ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ ডোডাত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত ছহিদ চাৰি ভাৰতীয় সেনা জোৱান, এজন বিষয়াৰ অৱস্থা সংকটজনক - Soldiers killed in Doda Encounter

author img

By ETV Bharat Assamese Team

Published : Jul 16, 2024, 7:42 AM IST

Updated : Jul 16, 2024, 9:30 AM IST

Gunfight with terrorists in Jammu and Kashmir : জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাত এনকাউণ্টাৰ ৷ এই এনকাউণ্টাৰত আহত হোৱা 5 জন সেনা জোৱানৰ চাৰিজনে প্ৰাণ হেৰুওৱাৰ বিপৰীতে এজনে মৃত্যুৰে যুঁজি আছে ৷

Encounter in Jammu and Kashmir
জম্মু-কাশ্মীৰৰ ডোডাত এনকাউণ্টাৰ (ANI)

নেশ্যনেল ডেস্ক, 16 জুলাই : জম্মু-কাশ্মীৰত পুনৰ দেশৰ নিৰাপত্তাৰ হকে প্ৰাণ তেজিলে চাৰিগৰাকী বীৰ সেনা জোৱানে ৷ সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত মৃত্যুক সাৱটি লয় সেনা জোৱান চাৰিজনে ৷ এজন সেনা বিষয়া বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷

সোমবাৰে বিয়লিৰ ভাগত জম্মু আৰু কাশ্মীৰৰ ডোডা জিলাত সংঘটিত হৈছিল এক গুলীচালনাৰ ঘটনা ৷ ডোডাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা এই গুলীয়াগুলীত 5 জন সেনা জোৱান আহত হোৱাৰ তথ্য লাভ কৰা হৈছে ৷

জানিব পৰা মতে, এই এনকাউণ্টাৰত গুৰুতৰভাৱে আহত হোৱা 5 জন ভাৰতীয় সেনা জোৱানক সেনা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ সেনাৰ সূত্ৰই জনোৱা মতে চাৰিজন সেনা জোৱানে মৃত্যুক আঁকোৱালি লোৱাৰ বিপৰীতে এজন বিষয়াই চিকিৎসালয়ৰ বিচনাত জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দি আছে ৷

সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, ডোডা জিলাৰ পৰা প্ৰায় 55 কিলোমিটাৰ নিলগত থকা দেশা বনাঞ্চলত সংঘটিত হয় উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত এই গুলীচালনা । প্ৰথম অৱস্থাত উক্ত স্থানত গুলীচালনাৰ তথ্য লাভ কৰা হৈছিল ৷ তাৰ পাচত নিৰাপত্তাৰক্ষীয়ে উক্ত স্থানত কৰ্দন আৰু তালাচী অভিযান (cordon and search operation) আৰম্ভ কৰে । শীৰ্ষ আৰক্ষী আৰু সেনা বিষয়াই জানিবলৈ দিয়া অনুসৰি, তীব্ৰতৰ কৰা হৈছে এই অভিযান ৷ প্ৰতিটো দিশ তেওঁলোকৰ নিৰীক্ষণত আছে ৷

সেনা-আৰক্ষীয়ে X যোগে কয়, ডোডাত এনকাউণ্টাৰৰ ঘটনা পোহৰলৈ অহাৰ পাচতে সষ্টম হৈ আছে সকলো ৷ এই বাতৰি লাভ কৰা পাচতে উক্ত স্থানলৈ অতিৰিক্ত সেনা বাহিনীৰ লোকক স্থানান্তৰ কৰা হৈছে ৷

লগতে পঢ়ক : কাশ্মীৰত সেনাৰ গুলীত নিহত 3 সন্ত্ৰাসবাদী

Last Updated : Jul 16, 2024, 9:30 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.