নিউজ ডেস্ক, 20 জুলাই : গোৱা উপকূলত মালবাহী কণ্টেইনাৰ জাহাজত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । কৰ্ণাটকৰ কাৰৱাৰ অঞ্চলৰ ওচৰত এই ঘটনাটো সংঘটিত হয় । এম ভি মাৰ্স্ক ফ্ৰাংকফুর্ট নামৰ এখন মালবাহী কণ্টেইনাৰ জাহাজত এই অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, এই অগ্নিকাণ্ডত এজন লোকৰ মৃত্যু হৈছে ।
2 জুলাইত মালয়েছিয়াৰ পৰা ৰাওনা হোৱা হৈছিল কাৰ্গোখন । আনহাতে, 21 জুলাইত শ্ৰীলংকাত উপস্থিত হোৱাৰ কথা আছিল । কিন্তু তাৰ মাজতে শনিবাৰে পুৱতি নিশা হঠাতে মালবাহী কণ্টেইনাৰ জাহাজখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আৰু এই অগ্নিকাণ্ডত বহু কণ্টেইনাৰ জুয়ে আগুৰি ধৰে ।
লগে লগে অগ্নিকাণ্ডৰ ঘটনাৰ তথ্য মুম্বাইৰ সামুদ্ৰিক উদ্ধাৰ সমন্বয় কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । কাৰেগোখনৰ পৰা লাভ কৰা বাৰ্তাৰ ভিত্তিত উপকূলৰক্ষী বাহিনীৰ ডাৰ্নিয়াৰ বিমান, চাচেত, সুজিত, সম্ৰাট নামৰ নাও আৰু এখন উন্নত লঘু হেলিকপ্টাৰেৰে অগ্নিনিৰ্বাপণ আৰু উদ্ধাৰ অভিযান চলোৱা হয় ।
আনহাতে, জাহাজ পৰিবহণ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি, বাতৰি যুগুতোৱাৰ সময়লৈকে জাহাজখনত জুই জ্বলি আছে । এই অগ্নিকাণ্ডৰ ফলত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে । নিহত ব্যক্তিজনক ফিলিপাইনছৰ বুলি চিনাক্ত কৰা হৈছে । জাহাজখনত ফিলিপাইনছ, মণ্টেনিগ্ৰি আৰু ইউক্ৰেইনৰ নাগৰিকসহ ২১ জন ক্ৰু সদস্য আছিল । জাহাজখন মুন্দ্ৰা বন্দৰৰ পৰা কলম্বোলৈ গৈ আছিল বুলি সূত্ৰত প্ৰকাশ ।
ইফালে উপকূলৰক্ষী বাহিনীৰ বিষয়াসকলে জনোৱা মতে, অগ্নিকাণ্ডটো এক শ্বৰ্ট চাৰ্কিটৰ কাৰণে হয় আৰু পৰৱৰ্তী সময়ত সমগ্ৰ জাহাজখনলৈ বিয়পি পৰে । আনহাতে, কৰ্মচাৰীসকলে অগ্নিনিৰ্বাপণ কৰিব নোৱৰাতহে উপকূলৰক্ষী বাহিনীক খবৰ দিয়া হয় বুলি জনায় ।
২০২৪ চনত কমিছন কৰা জাহাজখনে আন্তৰ্জাতিক সামুদ্ৰিক বিপজ্জনক সামগ্ৰী (আই এম ডি জি) কঢ়িয়াই আনিছিল বুলি জানিব পৰা গৈছে । আনহাতে, কাৰ্গোখনৰ সন্মুখৰ অংশত বিস্ফোৰণৰ শব্দ শুনা গৈছিল বুলিও জনোৱা হৈছে । ইফালে গোৱাৰ ওচৰৰ কাৰৱাৰত ঘাটি থকা ভাৰতীয় নৌসেনাই তেওঁলোকৰ জাহাজবোৰ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে ।
প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, জাহাজখনত থকা 160 টা কণ্টেইনাৰৰ 20 টাত জুই লাগে । মালবাহী জাহাজখন ভাৰতীয় উপকূলৰ পৰা প্ৰায় ৮০ নটিকেল মাইল দূৰৈত থকা বুলিও জাহাজ মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই কয় ।