ETV Bharat / bharat

হৰদৈ দুৰ্ঘটনাত পতিত পৰিয়ালে লাভ কৰা নাই আৱাসগৃহ, জাঙুৰ খাই উঠিল জিলা আয়ুক্ত - hardoi road accident UPDATE

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 1:10 PM IST

Hardoi road accident : বালিভৰ্তি ট্ৰাক বাগৰি প্ৰাণ ল’লে 8 গৰাকী লোকৰ ৷ ঘটনাস্থলীত উপস্থিত হয় হতভম্ব জিলা আয়ুক্ত ৷ ধমক মাৰি উঠিল জিলা আয়ুক্তগৰাকী ৷

Hardoi road accident
হৰদৈ দুৰ্ঘটনাত পতিত পৰিয়ালে লাভ কৰা নাই আৱাসগৃহ (ETV BHARAT ASSAM)

নেশ্যনেল ডেস্ক, 14 জুন : উত্তৰ প্ৰদেশৰ হৰদৈত যোৱা 11 জুনৰ নিশা এটা বাসগৃহত এখন বালিভৰ্তি ট্ৰাক ওলোটা হৈ বাগৰি পৰাৰ ফলত ঘৰখনৰ ভিতৰত থকা শিশুসহসহ 8 গৰাকী লোক থিতাতে নিহয় হয় ৷ এই ঘটনাটোত ঘৰটোৰ ভিতৰত থকা শুই থকা অৱস্থাত এটা দম্পতী, তেওঁলোকৰ চাৰিটা সন্তান, এজন জোৱায়েকৰ লগতে এটি শিশুও আঘাতপ্ৰাপ্ত হৈছে ৷

এই ঘটনাৰ পিচতে ঘটনাস্থলীত জিলা আয়ুক্ত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে ৷ তাৰ পিচতে তেওঁ উপ জিলা আয়ুক্তগৰাকীক এই পৰিয়ালটোৱে চৰকাৰী আঁচনিৰ অধীনত কিয় ঘৰ লাভ কৰা নাছিল বুলি প্ৰশ্ন কৰি জাঙুৰ খাই উঠে ৷ আয়ুক্তগৰাকীয়ে উপ আয়ুক্তগৰাকীক তীব্ৰ ভাষাৰে ভৰ্ৎসনা কৰে। লগতে, এক এপ আয়ুক্তগৰাকীৰ পৰা কাৰণ দৰ্শাই এক লিখিত উত্তৰ বিচৰা হৈছে ।

চকু মুদা কুলিৰ ভাও জনপ্ৰতিনিধিৰ : যদি পৌৰ নিগমৰ বিষয়াৰ লগতে আন বিষয়ববীয়া আৰু জন প্ৰতিনিধিসকলে এই পৰিয়ালটোৰ অসুবিধাসমূহ শুনিলে হয় তেনেহ’লে এই পৰিয়ালটোৱে থাকিবলৈ ঘৰ এখন পালে হয় ৷ আনকি আৱাস আঁচনিৰ সুবিধা প্ৰদান কৰা জনপ্ৰতিনিধিসকলেও এই পৰিয়ালটোৰ ওচৰলৈ নাহিলে ৷

ভূমি নোহাৱাৰ বাবে দিব পৰা নাছিল বাসগৃহ : জিলা আয়ুক্তই আৱাস আঁচনিৰ প্ৰশ্নত মালৱানৰ কাৰ্যবাহী বিষয়া ৰাজেশ কুমাৰ ৰাণাই কয় যে তেওঁলোকৰ কোনো ব্যক্তিগত ভূমি নাছিল ৷ পৌৰসভাৰ পৰা ভূমি আৱণ্টন কৰাৰ কোনো ব্যৱস্থা নাই । ভূমিৰ অভাৱৰ বাবে, তেওঁলোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ (নগৰ) সুবিধা দিব নোৱাৰিলে । যদি তেওঁলোকৰ ভূমি থাকিলহেঁতেন, তেন্তে আৱাসস্থলী প্ৰদান কৰা হ’লহেতেন ৷

উল্লেখনীয় যে, মুঠ 10 টা পৰিয়ালৰ 59 গৰাকী লোকে পথৰ কাষত বাস কৰিছিল । তেওঁলোকৰ ছয়গৰাকী লোক কেইবছৰমানৰ পূৰ্বে বিলগ্ৰামলৈ স্থানান্তৰিত হৈছিল । এতিয়া 53 গৰাকী লোক এই স্থানত বাস কৰি আছিল ৷ মঙলবাৰৰ নিশাৰ দুৰ্ঘটনাটোত ইয়াৰে আঠগৰাকী লোকৰ মৃত্যু হৈছিল । এতিয়া 45 গৰাকী লোকে এই স্থানত বাস কৰি আছে ।

লগতে পঢ়ক: মনোমোহা ছিকিমত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ তাণ্ডৱ: তিনিটা মৃতদেহ উদ্ধাৰ - landslides in Sikkim

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.