ETV Bharat / bharat

অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ - Governor Kataria in Delhi

Governor Kataria Meets Key Ministers: নতুন দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল কাটাৰিয়াই ।

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 11:26 AM IST

Updated : Jul 17, 2024, 12:01 PM IST

Governor Kataria Meets Key Ministers
অসমৰ বান পৰিস্থিতি সন্দৰ্ভত দিল্লীত গৃহমন্ত্ৰীক সাক্ষাৎ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াৰ (BJP)

নেশ্যনেল ডেস্ক, 17 জুলাই: অসমৰ বান সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছত অসমৰ ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই নতুন দিল্লীত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ কৰে । উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা চুক্তিৰ পিচত অসমলৈ পুনৰ শান্তি ঘূৰাই অনাৰ বাবে গৃহমন্ত্ৰী শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে কাটাৰিয়াই ।

ৰাজ্যপাল কাটাৰিয়া আৰু গৃহমন্ত্ৰী শ্বাহৰ বৈঠকত বানাক্ৰান্ত অসমৰ জনসাধাৰণক পাৰ্যমানে সহায় আগবঢ়োৱা সন্দৰ্ভত আলোচনা হয় । উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা চুক্তিৰ পাচত অসমলৈ শান্তি ঘূৰি অহা প্ৰসংগ উত্থাপন কৰি কাটাৰিয়াই কয় যে অসমৰ বাসিন্দাসকল এতিয়া ব্যৱসায়িক দিশত আগবাঢ়িছে । কাটাৰিয়াই গৃহমন্ত্ৰী শ্বাহক ৰাজ্যখনৰ সীমান্তকেন্দ্ৰিক বিবাদ সমাধানৰ বাবেও আহ্বান জনায় ৷ গৃহমন্ত্ৰী শ্বাহে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আইন-শৃংখলা অবিৰতভাৱে বজাই ৰখাৰ আশ্বাস প্ৰদান কৰে ।

অসমৰ লগতে ৰাজ্যপাল কাটাৰিয়াই গৃহমন্ত্ৰী শ্বাহৰ সৈতে ৰাজস্থানৰ সাম্প্ৰতিক ৰাজনীতি আৰু সমসাময়িক বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰে । ৰাজ্যপাল কটাৰিয়াই মঙলবাৰে দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰে । উদয়পুৰ-জয়পুৰ বন্দে ভাৰত ৰে’লৰ চলাচলৰ সময় সলনি কৰিবলৈ ৰে’ল মন্ত্ৰী বৈষ্ণৱক দাবী জনায় ৰাজ্যপাল কটাৰিয়াই ।

প্ৰতিৰক্ষা মন্ত্ৰী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ

ৰাজ্যপাল কটাৰিয়াই দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো সাক্ষাৎ কৰি অসম আৰু মেৱাৰ ভ্ৰমণলৈ আমন্ত্ৰণ জনায় । ৰাজ্যপাল কটাৰিয়াই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে সমসাময়িক বিভিন্ন বিষয় সন্দৰ্ভত বহু আলোচনা কৰে ।

উল্লেখ কৰা প্ৰয়োজন যে, পানী কমিলেও ৰাজ্যত মাৰ যোৱা নাই বানৰ সংহাৰ ৷ শেহতীয়াকৈ লাভ কৰা তথ্য মতে, আহাৰমহীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যাই 96 ৰ ঘৰ অতিক্ৰম কৰিছে ৷ একেদৰে এই বানত বহু শিশুৰো মৃত্যু ঘটিছে ৷

লগতে পঢ়ক: ভাৰত-চীন সীমান্ত বিবাদৰ উৎপত্তি - India China Border Dispute

বানত বিধ্বস্ত কাজিৰঙা: 10 টা গঁড়সহ অতিকমেও 212 টা বন্যজীৱৰ প্ৰাণ হানি বানত - Assam Flood 2024

এতিয়াও বানৰ কবলত ১৭ খন জিলা; মৃতকৰ সংখ্যা ৯৬ জনলৈ বৃদ্ধি - Assam Flood 2024

ডাবল ইঞ্জিনৰ চৰকাৰতো বাদেই, অসমত ছিংগল ইঞ্জিনো নাই: জীতেন্দ্ৰ সিং - APCC in charge Jitendra Singh

Last Updated : Jul 17, 2024, 12:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.