স্পৰ্টছ ডেস্ক,২৩ ফেব্ৰুৱাৰী : দিল্লী অভিমুখে যাত্ৰাৰ বাবে খানাউৰী সীমান্তত বাহৰ পাতি থকা কৃষক শুভকৰণ সিঙৰ মৃত্যুক লৈ কৃষক সংগঠনসমূহৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে । ইফালে পাঞ্জাব চৰকাৰে মৃত কৃষক শুভকৰণ সিঙৰ পৰিয়ালক ১ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে ।
ইয়াৰ উপৰিও পাঞ্জাব চৰকাৰে শুভকৰণ সিঙৰ ভগ্নীক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে । সমান্তৰালকৈ কৃষকজনৰ মৃত্যু সৈতে জড়িত লোকৰ বিৰুদ্ধে উপযুক্ত আইনী ব্যৱস্থা লোৱা হ'ব । পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এক্স (X)ৰ এটা পোষ্টত এই কথা ঘোষণা কৰিছে ।
হাৰিয়ানা আৰক্ষীয়ে জনোৱা মতে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ (এনএছএ) অধীনত আন্দোলনকাৰী কৃষকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নহয় । আম্বালা ৰেঞ্জৰ আইজি চিবাছ কবিৰাজে কয় যে কৃষকসকলৰ ওপৰত ৰাষ্ট্ৰীয় সুৰক্ষা আইন জাপি দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে ।
খানৌৰী সীমান্তত কৃষকৰ মৃত্যুৰ প্ৰতিবাদ স্বৰূপে শুকুৰবাৰৰ দিনটো কৃষকসকলে ক'লা দিৱস হিচাপে পালন কৰিব । কৃষক নেতা চাৰৱান সিং পান্ধেৰে কয়, ‘‘আজি কৃষকসকলে ক'লা দিৱস পালন কৰিব আৰু তেওঁলোকে বাহন আৰু ঘৰত ক'লা পতাকা উৰুৱাব’’ ।
হাৰিয়ানাৰ জিন্দ জিলাৰ খানৌৰী সীমান্তত কৃষক শুভকৰণ সিঙৰ মৃত্যুক লৈ কৃষক সংগঠনসমূহৰ মাজত যথেষ্ট ক্ষোভৰ সৃষ্টি হৈছে । ইয়াৰ প্ৰতিবাদত সমগ্ৰ দেশতে সংযুক্ত কিষাণ মৰ্চাই (এছকেএম) ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব । সংযুক্ত কিষাণ মৰ্চাৰ আহ্বানত সমগ্ৰ দেশৰ কৃষক সংগঠনসমূহে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী আৰু হাৰিয়ানাৰ গৃহ মন্ত্ৰীৰ পুত্তলিকা দাহ কৰিব । কৃষকসকলে দুপৰীয়া ১২ বজাত মোহালিৰ ডেৰাবাচীতো বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব ।
লগতে পঢ়ক:খানাউৰী সংঘৰ্ষত প্ৰতিবাদকাৰীৰ মৃত্যুৰ পিচতে দুদিনলৈ স্থগিত দিল্লী চলো কাৰ্যসূচী