ETV Bharat / bharat

শ্বহীদ কৃষকৰ চিতাভস্ম লৈ বিভিন্ন ৰাজ্যলৈ কৃষকৰ যাত্ৰা - Farmers protest

Farmers protest: কৃষক আন্দোলনৰ সময়ত যুৱ কৃষক শুভকৰণ সিঙৰ মৃত্যু হৈছিল । শুভকৰণৰ গাঁৱৰ পৰা চিতাভস্ম লৈ কৃষকসকলে যাত্ৰা আৰম্ভ কৰিব । ২২ মাৰ্চত হিছাৰত আৰু ৩১ মাৰ্চত আম্বালাৰ মোহৰা আনাজ মাণ্ডিত কৃষক সংগঠনসমূহে শ্বহীদ দিৱস পালন কৰিব ।

Farmers protest
শ্বহীদ কৃষকৰ চিতাভস্ম লৈ বিভিন্ন ৰাজ্যলৈ কৃষকৰ যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 12:18 PM IST

নেশ্যনেল ডেস্ক,১৫ মাৰ্চ : দিল্লী চলো পদযাত্ৰাৰ অংশ হিচাপে কৃষক সংগঠনসমূহে সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । তাৰ মাজতে শুকুৰবাৰে কৃষক নেতাসকলে শ্বহীদ কৃষক শুভকৰণৰ গাঁৱত উপস্থিত হ'ব আৰু কৃষক আন্দোলনৰ সময়ত মৃত্যুক আঁকোৱালি লোৱা কৃষকগৰাকীৰ চিতাভস্ম সংগ্ৰহ কৰিব ।

খানৌৰী সীমান্তত কৃষক আন্দোলনৰ সময়ত ২১ ফেব্ৰুৱাৰীত শ্বহীদ হোৱা যুৱ কৃষক শুভকৰণৰ চিতাভস্ম সংগ্ৰহ কৰিবলৈ ইউনাইটেড কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ-মজদুৰ মৰ্চাৰ কৃষক নেতাসকলে বাথিণ্ডাৰ বালো গাঁৱত উপস্থিত হ'ব বুলি জানিব পৰা গৈছে । ইয়াৰ পিচত কৃষকসকলে হাৰিয়ানা আৰু পাঞ্জাবকে ধৰি বিভিন্ন ৰাজ্যলৈ চিতাভস্ম লৈ কলহ যাত্ৰা কৰিব ।

কৃষক নেতাসকলে ইতিমধ্যে ঘোষণা কৰিছে যে বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে শ্বহীদ শুভকৰণ সিং আৰু কৃষক আন্দোলন-২ৰ অন্যান্য শ্বহীদসকলৰ নামত ফলক আৰু ক'লা পতাকা প্ৰদৰ্শন কৰিব । ইফালে ২২ মাৰ্চত হিছাৰত আৰু ৩১ মাৰ্চত আম্বালাৰ মোহৰা আনাজ মাণ্ডিত কৃষক সংগঠনসমূহে শ্বহীদ দিৱস পালন কৰিব ।

উল্লেখ্য যে ইউনাইটেড কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ-মাজদুৰ মৰ্চাৰ আহ্বানত কৃষক আন্দোলনৰ আজি ৩২ সংখ্যক দিন । হাজাৰ হাজাৰ কৃষকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদস্বৰূপে হাৰিয়ানা-পাঞ্জাবৰ শম্ভু-খানৌৰীৰ সীমান্তৱৰ্তী অঞ্চলবোৰত বাহৰ পাতি আছে । কৃষক নেতা চাৰৱান সিং পান্ধেৰে শ্বহীদ-ই-আজম চৰ্দাৰ ভগত সিঙৰ শ্বহীদ দিৱসত সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলক শম্ভু সীমান্তত উপস্থিত হ'বলৈ আহ্বান জনাইছে ।

কৃষক আন্দোলনত এতিয়ালৈকে ৯ গৰাকী লোকৰ মৃত্যু হৈছে । তেওঁলোকৰ ভিতৰত ৩ গৰাকী আৰক্ষীও অন্তৰ্ভুক্ত আছে । কৃষকসকলে কেইবাটাও দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে । এতিয়ালৈকে চৰকাৰৰ সৈতে ৪ টা পৰ্যায়ৰ আলোচনা বিফল হৈছে । কৃষকসকলে ঘোষণা কৰিছে যে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে ধৰ্মঘট অব্যাহত ৰাখিব ।

লগতে পঢ়ক :দিল্লীৰ সাপ্তাহিক বজাৰত অনিয়ন্ত্ৰিত বাহনে মহটিয়ালে কেইবাজনক: নিহত ১

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.