰভাৱ সৰ্বাধিক । যাৰ ফলত এই ঘটনাবোৰ বৃদ্ধি পাইছে । আনহাতে, হিটষ্ট্ৰোকৰ ঘটনাও বৃদ্ধি পাইছে ।

ডঃ নীলম পেটেলে কয়, "আমি ৰাজ্যজুৰি অহা গ্ৰীষ্মপ্ৰৱাহ সম্পৰ্কীয় জৰুৰীকালীন ঘটনাবোৰ নিৰন্তৰ নিৰীক্ষণ কৰি আছো । এপ্ৰিল আৰু মে' মাহৰ আৰম্ভণিতে দৈনিক 50-60 টা ঘটনা পোৱা গৈছিল । লাহে লাহে তাপমাত্ৰা বৃদ্ধি হোৱাৰ লগে লগে এই ঘটনাৰ সংখ্যাও বৃদ্ধি পাইছে । বৰ্তমান এয়া গড়ে 80-90 ৰ ওপৰত আছে । বিগত চাৰি দিন ধৰি তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাইছে । ফলস্বৰূপে 108 টা জৰুৰীকালীন সেৱাত 188 টাতকৈও অধিক কল লাভ কৰা হৈছে ।"

তেওঁ লগতে কয় যে 23 মে'ত 224 টা এনে ধৰণৰ ঘটনাৰ তথ্য লাভ কৰা হৈছিল । উল্লেখ্য যে চুৰাটত ইতিমধ্যে গ্ৰীষ্মপ্ৰৱাহৰ লক্ষণৰ ফলত 10 জন লোকৰ মৃত্যু হৈছে । অৱশ্যে ইয়াৰ প্ৰকৃত কাৰণৰ এতিয়াও অনুসন্ধান চলি আছে ।

লগতে পঢ়ক :অসমলৈ কেতিয়া আহিব মৌচুমী ? জানক দেশৰ কোন প্ৰান্তত বাৰিষাৰ আগমন কেতিয়া - Monsoon Forecast In India

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.