নেশ্যনেল ডেস্ক, ১০ মাৰ্চ : আৰজেডিৰ নেতা সুভাষ যাদৱক শনিবাৰে নিশা ইডিয়ে গ্ৰেপ্তাৰ কৰে । দিনজোৰা অভিযানৰ অন্তত ইডিয়ে নেতাজনক গ্ৰেপ্তাৰ কৰে । ইফালে স্থানীয় আদালতত হাজিৰ কৰোৱাৰ পিচত আদালতে নেতাজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
জানিব পৰা মতে শনিবাৰে ইডিয়ে সুভাষ যাদৱৰ সৈতে জড়িত কেইবাটাও স্থানত অভিযান চলাইছিল । অভিযানৰ সময়ত পাটনাৰ দানাপুৰৰ তেওঁৰ বাসগৃহৰ পৰা ইডিয়ে ২ কোটি টকা জব্দ কৰে । ইয়াৰ লগতে, বৃহৎ সম্পত্তি সম্পৰ্কীয় নথিপত্ৰও উদ্ধাৰ কৰে ইডিৰ দলটোৱে ।
কিন্তু আৰজেডিৰ নেতা সুভাষ যাদৱক কিয় গ্ৰেপ্তাৰ কৰিলে ইডিয়ে । সূত্ৰৰ মতে যাদৱ ব্ৰডচন্স লিমিটেড কোম্পানীৰ এগৰাকী পৰিচালক । এই কোম্পানীটোৱে ২৫০ কোটি টকাৰ খেলিমেলি কৰাৰ অভিযোগ আছে । এই সন্দৰ্ভত দানাপুৰৰ নাৰিকল ঘাট, নাছৰীগঞ্জ, শ্বাহপুৰ, যদুবংশী নগৰ, মানেৰৰ হালধি ছপ্ৰা আৰু পাটনাৰ গোলা ৰোড আৰু বোৰিং কেনেল ৰোডত থকা তেওঁৰ কেইবাটাও কাৰ্যালয়ত শনিবাৰে পুৱাৰে পৰা অভিযান চলোৱা হৈছিল । ইয়াৰ পূৰ্বেও তদন্তকাৰী সংস্থাটোৱে তেওঁৰ বিৰুদ্ধে অভিযান চলাইছিল ।
ইফালে সুভাষ যাদৱক আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয় । তেওঁ ২০১৯ চনত ঝাৰখণ্ডৰ চাত্ৰাৰ পৰা ৰাষ্ট্ৰীয় জনতা দলৰ পৰা টিকট লাভ কৰিছিল আৰু লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল । অৱশ্যে, তেওঁ বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ'ব লগা হৈছিল ।
আৰজেডি নেতাগৰাকীৰ গ্ৰেপ্তাৰৰ লগে লগে ৰাজনৈতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আৰজেডিৰ নেতাসকলেও ইয়াক ৰাজনৈতিক অভিসন্ধি বুলি সমালোচনা কৰিছে ।
লগতে পঢ়ক :কোনে ষড়যন্ত্ৰ কৰিছে অমৃতপাল সিঙৰ বিৰুদ্ধে ? ক’লে পিতৃয়ে