ETV Bharat / bharat

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 6:59 AM IST

Former Maharashtra CM passed away : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশী আৰু নাই ৷ শুকুৰবাৰে পুৱা মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ নেতা যোশীয়ে ৷

Former Maharashtra CM passed away
মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ যোশীৰ মৃত্যু

নেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ জ্যেষ্ঠ নেতা মনোহৰ যোশী আৰু নাই ৷ শুকুৰবাৰে পুৱা ৩ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিৱসেনাৰ জ্যেষ্ঠ নেতা মনোহৰ যোশীয়ে ৷ মৃত্যুৰ সময়ত জ্যেষ্ঠ নেতাগৰাকীৰ বয়স আছিল ৮৬ ৷

তথ্য অনুসৰি, ২১ ফেব্ৰুৱাৰীৰ দিনা শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক ভৰ্তি কৰোৱা হৈছিল মুম্বাইৰ হিন্দুজা হাস্পতালত ৷ তেতিয়াৰ পৰাই হিন্দুজা হাস্পতাল বিশেষজ্ঞ চিকিৎসক তৎতাৱধানত আছিল জ্যেষ্ঠ নেতাগৰাকী ৷ কিন্তু শুকুৰবাৰে পুৱা হিন্দুজা হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে জ্যেষ্ঠ নেতা মনোহৰ যোশীয়ে ৷ হৃদক্ৰিয়া বন্ধ হৈ যোৱাৰ ফলতে তেওঁৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷

সদ্য প্ৰয়াত জ্যেষ্ঠ নেতা মনোহৰ যোশী :

মহাৰাষ্ট্ৰ শিৱসেনাৰ অন্যতম জ্যেষ্ঠ নেতা আছিল মনোহৰ যোশী । তেওঁ আছিল মহাৰাষ্ট্ৰৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী । ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ মনোহৰ যোশীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰয়াত বালাছাহেব থাকৰেৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু ডাঙৰ সহায়ক হিচাপে পৰিচিত আছিল সদ্য প্ৰয়াত জ্যেষ্ঠ নেতা মনোহৰ যোশী ৷

বালাচাহেবৰ ঘনিষ্ঠ সহযোগী আছিল যোশী :

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মনোহৰ যোশী আছিল শিৱসেনাৰ প্ৰতিষ্ঠাপক প্ৰয়াত বালাছাহেব থাকৰেৰ অন্যতম ঘনিষ্ঠ সহযোগী । ১৯৭০ চনত শিৱসেনাৰ পৰা বিধান পৰিষদলৈ নিৰ্বাচিত হৈ যোশীয়ে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল । ১৯৭৬ চনৰ পৰা ১৯৭৭ চনলৈকে প্ৰয়াত যোশীয়ে মুম্বাইৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

শিৱসেনাৰ মুখ্যমন্ত্ৰী :

অটল বিহাৰী বাজপেয়ী চৰকাৰৰ কাৰ্যকালত প্ৰয়াত যোশীয়ে লোকসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ৰাজনীতিৰ জগতত সাধাৰণ ভাষাত তেওঁক ‘যোশী ছাৰ’ বুলি জনা যায় । প্ৰয়াত যোশীয়ে ৰাজ্যসভাৰ সাংসদ হিচাপেও ছবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছিল ।

শিৱসেনাৰ প্ৰথম নেতা হিচাপে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হোৱাৰ সৌভাগ্যও লাভ কৰিছিল প্ৰয়াত যোশীয়ে । লগতে মহাৰাষ্ট্ৰৰ প্ৰথমজন অকংগ্ৰেছী মুখ্যমন্ত্ৰী আছিল প্ৰয়াত যোশী । ১৯৯৫ চনৰ পৰা ১৯৯৯ চনলৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ ।

লগতে পঢ়ক : লোকসভা নিৰ্বাচনৰ পূৰ্বে খাৰ্গেক জেড প্লাছ সুৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.