ETV Bharat / bharat

হাৰিয়ানাত বিজেপিৰ হেট্ৰিক: জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা - HARYANA JK ELECTIONS 2024

Haryana-JK Election Results : হাৰিয়ানাত ভুল প্ৰমাণিত সকলো সমীক্ষা । অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰৰ শাসনভাৰ কংগ্ৰেছ-এন চিৰ হাতলৈ ।

Haryana JK Election Results
হাৰিয়ানাত বিজেপিৰ হেট্ৰিক; জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা (ETV Bharat and PTI)
author img

By ETV Bharat Assamese Team

Published : Oct 8, 2024, 8:04 PM IST

নিউজ ডেস্ক, ৮ অক্টোবৰ : লোকসভা নিৰ্বাচনৰ পিছত দুখন ৰাজ্যৰ গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় । তৃতীয়বাৰৰ বাবে শাসন ক্ষমতা হাতত ৰাখিবৰ বাবে হাৰিয়ানাত বিজেপিৰ ৰণকৌশলৰ বিপৰীতে কংগ্ৰেছে ৰাজ্যখনত প্ৰতিষ্ঠান বিৰোধী ঢৌ আৰু কৃষক আন্দোলনক হাথিয়াৰ হিচাপে লৈ নিৰ্বাচনত অৱতীৰ্ণ হয় । ভোটগ্ৰহণৰ পিছত নিৰ্বাচন পৰৱৰ্তী সকলো সমীক্ষাই কংগ্ৰেছে এইবাৰ ৰাজ্যখনত শাসনৰ বাঘজৰী হাতত ল'ব বুলি ভৱিষ্যদ্বাণী কৰে যদিও এই সকলো পূৰ্বানুমান অসাৰ প্ৰতিপন্ন কৰি বিজেপিয়ে ৰাজ্যখনত শাসনৰ হেট্ৰিক অৰ্জন কৰে ।

আনহাতে, অনুচ্ছেদ ৩৭০ বাতিল কৰি সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা বাতিলৰ পিছত প্ৰথমবাৰৰ বাবে জম্মু-কাশ্মীৰ কেন্দ্ৰীয়শাসিত অঞ্চলত নিৰ্বাচন অনুষ্ঠিত হয় । দুটা দশকৰ পিছত উপত্যকাটোৰ জনসাধাৰণে ৰাজ্যৰ চৰকাৰ গঠনৰ বাবে গণতন্ত্ৰৰ উৎসৱত অংশগ্ৰহণ কৰে । ৰাজ্যখনত বিজেপিয়ে শাসন ক্ষমতা হাতত ল'বলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লয় যদিও কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোঁটৰ হাতত ধৰাশায়ী হয় ।

হাৰিয়ানাত বিজেপিৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন

হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি, বিজেপিয়ে ৪৮ খন, কংগ্ৰেছে ৩৭ খন, আই এন এল ডিয়ে দুখন আৰু অন্যান্যই তিনিখন আসনত জয়লাভ কৰে । এই বিজয়েৰে হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ বাবে সাজু হৈছে । অৱশ্যে দলটোৰ আঠগৰাকী মন্ত্ৰীয়ে আশ্চৰ্যজনকভাৱে পৰাজয়ৰ সন্মুখীন হয় ।

আঠগৰাকী মন্ত্ৰী পৰাস্ত

বিজেপি প্ৰাৰ্থী তথা নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী সুভাষ সুধাথাক থানেছাৰত কংগ্ৰেছৰ অশোক অৰোৰাই ৩,০০০ তকৈও অধিক ভোটত পৰাজিত কৰে । আনহাতে, বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা কৃষি মন্ত্ৰী কানৱাৰপাল গুৰ্জাৰেও জগধাৰীত কংগ্ৰেছ প্ৰাৰ্থী আক্ৰাম খানৰ হাতত পৰাজয়বৰণ কৰে ।

