ETV Bharat / bharat

ডাইনী সন্দেহত একেটা পৰিয়ালৰে ৫ গৰাকী সদস্যক হত্যা - Sukma Murder

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 9:22 PM IST

Sukma Murder: ছত্তীশগড়ৰ চুকমাত নৃশংস হত্যাকাণ্ড । ডাইনী সন্দেহত ৫ গৰাকী লোকক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা । মৃতসকল একেটা পৰিয়ালৰে সদস্য আছিল । ৫ অভিযুক্তক গ্ৰেপ্তাৰ ।

Sukma Murder
ডাইনী সন্দেহত একেটা পৰিয়ালৰে ৫ গৰাকী সদস্যক হত্যা (ETV Bharat)

নেশ্যনেল ডেস্ক, ১৫ ছেপ্টেম্বৰ : ছত্তীশগড়ৰ চুকমাত ভয়ংকৰ ঘটনা । ডাইনী সন্দেহত একেটা পৰিয়ালে ৫ গৰাকী সদস্যক নৃশংসভাৱে হত্যা । বস্তাৰৰ চুকমাৰ কোণ্টাত সংঘটিত হৈছে এই হত্যাকাণ্ড । মৃত লোকসকলৰ ভিতৰত ৩ গৰাকী মহিলা আৰু ২ জন পুৰুষ বুলি জানিব পৰা গৈছে । এই হত্যাকাণ্ডক লৈ গাঁওখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ৫ জন লোকক গ্ৰেপ্তাৰ কৰিছে ।

ডাইনী সন্দেহত হত্যা

আৰক্ষীয়ে জনোৱা মতে ঘটনাটো দেওবাৰে পুৱা সংঘটিত হয় । চুকমাৰ কোণ্টাৰ অন্তৰ্গত এটকল গাঁৱত ৫ গৰাকী লোকক হত্যা কৰা হয় । ডাইনী সন্দেহত লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে লোককেইগৰাকীক ।

ঘটনা সন্দৰ্ভত চুকমাৰ আৰক্ষী অধীক্ষক কিৰণ চৱনে কয়,"দেওবাৰে পুৱা ডাইনী সন্দেহত ৫ গৰাকী লোকক লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছে । ঘটনাটো চুকমাৰ এটকল গাঁৱত সংঘটিত হৈছে । তথ্য লাভ কৰা লগে লগে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে । ইতিমধ্যে আটাইকেইটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । এই হত্যাকাণ্ডৰ গোচৰত জড়িত ৫ জন অভিযুক্তক গাঁওখনৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে । হত্যাৰ পিচত অভিযুক্তকেইজন গাঁওখনতে আছিল । অধিক তদন্ত অব্যাহত আছে ।"

সষ্টম আৰক্ষী

এই হত্যাকাণ্ডৰ পিচতে চুকমাৰ পৰা বস্তাৰলৈ আৰক্ষী বিভাগত হুলস্থূলৰ সৃষ্টি হৈছে । কোণ্টা আৰক্ষীৰ উপৰিও চুকমাৰ আৰক্ষী অধীক্ষকে পৰিস্থিতিটোৰ ওপৰত নজৰ ৰাখিছে । বস্তাৰৰ আইজি সুন্দৰৰাজ পিয়েও স্থানীয় আৰক্ষীৰ পৰা গোটেই ঘটনাটোৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছে আৰু আৰক্ষীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক :তিনিমহলীয়া অট্টালিকা খহি 6 গৰাকী শিশুসহ অতি কমেও 10 জনৰ মৃত্যু - Building collapsed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.