ETV Bharat / bharat

গুজৰাটত খহিল বহুমহলীয়া অট্টালিকা; উদ্ধাৰ কেবাটাও মৃতদেহ - Gujarat building collapse

Building collapse in Gujarat : গুজৰাটৰ চুৰাটত অঘটন ৷ খহি পৰিল বহুমহলীয়া এটা অট্টালিকা ৷ বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, এই দুৰ্ঘটনাত সাতজন লোক নিহত হৈছে ৷ আনকি কেবাজনো লোক এতিয়াও ধংসাৱশেষৰ মাজত আৱদ্ধ হৈ আছে বুলি ধাৰণা কৰা হৈছে ৷ অব্যাহত আছে উদ্ধাৰ অভিযান ৷

author img

By ANI

Published : Jul 7, 2024, 9:25 AM IST

Updated : Jul 7, 2024, 11:10 AM IST

Building collapse in Gujarat
গুজৰাটত খহিল বহুমহলীয়া অট্টালিকা; উদ্ধাৰ কেবাটাও মৃতদেহ (ETV Bharat)

নেশ্যনেল ডেস্ক, 7 জুলাই : বিগত কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ মাজতে শনিবাৰে গুজৰাটৰ চুৰাটৰ শচীন অঞ্চলত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ এটা বহুমহলীয়া অট্টালিকা খহি পৰাৰ ফলত সাতজন লোক নিহত হয় ৷

কেবাজনো লোক এতিয়াও প্ৰায় 12 ঘণ্টা ধৰি আৱদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে । চুৰাটৰ আৰক্ষী আয়ুক্ত অনুপম সিং গেহলটে কয় যে অট্টালিকাটো খহি পৰাৰ পিচত উদ্ধাৰ কৰা হৈছিল এগৰাকী মহিলাক ৷ আনকি নিশাৰ ভাগলৈ আন তিনিজনৰ মৃতদেহ উলিয়াই অনা হয় ।

"ছমহলীয়া অট্টালিকাটো খহি পৰা স্থানত এছডিআৰএফ আৰু এনডিআৰএফ দলৰ দ্বাৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে । প্ৰাপ্ত তথ্য অনুসৰি, 6-7 জন লোক আৱদ্ধ হৈ আছে আৰু তিনিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে । আহত অৱস্থাত এজন লোককো উদ্ধাৰ কৰা হৈছে ৷" চুৰাটৰ আৰক্ষী আয়ুক্ত অনুপম গেহলটে কয় ।

এই ঘটনাৰ অধিক তথ্যৰ পৰৱৰ্তী সময়তহে লাভ কৰিব পৰা যাব ৷ শনিবাৰে গুজৰাটৰ শচীন অঞ্চলত ভাঙি পৰা ছয় মহলীয়া অট্টালিকাটোত থকা 30 টা ফ্লেটৰ ভিতৰত 4-5 টা ফ্লেটত মানুহ আছিল আৰু ঘটনা সংঘটিত হোৱাৰ সময়ত বাকীবোৰ ফ্লেট খালী আছিল ।

গেহলটে সংবাদ সংস্থা ANI ৰ আগত কয়, "শচীন অঞ্চলত এটা ছয় মহলীয়া অট্টালিকা খহি পৰে । সেই অট্টালিকাটোত বাস কৰা বহুতো লোক ভিতৰলৈ আৱদ্ধ হৈ পৰিছিল । আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈছিল ।’’

‘‘ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা এগৰাকী মহিলাক সফলতাৰে উদ্ধাৰ কৰা হৈছিল । অট্টালিকাটোৰ ভিতৰত থকা 30 টা ফ্লেটৰ ভিতৰত, 4-5 টা ফ্লেটত মানুহ আছিল আৰু বাকীবোৰ খালী আছিল । বহুতে কামত আছিল আৰু নিশাৰ শ্বিফ্টৰ পিচত শুই থকা লোকসকল আৱদ্ধ হৈ পৰিছিল । এনডিআৰএফ আৰু এছডিআৰএফ সকলোৱে কাম কৰি আছে । অনুমান কৰা হৈছে যে 5-6 জন লোক এতিয়াও ধ্বংসাৱশেষৰ মাজত আৱদ্ধ হৈ আছে ৷" গেহলটে কয় ৷

লগতে পঢ়ক : কলকাতাত খহিল ৫ মহলীয়া নিৰ্মাণৰত অট্টালিকা; নিহত 9

Last Updated : Jul 7, 2024, 11:10 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.