ইফালে জলসিঞ্চন আৰু জলসম্পদ ৰাজ্যিক মন্ত্ৰী অভয় সিং যাদৱ নাংগল চৌধুৰী সমষ্টিত কংগ্ৰেছৰ মঞ্জু চৌধুৰীৰ হাতত ৬,০০০ তকৈও অধিক ভোটত পৰাজিত হয় । উন্নয়ন আৰু পঞ্চায়ত মন্ত্ৰী অসীম গোৱেল কংগ্ৰেছৰ নিৰ্মল সিঙৰ হাতত ১১,১৩১ টা ভোটৰ ব্যৱধানত আম্বালা চহৰ সমষ্টিত পৰাজিত হয় ।

ইয়াৰ উপৰি বিত্ত মন্ত্ৰী জয় প্ৰকাশ দালাল কংগ্ৰেছৰ ৰাজবীৰ ফাৰ্টিয়াৰ হাতত মাত্ৰ ৭৯২ টা ভোটত পৰাস্ত হয় । স্বাস্থ্য মন্ত্ৰী কমল গুপ্তাক হিছাৰত নিৰ্দলীয় প্ৰাৰ্থী সাবিত্ৰী জিন্দালে ১৮,৯৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে ।

ক্ৰীড়া মন্ত্ৰী সঞ্জয় সিং নুহত পৰাস্ত হোৱাৰ উপৰি তেওঁৰ আমানতৰ ধনো জব্দ হয় । কংগ্ৰেছ প্ৰাৰ্থী আফতাব আহমেদে তেওঁক পৰাস্ত কৰে । ৰঞ্জিত চৌতালাও ৰানিয়াত আই এন এল ডিৰ অৰ্জুন চৌতালাৰ হাতত পৰাজয়ৰ সন্মুখীন হয় ।

ইফালে বিধানসভাৰ অধ্যক্ষ জ্ঞান চান্দ গুপ্তাই পঞ্চকুলাত ভজন লালৰ পুত্ৰ তথা কংগ্ৰেছ প্ৰাৰ্থী চন্দ্ৰমোহন বিষ্ণইৰ হাতত 1,997 টা ভোটত পৰাস্ত হয় ।

উল্লেখ্য যে হাৰিয়ানা বিধানসভাৰ ৯০ খন আসনৰ বাবে যোৱা ১ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন

নিৰ্বাচনৰ ফলাফলৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা প্ৰদান কৰাৰ বাবে হাৰিয়ানাৰ জনসাধাৰণক ধন্যবাদ জনায়। এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়, "হাৰিয়ানালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো । ভাৰতীয় জনতা পাৰ্টীক পুনৰবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা প্ৰদানৰ বাবে মই হাৰিয়ানাৰ জনসাধাৰণক অভিনন্দন জনাইছো । এয়া হৈছে উন্নয়ন আৰু সুশাসনৰ ৰাজনীতিৰ বিজয় । মই আপোনালোকক আশ্বাস দিছো যে আমি আপোনালোকৰ আশা-আকাংক্ষা পূৰণ কৰিবলৈ চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰো ।"

জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা

ইফালে দুটা দশক পিছত অনুষ্ঠিত জম্মু-কাশ্মীৰৰ নিৰ্বাচনত নেচনেল কনফাৰেন্স-কংগ্ৰেছ মিত্ৰজোঁটে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । উল্লেখ্য যে অনুচ্ছেদ 370 বাতিলৰ পিচত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে এন চি-কংগ্ৰেছে চৰকাৰ গঠন কৰিব । ভোটগণনাৰ শেহতীয়া ফলাফল অনুসৰি, মুঠ ৯০ খন আসনবিশিষ্ট জম্মু-কাশ্মীৰ বিধানসভাত নেচনেল কনফাৰেন্সে ৪২ খন, বিজেপিয়ে ২৯ খন, কংগ্ৰেছে ৬ খন, পি ডি পিয়ে তিনিখন আৰু অন্যান্যই ১০ খন আসন লাভ কৰে ।

