নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : বনভুলপুৰা হিংসাৰ অভিযুক্ত আব্দুল মালিকক আৰক্ষীয়ে শেহতীয়াকৈ দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে । আব্দুল মালিক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মাত আছে । আৰক্ষীয়ে হালদৱানী হিংসাৰ অভিযুক্ত আব্দুল মালিকক আন ৮১ গৰাকী অভিযুক্তৰ পৰা পৃথকে ৰাখিছে । আব্দুল মালিকক হালদৱানী কাৰাগাৰৰ পৰিৱৰ্তে নৈনিতাল কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে । বনভুলপুৰা হিংসাত অভিযুক্ত আব্দুল মালিকৰ বাহিৰে সকলো অভিযুক্তকে হালদৱানী উপ-কাৰাগাৰত ৰখা হৈছে ।
৮ ফেব্ৰুৱাৰীত হালদৱানীৰ বনফুলপুৰা আৰক্ষী থানাৰ অন্তৰ্গত মালিকৰ বাগিচাত অবৈধভাৱে নিৰ্মিত মাদ্ৰাছা আৰু মছজিদ উচ্ছেদ কৰাৰ সময়ত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । যাক লৈ দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইফালে বনভুলপুৰাৰ ৮ নম্বৰ লাইনৰ বাসিন্দা আব্দুল মালিকক আৰক্ষীয়ে শনিবাৰে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে । ৮ ফেব্ৰুৱাৰীত বনভুলপুৰাত হোৱা হিংসাৰ পিছত আব্দুল মালিক পলাতক আছিল ।
জানিব পৰা মতে নৈনিতাল আৰক্ষীয়ে এতিয়ালৈকে হালদৱানী হিংসা সন্দৰ্ভত আব্দুল মালিককে ধৰি ৮১ জন লোকক গ্ৰেপ্তাৰ কৰিছে । সকলোৱে ভাবিছিল যে মালিককো আন অভিযুক্তৰ সৈতে হালদৱানী উপ-কাৰাগাৰতে ৰখা হ'ব । কিন্তু আৰক্ষীয়ে তেওঁক পৃথকে ৰখাৰ সিদ্ধান্ত ল'লে । আদালতৰ নিৰ্দেশত আব্দুল মালিকক শনিবাৰে নিশা আৰক্ষীয়ে নাইনিতালৰ জিলা কাৰাগাৰলৈ লৈ যোৱা হয় ।
মালিকক কাৰাগাৰত এক নম্বৰ বেৰেকত ৰখা হৈছে । বেৰেকত স্থাপন কৰা চিচিটিভিৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে । আন বন্দীসকলক দিয়া খাদ্য মালিককো দিয়া হৈছে । আৰক্ষীয়ে আব্দুল মালিকক সোধা-পোছাও অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :ভাৰতীয় ৰাষ্ট্ৰীয় লোক দলৰ নেতাক চলন্ত গাড়ীৰ ভিতৰতে গুলীয়াই হত্যা