ETV Bharat / bharat

দেশৰ সাধাৰণ নিৰ্বাচন: পৰম্পৰা আৰু বৰ্তমানৰ অৱস্থাৰ এক পৰ্যালোচনা

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 4:36 PM IST

Lok Sabha Election : সমাগত লোকসভা নিৰ্বাচন । দেশৰ সাধাৰণ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয়ে । ভাৰতৰ সংসদীয় গণতন্ত্ৰত এই নিৰ্বাচনৰ পৰম্পৰা আৰু বৰ্তমানৰ অৱস্থাৰ এক পৰ্যালোচনাৰে ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ বিশেষ প্ৰতিবেদন ।

দেশৰ সাধাৰণ নিৰ্বাচন; পৰম্পৰা আৰু বৰ্তমানৰ অৱস্থা

তেজপুৰ, ১৩ ফেব্ৰুৱাৰী : দেশৰ সংসদ দখলৰ ৰণৰ ৰণডংকা ইতিমধ্যে বাজি উঠিছে । মাজত মাত্ৰ প্ৰায় দুটা মাহ থকা অৱস্থাত দেশৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে দেশৰ সকলো ৰাজনৈতিক দল । আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ । বিশ্বৰ ভিতৰতে সংসদীয় গণতান্ত্ৰিক পদ্ধতিত বিৰল ভাৰতৰ নিৰ্বাচন । প্ৰতি ৫ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই নিৰ্বাচনক লৈ বৰ্তমান ব্যস্ত শাসক-বিৰোধী দলৰ নেতা-কৰ্মীসকল । কিছুদিনৰ ভিতৰতে নিৰ্বাচন আয়োগে ঘোষণা কৰিব দেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ।

কিন্তু কি এই নিৰ্বাচন পদ্ধতি ? দেশৰ নিৰ্বাচন পদ্ধতি পূৰ্বতে কেনে আছিল ?

জানিবলগীয়া কথাটো হৈছে যে নিৰ্বাচন আয়োগ হৈছে ভাৰতৰ ফেডাৰেল সংস্থা, যিটো সংবিধানৰ বিধান অনুসৰি প্ৰণয়ন কৰা হয় । ভাৰতৰ সকলো নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰীক্ষণ আৰু প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰে নিৰ্বাচন আয়োগে । এই সংস্থাটোৱে কোনো পক্ষপাতিত্ব নোহোৱাকৈ মুক্ত আৰু ন্যায্য নিৰ্বাচন হোৱাটো নিশ্চিত কৰাৰ দায়িত্বও লয় । নিৰ্বাচনে সদস্যসকলৰ নিৰ্বাচনৰ পূৰ্বে, নিৰ্বাচনৰ সময়ত আৰু নিৰ্বাচনৰ পিছৰ পৰিচালনা বিধিগত আইন অনুসৰি হোৱাটো নিশ্চিত কৰে । নিৰ্বাচন সম্পৰ্কীয় সকলো বিবাদ নিৰ্বাচন আয়োগে চম্ভালে ।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিছে যে য'ত প্ৰণয়ন কৰা আইনসমূহে নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত কোনো নিৰ্দিষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নিমাত বা অপৰ্যাপ্ত ব্যৱস্থা কৰে, তেনেক্ষেত্ৰত নিৰ্বাচন আয়োগৰ সংবিধানৰ অধীনত উপযুক্তভাৱে কাম কৰাৰ অৱশিষ্ট ক্ষমতা আছে । বৰ্তমান ২০২৪ চনৰ সংসদীয় নিৰ্বাচন তথা সাধাৰণ নিৰ্বাচন (লোকসভা) সমাগত । এই নিৰ্বাচনত লোকসভাৰ (হাউছ অব দ্য পিপ'ল) বা ভাৰতৰ সংসদৰ নিম্ন সদনৰ সদস্যসকলক ভাৰতৰ সকলো প্ৰাপ্তবয়স্ক নাগৰিক, যিসকলে ১৮ বছৰ অতিক্ৰম কৰিছে, তেওঁলোকে ভোটদান কৰি নিজ নিজ সমষ্টিত থিয় দিয়া প্ৰাৰ্থীৰ পৰা উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন কৰে ।