আনহাতে, নিৰ্বাচনৰ ফলাফল পৰিষ্কাৰ হোৱাৰ পিছত এক সংবাদমেল সম্বোধন কৰি নেচনেল কনফাৰেন্সৰ সভাপতি ফাৰুক আব্দুল্লাই জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ওমৰ আব্দুল্লাৰ নাম ঘোষণা কৰে । ইফালে বহু প্ৰত্যাশিত জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা সমাপ্ত হোৱাৰ লগে লগে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি তথা সম্ভাৱ্য আগন্তুক মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এন চি-কংগ্ৰেছ মিত্ৰজোঁটৰ ব্যাপক বিজয়ৰ বাবে ভোটাৰসকলক ধন্যবাদ জ্ঞাপন কৰে ।

ৰাজ্যবাসীক ধন্যবাদ ওমৰ আব্দুল্লাৰ

"প্ৰথমে মই জম্মু-কাশ্মীৰৰ লোকসকলক ধন্যবাদ জনাব বিচাৰো । মই ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰসকলক ধন্যবাদ দিব বিচাৰো । লগতে যিসকলে নেচনেল কনফাৰেন্স আৰু কংগ্ৰেছৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিছে তেওঁলোককো ধন্যবাদ জনাইছো । এই আদেশৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে বিজেপিয়ে যিদৰে এন চিক লক্ষ্য কৰি আমাক দুৰ্বল কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তেওঁলোকৰ নিজৰে অস্তিত্ব নাইকিয়া হৈ গৈছে ।" ভোটগণনা সমাপ্ত হোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত ওমৰে কয় ।

জম্মুত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শন

উল্লেখ্য যে এইবাৰৰ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে জম্মু অঞ্চলত অতি শোচনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ বিপৰীতে কাশ্মীৰত ছয়খন আসনৰ ভিতৰত পাঁচখন আসনত আৰু ৰাজৌৰীত এখন আসনত জয়লাভ কৰে ।

আনহাতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এন চিৰ উপ-সভাপতি ওমৰ আব্দুল্লাই প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুটা সমষ্টি বুদগাম আৰু গান্দেৰবাল দুয়োটাতে জয়লাভ কৰে ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, ওমৰ আব্দুল্লাই তেওঁৰ নিকটতম পি ডি পি প্ৰতিদ্বন্দ্বী বছিৰ আহমেদ মীৰৰ বিৰুদ্ধে 32,727 টা ভোট লাভ কৰি 10,574 টা ভোটৰ ব্যৱধানত এন চিৰ পৰম্পৰাগত দুৰ্গ হিচাপে পৰিচিত গান্দেৰবাল সমষ্টিত জয়লাভ কৰে । আনহাতে, তেওঁ পি ডি পি প্ৰাৰ্থী আগা চৈয়দ মুনতাজিৰৰ বিৰুদ্ধে বুদগাম বিধানসভা আসনতো ১৮,৪৮৫ টা ভোটৰ ব্যৱধানত জয়লাভ কৰে । অৱশ্যে জম্মু-কাশ্মীৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'বলৈ সাজু হোৱা এন চিৰ উপ-সভাপতিগৰাকীয়ে বুদগাম আসনখন এৰি দি পৰম্পৰাগত এন চি দুৰ্গ গান্দেৰবালক ধৰি ৰখাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হৈছিল । ১৮ ছেপ্টেম্বৰৰ প্ৰাৰম্ভিক পৰ্যায়ত ২৪ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হৈছিল । ইয়াৰ পিচত ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ত ২৬ খন আসন সামৰি লোৱা হৈছিল । তৃতীয় পৰ্যায়ত বাকী 40 খন আসনৰ বাবে অক্টোবৰৰ 1 তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :বিনেশ ফোগাটৰ নতুন ইনিংছ; জুলানা সমষ্টিৰ পৰা জয়লাভ
লগতে পঢ়ক :জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.