ETV Bharat / bharat

24 জুনৰ পৰা আৰম্ভ অষ্টাদশ লোকসভাৰ প্ৰথম অধিৱেশন - first session of 18th Lok Sabha

author img

By ANI

Published : Jun 12, 2024, 12:49 PM IST

18th Lok Sabha session: অষ্টাদশ সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হ’ব 24 জুনত ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সামাজিক মাধ্যমযোগে জনায় এই কথা ৷

First session of 18th Lok Sabha to being from June 24
24 জুনৰ পৰা আৰম্ভ হ’ব অষ্টাদশ সংখ্যক লোকসভাৰ অধিৱেশন (ETV Bharat)

নেশ্যনেল ডেস্ক, 12 জুন: অহা 24 জুনৰ পৰা আৰম্ভ হ’ব অষ্টাদশ সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশন ৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বুধবাৰে জানিবলৈ দিয়ে এই কথা ৷ অষ্টাদশ সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশনত নৱনিৰ্বাচিত সাংসদসকলে শপত গ্ৰহণ কৰিব ৷ 3 জুলাইত সমাপ্ত হ’ব এই অধিৱেশন ।

অধিৱেশনৰ প্ৰথম তিনিদিনত নৱনিৰ্বাচিত নেতাসকলে শপত গ্ৰহণ বা লোকসভাৰ সাংসদ পদ সন্দৰ্ভত নিজৰ বক্তব্য প্ৰদানৰ লগতে সদনৰ অধ্যক্ষ নিৰ্বাচন কৰিব । 27 জুনত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত ভাষণ দিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ পৰৱৰ্তী পাঁচ বছৰৰ বাবে নতুন চৰকাৰৰ পৰিকল্পনাৰ ৰূপৰেখা দাঙি ধৰাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

কিৰেন ৰিজিজুৱে X যোগে কয়, "অষ্টাদশ সংখ্যক লোকসভাৰ প্ৰথম অধিৱেশন 24/6/24 ৰ পৰা 3/7/24 লৈ অনুষ্ঠিত হ’ব ৷ এই অধিৱেশনখনত নৱনিৰ্বাচিত সাংসদসকলে শপত/দৃঢ়তা, অধ্যক্ষ নিৰ্বাচন, ৰাষ্ট্ৰপতিৰ ভাষণ আদি সন্দৰ্ভত আলোচনা কৰিব" ৷

তেওঁ লগতে কয় যে, ৰাজ্যসভাৰ 264 সংখ্যক অধিৱেশনখনো 27 জুনত আৰম্ভ হ’ব আৰু 3 জুলাইত সমাপ্ত হ’ব । 27 জুনত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰী পৰিষদক সংসদত চিনাকি কৰাই দিয়াৰ সম্ভাৱনা আছে ।

ৰাষ্ট্ৰপতিয়ে সদনত ধন্যবাদ প্ৰস্তাৱ আগবঢ়াব আৰু এইক্ষেত্ৰত বিৰোধীয়ে এন ডি এ চৰকাৰক বিভিন্ন বিষয় সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি সদনৰ পৰিৱেশ উত্তাল কৰাৰ সম্ভাৱনা আছে ৷ দুয়োখন সদনত ৰাষ্ট্ৰপতিয়ে আগবঢ়াবলগীয়া ধন্যবাদ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

সপ্তমবাৰৰ বাবে পুনৰ নিৰ্বাচিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ ৰাধামোহন সিঙক অধিৱেশনৰ তৃতীয় দিনা প্ৰ’টেম অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে । 22 জুলাইত সম্পূৰ্ণ কেন্দ্ৰীয় বাজেট দাখিল হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: লোকসভাৰ অধ্যক্ষ হিচাপে ইতিহাস ৰচিব নেকি ওম বিৰলাই ? - Om Birla Political Future

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.