ভাৰতৰ প্ৰতিগৰাকী প্ৰাপ্তবয়স্ক নাগৰিকে কেৱল নিজৰ সমষ্টিতহে ভোটদান কৰিব পাৰে । লোকসভা নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীক 'সংসদৰ সদস্য' বুলি কোৱা হয় আৰু মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে সংসদ ভংগ ঘোষণা নকৰালৈকে নিজৰ আসনত অধিষ্ঠিত থাকে । সাধাৰণ নিয়মমতে, প্ৰতি ৫ বছৰত এবাৰ নিৰ্বাচন অনুষ্ঠিত কৰি লোকসভাৰ (নিম্ন সদন) বাবে ৫৪৩ গৰাকী সদস্য নিৰ্বাচন কৰা হয় । নিৰ্বাচন আয়োগ ভাৰতৰ স্বতন্ত্ৰ নিৰ্বাচন আয়োগ, ই দেশৰ সংবিধানৰ এক উপহাৰ । মুক্ত, ন্যায্য আৰু বিশ্বাসযোগ্য নিৰ্বাচন ভাৰতায় নিৰ্বাচন আয়োগৰ দ্বাৰা পৰিচালিত হয় । সেইবাবেই আয়োগে সম্পূৰ্ণ নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰে ।

নিৰ্বাচনত অপৰাধ প্ৰৱণতা : নিৰ্বাচনত ৰাজনৈতিক দলসমূহৰ নৈতিকতা অতি জৰুৰী । প্ৰতিটো ৰাজনৈতিক দলৰ নিষ্ঠা নিৰ্বাচনত প্ৰয়োগ হোৱাটো অতি প্ৰয়োজনীয় কথা । কাৰণ ৰাজনৈতিক দলসমূহে এক সুস্থ নিৰ্বাচন অনুষ্ঠিত কৰাত সহায় কৰে । উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে ৰাজনৈতিক দলৰ নেতাসকলৰ অপৰাধত জড়িত থকাটো পোহৰলৈ আনে নিৰ্বাচনৰ সময়ত দাখিল কৰা শপতনামাৰ জৰিয়তে । শপতনামাত এই বিষয়ে উল্লেখ থাকিব লাগে যদিও দেশৰ নিৰ্বাচনত বহু সময়ত বহু বহুবলী ৰাজনৈতিক নেতাৰ অপৰাধৰ ছবি পলমকৈ হ'লেও পোহৰলৈ অহাৰ উদাহৰণ আছে । পূৰ্বৰ তুলনাত নিৰ্বাচন ব্যৱস্থা শেহতীয়াকৈ বৰ জটিল হোৱা দেখা পোৱা গৈছে । এই ক্ষেত্ৰত নিৰ্বাচন আয়োগ সদায় সতৰ্ক হোৱাৰ প্ৰয়োজন, যাতে এক মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় । যদি এইটো সম্ভৱ হৈ নুঠে তেতিয়াহ'লে সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াটো অকামিলা হৈ পৰিব ।

একক দলৰ ধাৰা (Trend of Single party) : বৰ্তমান সময়ত দেশৰ ৰাজনৈতিক ক্ষেত্ৰত একক দলৰ ধাৰা অব্যাহত হ'বলৈ ধৰিছে । সকলো ৰাজনৈতিক দলে মাত্ৰ এটা দললৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত উল্লেখ কৰিব লাগিব ভাৰতীয় জনতা পাৰ্টীৰ কথা । কাৰণ অন্য দলসমূহৰ পৰা সৰহসংখ্যক লোকৰ ভাৰতীয় জনতা পাৰ্টীললৈ ধাৱমান হোৱা পৰিলক্ষিত হৈছে । ৰাজনৈতিক দলৰ বাবে ই এক সুবিধাজনক লাভালাভৰ বিষয় । আনহাতে, একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে এই ব্যৱস্থা গণতন্ত্ৰৰ বাবে অতিকৈ বিপজ্জনকো ।

