নেশ্যনেল ডেস্ক, 11 ফেব্ৰুৱাৰী : দেশৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিচিত হিমাচল প্ৰদেশৰ কুল্লুত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ পেৰাগ্লাইডিঙৰ সময়ত এগৰাকী মহিলা পৰ্যটকৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ আহিছে ৷ কুল্লু জিলাৰ ডোভিৰ এটা পেৰাগ্লাইডিঙৰ স্থানত এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে ৷ পেৰাগ্লাইডাৰৰ পাইলটজনে পৰ্যটকজনক বেল্টডাল সঠিকভাৱে নিপিন্ধোৱাৰ বাবে মহিলা পৰ্যটকগৰাকী পেৰাগ্লাইডিং কৰাৰ সময়ত ওপৰৰ পৰা পৰি যোৱাৰ লগে লগে ঘটনাস্থলীতেই মৃত্যুবৰণ কৰে ।
এই ঘটনাৰ পিচতে দণ্ডাধীশে তদন্তৰ বাবে কঠোৰ নিৰ্দশনা দিয়া হৈছে । পৰৱৰ্তী নিৰ্দেশনা নোপোৱালৈকে এই স্থানত পেৰাগ্লাইডিং নিষিদ্ধ কৰা হৈছে । জিলা পৰ্যটন বিষয়া সুনয়না শৰ্মাই ঘটনা সন্দৰ্ভত কয় যে, পাইলটজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ তেওঁ ব্যৱহাৰ কৰা সঁজুলিবোৰো অনুমোদিত কৰা হৈছে ।
মৃত লোকজন হায়দৰাবদৰ 26 বছৰীয়া নব্যা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত পাইলটজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
কুল্লুৰ আৰক্ষী অধীক্ষক ড৹ গোকুল চন্দ্ৰন কাৰ্তিকেয়াই ঘটনাৰ সন্দৰ্ভত কয় যে, আৰক্ষীয়ে এই ঘটনাৰ সন্দৰ্ভত পদক্ষেপ আৰম্ভ কৰিছে ৷ যুৱতীগৰাকীৰ মৃতদেহটো ধলপুৰলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচত মৃতদেহটো পৰিয়ালক হস্তান্তৰ কৰা হৈছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ডোভি পেৰাগ্লাইডিং চাইটত এনে দুৰ্ঘটনা সংঘটিত হৈছে। স্থানীয় লোকৰ লগতে আৰক্ষী আৰু পৰ্যটন বিভাগক এই পেৰাগ্লাইডিং চাইট টহল দিবলৈ বাৰম্বাৰ দাবী জনাইছিল যদিও আৰক্ষী আৰু পৰ্যটন বিভাগে এই কথাক আওকাণ কৰা পৰিলক্ষিত হৈছে ৷ কিয়নো বহু সময়ত এই পেৰাগ্লাইডসমূহ অনুজ্ঞাপত্ৰ অবিহনে কৰা ঘটনাও পোহৰলৈ আহিছে ৷ যাৰ ফলত পৰ্যটকে দুৰ্ঘটনাত পতিত হোৱা আশংকা অধিক ৷
লগতে পঢ়ক: হালদৱানী হিংসা, প্ৰায় ৫০০০ লোকক গ্ৰেপ্তাৰ