ETV Bharat / bharat

ভয়ংকৰ শব্দৰে সংঘটিত হ’ল বিমান দুৰ্ঘটনা, দুজন পাইলট আহত - Guna Aircraft Crash

author img

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:04 PM IST

Aircraft Crash : গুণাত মেৰামতিৰ অন্তত পৰীক্ষণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় এখন ২জনীয়া আসনৰ বিমান। পৰীক্ষণৰ বাবে উৰুওৱা বিমানখন গুনাৰ শ্বা শিব ফ্লাইং একাডেমীত অৱতৰণ কৰিবলগীয়া আছিল যদিও বিমানখন এয়াৰ ষ্ট্ৰিপ পোৱাৰ ঠিক আগতেই দুৰ্ঘটনাগ্ৰস্ত হয় । বিমানখনত থকা দুয়োজন পাইলট আহত হৈছে।

GUNA PLANE CRASHED
বিমান দুৰ্ঘটনাত দুজন পাইলট আহত (ETV Bharat)

নেশ্যনেল ডেস্ক, 11 আগষ্ট : মধ্যপ্ৰদেশৰ গুণাত বিমান দুৰ্ঘটনাগ্ৰস্ত ৷ বিমানখন মেৰামতি কৰাৰ পিচত পৰীক্ষণৰ সময়ত সংঘটিত হয় এই দুৰ্ঘটনা ৷ গুণাৰ শ্বা শিব ফ্লাইং একাডেমীৰ বিমান পথৰ একেবাৰে ওচৰতে সংঘটিত হয় এই দুৰ্ঘটনা ৷ ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী ঘটনা সংঘটিত হোৱা স্থানত উপস্থিত হয় ৷ জানিব পৰা মতে বিমানখনত থকা দুয়োজন পাইলট আহত হৈছে ৷ দুয়োজন পাইলটকে চিকিৎসাৰ বাবে মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এজন পাইলটৰ অৱস্থা সংকটজনক বুলি সূত্ৰ অনুসৰি জানিব পৰা গৈছে ৷

মেৰামতিৰ পিচত চলি আছিল পৰীক্ষণ :

দেওবাৰে দুপৰীয়া 1.10 বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ আচলতে কৰ্ণাটকৰ প্ৰতিষ্ঠান ৱেলগাবিয়া এভিয়েশ্যনে 3 খন বিমান চাৰ্ভিচিঙৰ বাবে গুণাৰ শ্বা শ্বিব ফ্লাইং একাডেমীলৈ প্ৰেৰণ কৰিছিল ৷ বিমানখন ছাৰ্ভিচিং কৰাৰ পিচত পৰীক্ষামূলকভাৱে চলোৱা হৈছিল ৷ যাৰবাবে বিমানখনে দুপৰীয়া 12.30 বজাত শ্বা শিব একাডেমীৰ পৰা উৰা মাৰিছিল ৷ দুপৰীয়া 1.10 বজাত পুনৰ একে ঠাইতে অৱতৰণ কৰিব লগা আছিল বিমানখনে ৷ এই দুজনীয়া বিমানখন কেপ্তেইন বিজয় চন্দ্ৰ ঠাকুৰ আৰু তেওঁৰ এজন সহযোগী পাইলটে উৰুৱাইছিল ৷ উভতি অহাৰ সময়ত বিমানখন বিমান পথত অৰ্থাৎ ৰাণৱে’ত উপনীত হোৱাৰ ঠিক আগতেই একাডেমীৰ চৌহদত দুৰ্ঘটনাগ্ৰস্ত হয় ৷

লগতে পঢ়ক : সন্ত্ৰাসবাদীৰে ভাৰতীয় সেনাৰ গুলীয়াগুলীত শ্বহীদ 2 জোৱান, সাধাৰণ নাগৰিকসহ আহত 6 গৰাকী - Anantnag encounter

দুয়োজন পাইলটকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় :

এই দুৰ্ঘটনাত দুয়োজন পাইলট আহত হৈছে ৷ বিমানখনৰো বেয়াকৈ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে গুণা কেণ্ট থানাৰ আৰক্ষী বিষয়াই সেই স্থানত উপস্থিত হয় ৷ আৰক্ষীয়ে দুয়োজন পাইলটকে ওচৰৰ ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে ৷ য'ত কেপ্তেইন বিজয় চন্দ্ৰ ঠাকুৰৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ বিমানখনত উপস্থিত থকা দুয়োজন পাইলট হায়দৰাবাদৰ ৷ প্ৰশিক্ষণ প্ৰতিষ্ঠানে তেওঁলোকক নিযুক্তি দিছিল ৷ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কাৰণ ইয়াৰ ইঞ্জিন বিকল হোৱা বুলি কোৱা হৈছে ৷

লগতে পঢ়ক : বাঢ়নী পানীয়ে উটুৱাই নিলে বিবাহ যাত্ৰীৰ বাহন, 9 জনৰ মৃত্যু - PUNJAB FLOOD

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.