ইভিএমৰ ব্যৱস্থা : ভাৰতত ইভিএম প্ৰথমবাৰৰ বাবে ১৯৯৭ চনৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হয় আৰু ২০০৪ চনৰ পৰা ভোটদানৰ একমাত্ৰ পদ্ধতি হৈ পৰে । চৰকাৰী তথ্য মতে, ইভিএমসমূহে ফলাফলৰ ঘোষণাৰ সময় ৰাহি কৰে । পূৰ্বতে দেশত বেলট কাকতৰ জৰিয়তে ভোটদান কৰা হৈছিল, যিটো বৰ্তমান সময়ত পশ্চিমীয়া দেশসমূহত প্ৰায় বন্ধ হ'বলৈ ধৰিছে । প্রথমে পশ্চিমীয়া দেশসমূহত এই ইভিএমৰ জৰিয়তে ভোট গ্ৰহণ আৰু গণনা চলিছিল । কিন্তু বৰ্তমান এই পদ্ধতি অৱলম্বন কৰিবলৈ অমান্তি হয় । আনহাতে, বহু সমালোচকে আকৌ ক'ব বিচাৰে যে বেলট কাকতৰ জৰিয়তে ভোট গ্ৰহণহে শুদ্ধ প্ৰক্ৰিয়া ।

বৰ্তমান ভাৰতৰ নিৰ্বাচনত সংযোজন হোৱা আন এক অন্যতম প্ৰক্ৰিয়া হৈছে ভোটাৰ-ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল বা VVPAT । ২০১৪ চনৰ ১৪ আগষ্টত নাগালেণ্ডত ভোটাৰ-ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল প্ৰৱৰ্তন কৰা হয় । সেই একে বর্ষতে ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ৮টা সমষ্টিত (লক্ষ্ণৌ, গান্ধীনগৰ, বেংগালুৰু দক্ষিণ, চেন্নাই মধ্য, যাদৱপুৰ, ৰায়পুৰ, পাটনা চাহিব আৰু মিজোৰাম) ভিভিপেট এক পাইলট প্ৰকল্প হিচাপে কাৰ্যকৰী হৈছিল । ভিভিপেটে সৃষ্টি কৰা শ্লিপত এগৰাকী ভোটাৰক তেওঁলোকৰ ভোট কোনটো দল বা প্ৰাৰ্থীক দিয়া হৈছে, তেওঁলোকৰ নাম, তেওঁলোকৰ সমষ্টি আৰু তেওঁলোকৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়ে কোৱা হয় ।

নোটা (NOTA) : আনহাতে, ২০১৩ চনৰ ২৭ ছেপ্টেম্বৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে নাগৰিকসকলে প্ৰাৰ্থীসকলৰ 'উপৰিউক্ত কোনোটোৱেই নহয়' অৰ্থাৎ ভোটিং মেচিনত নিৰ্বাচিত (NOTA) বিকল্প ব্যৱহাৰ কৰি নেতিবাচক ভোট দিয়াৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে । ২০০৯ চনত নিৰ্বাচন আয়োগ আৰু পিপ'লছ ইউনিয়ন ফৰ চিভিল লিবাৰ্টিছৰ আবেদনৰ ফলত ২০১৩ চনৰ নৱেম্বৰ মাহত পাঁচখন ৰাজ্যৰ নিৰ্বাচনত নোটা প্ৰৱৰ্তন কৰা হয় ।

যদি সংখ্যাগৰিষ্ঠ ভোট নোটাৰ পক্ষত হয়, তেন্তে অঞ্চলটো ৰাষ্ট্ৰপতিৰ শাসনৰ অধীনলৈ আহে আৰু ৰাষ্ট্ৰীয় ভূখণ্ডৰ আইনেৰে মানি লোৱা হয় । এতিয়া কথা হ'ল, এই সকলোবোৰ বিষয়ৰ উপৰি নিৰ্বাচন আয়োগে নিৰ্বাচনত জয়ী হৈ এখন সুস্থ চৰকাৰ গঠন নকৰালৈকে দেশত নিৰ্বাচনৰ আইন বলৱৎ হৈ থাকে ।

লগতে পঢ়ক :গেৰুৱা বসন পিন্ধিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক চৱনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.