ETV Bharat / bharat

ৰীল বনাই থাকোতেই ভয়ংকৰ ঘটনা : কথমপি প্ৰাণৰক্ষা ছানিয়াৰ - Lightning Strike

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 8:02 PM IST

Lighting strike while making reel : বৰষুণৰ আমেজ লৈ বনাই আছিল ৰীল ৷ কাষতেই পৰিল অঞ্চল কঁপাই যোৱা বজ্ৰ ৷ তাৰ পিচত....

Lighting strike while making reel
ৰীল বনাই থাকোতেই ভয়ংকৰ ঘটনা (ETV Bharat Bihar)

নিউজ ডেস্ক, 26 জুন: অসমৰ লগতে দেশৰ ভিন্ন প্ৰান্তত এতিয়া দেখা গৈছে প্ৰৱল বৃষ্টিপাত ৷ বৃষ্টিপাতত সমান্তৰালকৈ বজ্ৰপাতো পৰিলক্ষিত হৈছে ৷ শেহতীয়া বজ্ৰপাতত বহুলোকৰ মৃত্যুৰ লগতে আহতৰ বাতৰিও লাভ কৰা গৈছে ৷

সেই সময়তে বিহাৰৰ পৰা আহিছে এক শিহৰণকাৰী দৃশ্যৰ ভিডিঅ’ ৷ বৃষ্টিপাতৰ সময়ত ৰীল প্ৰস্তুত কৰি থকা এগৰাকী 15 বছৰীয়া কিশোৰীৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ ৰীল প্ৰস্তুত কৰি থকাৰ সময়তে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ ছানিয়া নামৰ কিশোৰীগৰাকীয়ে মোবাইল ফোনত ৰীল প্ৰস্তুত কৰি থকাৰ সময়ত নিচেই ওচৰতে পৰে বজ্ৰ ৷ বজ্ৰ পৰাৰ সেই দৃশ্যও বন্দী হয় মোবাইল ফোনৰ কেমেৰাত ৷

বিপদ মাতিব পাৰে ৰীলৰ নিচাই :

ঘটনাটোৰ ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় যে কিশোৰীগৰাকীয়ে যিটো ঘৰৰ ওপৰৰ ছাদত থিয় হৈ ৰীল বনাই আছে, সেই ঘৰটোৰ ওপৰৰ চালত বজ্ৰপাত হয় ৷ লগে লগে ছানিয়া নামৰ কিশোৰীগৰাকীয়ে সকলো এৰি তললৈ দৌৰি যায় । অৱশ্যে, তেওঁ কেমেৰাটো এটা ঠাইত থৈ গৈছিল ৷ ফলত সমগ্ৰ ঘটনাৰ দৃশ্য ৰেকৰ্ড হয় ৷

লগতে পঢ়ক: ধিঙত বজ্ৰ পৰি আহত কেবাজনো: দুজনৰ অৱস্থা সংকটজনক

ছাদত মোবাইল ফোন ৰাখি তৈয়াৰ কৰিছিল ৰীল:

ঘটনাটো সংঘটিত হয় বিহাৰৰ সীতামাৰী জিলাৰ বেলা আৰক্ষী থানাৰ অন্তৰ্গত চিৰচিয়া গাঁৱত ৷ জানিব পৰা মতে বৰষুণ আৰম্ভ হোৱাৰ লগে লগে 15 বছৰীয়া ছানিয়া কুমাৰী ৰীল বনাবৰ বাবে চুবুৰীয়া দেৱনাৰায়ণ ভগতৰ ঘৰৰ চাদলৈ গৈছিল ৷ ছানিয়াই মোবাইল ফোনৰ কেমেৰা অন কৰি ছাদত ৰাখি ৰীল বনাবলৈ আৰম্ভ কৰে । সেই সময়তে সমগ্ৰ অঞ্চল জোকাৰি যোৱাকৈ ছানিয়াৰ পৰা কেইফুটমান দূৰতে বজ্ৰপাত হয় । সৌভাগ্যক্ৰমে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ছানিয়া ৷

বৰষুণৰ সময়ত স্মাৰ্টফোনৰ ব্যৱহাৰ কিমান বিপজ্জনক ?

বৰষুণৰ বতৰত সচৰাচৰ বজ্ৰপাত হয় ৷ ফলত প্ৰতি বছৰে বহুলোকৰ মৃত্যু হয় ৷ বৰষুণৰ সময়ত পথাৰত কাম কৰা বা গছৰ তলত থকা লোকসকল বজ্ৰপাতৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা অধিক ৷ একেদৰে, এই সময়ছোৱাত স্মাৰ্টফোনৰ ব্যৱহাৰো বিপজ্জনক হ’ব পাৰে ৷

লগতে পঢ়ক: বকলীয়াঘাটৰ মাহগুৰিত বজ্ৰ পৰি চাৰিজন লোক আহত, চাৰিটা পশুধনৰ মৃত্যু

বিশেষজ্ঞসকলে কি কয় ?

বৰষুণৰ সময়ত স্মাৰ্টফোনৰ ব্যৱহাৰ সম্পৰ্কে বিশেষ অধ্যয়ন কৰা হোৱা নাই যদিও তেনে সময়ত স্মাৰ্টফোনৰ ব্যৱহাৰ বিপজ্জনক হ’ব পাৰে ৷ একাংশ বিশেষজ্ঞৰ মতে যেতিয়া স্মাৰ্টফোন ব্যৱহাৰ কাৰ হয়, ফোনৰ পৰা আল্ট্ৰাৱাইড ৰশ্মি দ্ৰুতগতিত নিৰ্গত হয় ৷ যিয়ে মহাকাশীয় বিজুলী আকৰ্ষণ কৰে । সেয়েহে, যেতিয়াই বৰষুণৰ সময়ত বজ্ৰপাত হয়, স্মাৰ্টফোন বন্ধ কৰি ৰাখিব লাগে ।

লগতে পঢ়ক: বজ্ৰপাতে প্ৰাণ ল’লে দুই ভাতৃৰ : দাউ-দাউকৈ জ্বলিল নাৰিকল গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.