ETV Bharat / bharat

চাইবাৰ অপৰাধ ৰোধ কৰাৰ উদ্দেশ্যে সহস্ৰাধিক ম'বাইল ব্লক কৰাৰ নিৰ্দেশ - Thousands Of Mobile Phons Block - THOUSANDS OF MOBILE PHONS BLOCK

Curb Cyber Fraud : সমগ্ৰ দেশতে সংঘটিত চাইবাৰ জালিয়াতি বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । টেলিকম বিভাগ, বিভিন্ন ৰাজ্যৰ আৰক্ষী আৰু গৃহ মন্ত্ৰালয়ে সামূহিকভাৱে ২৮,২০০ টা ম’বাইল ফোন ব্লক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ইয়াৰ উপৰিও 20 লাখতকৈও অধিক ম’বাইল নম্বৰ পুনৰ পৰীক্ষা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

THOUSANDS OF MOBILE PHONS BLOCK
চাইবাৰ অপৰাধ ৰোধিবলৈ সহস্ৰাধিক ম'বাইল ব্লক কৰাৰ নিৰ্দেশ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 10, 2024, 7:32 PM IST

নেশ্যনেল ডেস্ক, ১০ মে': গৃহ মন্ত্ৰালয়ৰ দূৰসংযোগ বিভাগ আৰু ৰাজ্যিক আৰক্ষীয়ে চাইবাৰ অপৰাধ আৰু বিত্তীয় প্ৰৱঞ্চনাত টেলিকম সম্পদৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।

দূৰসংযোগ মন্ত্ৰালয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ডিঅ'টিয়ে ২৮,২০০ টা ম’বাইল হেণ্ডছেট ব্লক কৰাৰ লগতে সংশ্লিষ্ট ২০ লাখ ম'বাইল সংযোগৰ পুনৰ প্ৰমাণীকৰণৰ বাবে নিৰ্দেশনা জাৰি কৰে । এই সহযোগিতামূলক প্ৰচেষ্টাৰ উদ্দেশ্য প্ৰৱঞ্চকসকলৰ নেটৱৰ্ক ধ্বংস কৰি সাধাৰণ নাগৰিকক ডিজিটেল ভাবুকিৰ পৰা সুৰক্ষিত কৰা বুলি বিজ্ঞপ্তিখনত প্ৰকাশ কৰে ।

চৰকাৰৰ মতে, গৃহ মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ আৰক্ষীৰ দ্বাৰা এক বিশ্লেষণ কৰা হৈছে য'ত বিভিন্ন ধৰণৰ চাইবাৰ অপৰাধত ২৮,২০০ ম'বাইল হেণ্ডছেটৰ অপব্যৱহাৰ কৰা হৈছিল বুলি প্ৰকাশ পায় । এই প্ৰতিবেদনৰ পিছত ডি অ' টি য়ে অধিক বিশ্লেষণ কৰি ম'বাইল হেণ্ডছেটবোৰৰ সৈতে ২০ লাখ নম্বৰ ব্যৱহাৰ কৰা হৈছিল বুলি সদৰি কৰে ।

পৰৱৰ্তী সময়ত ডিঅ'টিয়ে টেলিকম সেৱা প্ৰদানকাৰীসকলক ২৮,২০০ ম'বাইল হেণ্ডছেট ব্লক কৰাৰ বাবে আৰু এই ম'বাইল হেণ্ডছেটবোৰৰ সৈতে সম্পৰ্কিত ২০ লাখ ম'বাইল সংযোগৰ তাৎক্ষণিক পুনৰ প্ৰমাণীকৰণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰে ৷ পুনৰ প্ৰমাণীকৰণত বিফল হোৱাত বিফল হোৱাবোৰৰ সংযোগ বিচ্ছিন্ন কৰে ।

প্ৰাক্তন আইপিএছ আৰু চাইবাৰ বিশেষজ্ঞ ত্ৰিবেণী সিঙে ইটিভি ভাৰতক জনাই যে, চৰকাৰৰ এই কাৰ্য-কলাপে চাইবাৰ অপৰাধীৰ মনোবল হ্ৰাস কৰিব । চৰকাৰে বিভিন্ন মঞ্চত চাইবাৰ জালিয়াতি সম্পৰ্কীয় ঘটনাৰ প্ৰতিবেদন দিয়াটো সাধাৰণ জনতাৰ বাবে সহজ কৰি তোলাৰ ফলত যথেষ্ট ডাটা বেংক জমা হৈছে । এই ডাটা বেংকবোৰ মূল চাইবাৰ অপৰাধীসকলক ধৰা পেলাবলৈ সহায়ক হৈ পৰিছে । যি ভৱিষ্যতে চাইবাৰ অপৰাধ নিৰ্মূল কৰাত সহায় কৰিব বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক: শিক্ষাৰ্থীৰ বাবে কেইটামান উৎকৃষ্ট 'Apps'ৰ বিষয়ে জানো আহক - Educational Apps For Students

ধেমালি ধেমালিতে ঘটিল ঘটনা, ফোনত নহয় বাস্তৱত চলিল গান শ্ব’ট - PUBG

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.